ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

এটা আমদানি বিকল্প নীতিৰ কথা চিন্তা চৰ্চা কৰি থকা হৈছে। - নীতিন গাডকাৰী

মনোৰঞ্জন উদ্যোগটোৰ অসংগঠিত খণ্ডৰ এক ব্যাপক সংঘবদ্ধকৰণৰ ওপৰত গুৰুত্ব আৰোপ শ্ৰী গাডকাৰীৰ

Posted On: 05 MAY 2020 5:42PM by PIB Guwahati

এমএছএমই আৰু পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে আজি কয় যে ক’ভিড-১৯ ৰ ফলত দেশত সৃষ্টি হোৱা অৰ্থনৈতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমদানি বিকল্পৰ এক নীতি নিৰ্ধাৰণ কৰাৰ কথা চিন্তা-চৰ্চা কৰি থকা হৈছে। উদ্ভাৱনীয়তা আৰু ব্যয় কৰ্তন কৰি জ্ঞানক সম্পত্তিলৈ ৰূপান্তৰিত কৰাৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলাপ-আলোচনা কৰিছে মন্ত্ৰী শ্ৰী গাডকাৰীয়ে। এইক্ষেত্ৰত তেওঁ নাগপুৰৰ এটা এমএছএমই অ’ৰেঞ্জ ক্লাষ্টাৰে পেলনীয়া সামগ্ৰীৰে পিপিই কিট প্ৰস্তুত কৰি উলিওৱাৰ কথাও দোহাৰে। এই পিপিই কিটসমূহৰ মূল্য ৫৫০ টকাৰ পৰা ৬৫০ টকা, তাৰ বিপৰীতে সমগ্ৰ দেশেই বিশেষভাৱে আন দেশৰ ওপৰত নিৰ্ভৰশীল হৈ আমদানি কৰা পিপিই কিটৰ মূল্য ১২০০ টকা। উল্লেখ্য যে এই ক্লাষ্টাৰটোৱে আনকি বৃহৎ সংখ্যক পিপিই কিট যোগান ধৰাৰ বাবেও সাজু আছে।

শ্ৰী গাডকাৰীয়ে ষ্টাৰ্ট-আপ ইকো-ছিষ্টেম তথা এমএছএমই তথা কাৰিকৰী সেৱা প্ৰদানকাৰীসকল আৰু মনোৰঞ্জন উদ্যোগটোৰ সৈতে জড়িত শিল্পীসকলৰ ওপৰত ক’ভিড-১৯ ৰ প্ৰভাৱ সন্দৰ্ভত ভাৰতীয় মহিলা উদ্যোগী সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সিংৰ মাধ্যেমেৰে বাৰ্তালাপো কৰিছে। এই বৈঠকত বিশিষ্ট কন্ঠশিল্পী ছনু নিগম, নীতিন মুকেশ, তালাত আজিজ আদিয়েও অংশগ্ৰহণ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে জোৰ দি কয় যে ৰপ্তানি বৃদ্ধি কৰিবৰ বাবে আমি বিশেষভাৱে গুৰুত্ব প্ৰদান কৰাটো আজিৰ তাৰিখত অতিকৈ প্ৰয়োজদনীয় হৈ পৰিছে। বিজুলীৰ খৰচ, লজিষ্টিকৰ ব্যয় তথা উৎপাদন ব্যয় হ্ৰাস কৰিবৰ বাবে আৱশ্যকীয় ব্যৱস্থাবোৰ গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে, যাৰ জৰিয়তে বৈশ্বিক বজাৰত প্ৰতিযোগিতামূলক এক বাতাবৰণ সৃষ্টি কৰিব পৰা যায় আৰু এক শক্তিশালী প্ৰতিদ্বন্দী হিচাপে থিয় হৈ থাকিব পৰা যায়। ইয়াৰ উপৰিও তেওঁ উল্লেখ কৰিছে যে ঘৰুৱা উৎপাদনৰ দ্বাৰা বিদেশী আমদানি ব্যৱস্থা প্ৰতিষ্ঠাপিত কৰিবৰ বাবে আমদানি প্ৰতিষ্ঠাপনৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰো প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে উদ্যোগৰ নৱ উন্মেষ, উদ্যোগশীলতা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, অনুসন্ধান কৌশল তথা অনুভৱৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে, যাৰ জৰিয়তে জ্ঞান-বুদ্ধিক সম্পদলৈ পৰিৱৰ্তিত কৰিব পৰা যায়।

শ্ৰী গাডকাৰীয়ে লগতে মনোৰঞ্জন উদ্যোগটোক এক ব্যাপক সংগঠিত ৰূপ প্ৰদান কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ পৰামৰ্শ দিয়ে যে এই উদ্যোগটোৱে এমএছএমই হিচাপে পঞ্জীয়ণ কৰি সংশ্লিষ্ট মন্ত্ৰালয়ৰ বিভিন্ন আঁচনিৰ সুবিধা লাভ কৰিব পাৰে।

তেওঁ লগতে উল্লেখ কৰে যে এই সংকটৰ সময়খিনি অতিক্ৰম কৰাৰ ক্ষেত্ৰত সকলো হিতাধিকাৰীৰে জীৱিকা সুনিশ্চিত কৰি এক পূৰ্ণাঙ্গ ব্যৱস্থা উপস্থাপন কৰা উচিত। মন্ত্ৰীগৰাকীয়ে জাপান চৰকাৰে আগবঢ়োৱা বিশেষ পেকেজৰ বিষয়েও উল্লেখ কৰি চীন আৰু বিশ্বৰ বিভিন্ন স্থানৰ পৰা অহা বিনিয়োগৰ সম্ভাৱনীয়তাৰ বিষয়েও উল্লেখ কৰে। ভাৰতৰ বাবে এই সময় সঠিক সিদ্ধান্ত গ্ৰহণ কৰি সুযোগ লোৱাৰ উপযুক্ত সময় বুলিও দোহাৰে মন্ত্ৰীগৰাকীয়ে।

বৈঠকত অংশগ্ৰহণকাৰীসকলে বিভিন্ন খণ্ডৰ এমএছএমইসমূহে সমূখীন হোৱা বিভিন্ন প্ৰত্যাহ্বানৰ বিষয়ে মন্ত্ৰীক অৱগত কৰে আৰু চৰকাৰৰ পৰা এইক্ষেত্ৰত যথাসম্ভৱ সহায় আৰু পৰামৰ্শ বিচাৰে। এইক্ষেত্ৰত তলত দিয়াধৰণৰ পৰামৰ্শ আগবঢ়োৱা হৈছে, যেনে এছএমইসমূহলৈ প্ৰযুক্তি স্থানান্তৰ কৰাৰ বাবে কোনো অনুজ্ঞা মাচুলৰ প্ৰয়োজন নহ’ব, জনজাতীয় এলেকাসমূহৰ বাবে জীৱিকাৰ উত্তৰণৰ বাবে আঁচনি বিতৰণ, যোগান শৃংখলা ব্যৱস্থাপনাৰ ক্ষেত্ৰত ফাৰ্মা খণ্ডটোলৈ সহায়ৰ হাত আগবঢ়োৱা, ৰিজাৰ্ভ বেংকে আগবঢ়োৱা ‘মৰেটৰিয়াম’ সুবিধা আগলৈও আগবঢ়োৱা, হ্ৰস্বম্যাদী ঋণ, জিএছটি সৰলীকৰণ আদি।

গাডকাৰীয়ে বিভিন্ন প্ৰতিনিধিৰ প্ৰশ্নৰ উত্তৰ দিয়ে আৰু চৰকাৰৰ পৰা যাৱতীয় সহায় আগবঢ়োৱাৰো আশ্বাস দিয়ে।

*****

RCJ/SKP/IA/RD



(Release ID: 1621572) Visitor Counter : 164