স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘ফিচাৰ ফোন’ বা ‘লেণ্ডলাইন’ ফোন থকাসকলক সুৰক্ষা প্ৰদান কৰিব পৰাকৈ ‘আৰোগ্য সেঁতু আইভিআৰএছ’ সেৱা মুকলি

Posted On: 06 MAY 2020 4:13PM by PIB Guwahati

ভিড-১৯ৰ সংক্ৰমণ তথা আক্ৰান্তসকলক আৰোগ্য কৰাৰ বাবে ভাৰত চৰকাৰে বহুবোৰ প্ৰতিৰোধ তথা প্ৰতিৰক্ষামূলক পদক্ষেপ গ্ৰহণ কৰি দেশৰ প্ৰতিখন ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলৰ চৰকাৰসমূহৰ সহযোগত তত্কালীনভাবে ৰূপায়ণৰ ব্যৱস্থা কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰূপায়ণ কৰা এনে এক ব্যৱস্থা হৈছে আৰোগ্য সেঁতু এপৰ সেৱা।

মোবাইল ফোনৰ বাবে উপযোগীকৈ প্ৰস্তুত কৰা এই আৰোগ্য সেঁতু এপটো বিকশিত কৰিছিল ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে। এই এপৰ জৰিয়তে কৰোনাভাইৰাছৰ সংক্ৰমণৰে আক্ৰন্ত হোৱাৰ কিমান আশংকা আছে সেই কথাৰ সমীক্ষা কৰিব পৰা যায়। ব্লু টুথ; প্ৰযুক্তি, এলগাৰিথিম আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সহায়ত তথা ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপৰ জৰিয়তে লাভ কৰা কেতবোৰ তথ্যৰ সমীক্ষা কৰি এজন ব্যক্তি কৰোনাৰ দ্বাৰা আক্ৰান্ত হব পাৰে নে নাই তাৰ সম্ভেদ লব পৰা যায়। সেয়ে, দেশৰ প্ৰতিগৰাকী নাগৰিককে তেওঁলোকৰ মোবাইলত এই এপ ডাউনলোড কৰিবলৈ আহ্বান জনোৱা হৈছে। এই এপ সংলগ্ন মোবাইলৰ জৰিয়তে তেওঁ কোনো কভিড-১৯ৰ দ্বাৰা আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছে নেকি অথবা তেওঁৰ ওচৰে-পাজৰে তেনে ব্যক্তিৰ উপস্থিতি ধৰা পৰিছেনেকি এনে ধৰণৰ তথ্য স্বয়ংকিয়ভাবে উপলব্ধ কৰিব পৰা যাব।

আৰোগ্য সেঁতু এপ ডাউনলোড কৰা সকলক এলানি প্ৰশ্ন সোধা হয়। যদি এনে প্ৰশ্নৰ উত্তৰ দিওতে কোনো ব্যক্তিৰ দেহত কভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লক্ষণ পোৱা যায়, তেন্তে সেই তথ্য চৰকাৰী ছাৰ্ভাৰলৈ প্ৰেৰণ কৰা হব। এই তথ্যই চৰকাৰক কভিড-১৯আক্ৰান্তৰ সম্ভেদ দিয়াৰ লগতে সংশ্লিষ্ট ব্যক্তিসকলৰ ক্ষেত্ৰত গ্ৰহণ কৰিবলগীয়া যাৱতীয় বিধি-ব্যৱস্থা লোৱাৰ সুবিধা আগবঢ়াব। এনৰয়দ ফোনৰ বাবে গুগুল প্লে আৰু আইফোনৰ বাবে এইঅএছ-ৰ পৰা আৰোগ্য সেঁতু এপ ডাউনলোড কৰাৰ সুবিধা আগবঢ়োৱা হৈছে। ১০টা ভাৰতীয় ভাষা আৰু ইংৰাজীত এই এপৰ সেৱা উপলব্ধ হব।

শেহতীয়া ভাবে ‘ফিচাৰ ফোন’ বা ‘লেণ্ডলাইন’ ফোন থকাসকলকো এই সেৱাৰ দ্বাৰা সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ‘আৰোগ্য সেঁতু আইভিআৰএছ’ সেৱা মুকলি কৰা হৈছে। সমগ্ৰ দেশতে এই সেৱা উপলব্ধ কৰা হৈছে। মাচুল-বিহীন ভাবে উপলব্ধ হ’ব লগা এই সেৱাৰ বাবে ব্যক্তিসকলে 1921নম্বৰলৈ ‘মিছ-কল’ দিলেই তেওঁলোকৰ প্ৰতি সঁহাৰি জনোৱা হ’ব।

১১টা আঞ্চলিক ভাষাত এই সেৱা উপলব্ধ হ’ব। মোবাইল ফোনৰ আৰ্হিতে এই ফোনতো একে ধৰণৰ ব্যৱস্থা সংযোজিত হৈছে। এই সংক্ৰান্তীয় সবিশেষ তথ্যৰ বাবে: https://www.mohfw.gov.in/ সংলগ্ন হ’ব পাৰিব।

কাৰিকৰী প্ৰশ্নৰ বাবে ‘ই মেইল’ কৰিব পাৰিব technicalquery.covid19[at]gov[dot]in on ncov2019[at]gov[dot]in লৈ আৰু @CovidIndiaSeva লৈ টুইট কৰিব পাৰিব।

ভিড-১৯ সম্পৰ্কীয় তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে :

+91-11-23978046 or 1075 (Toll-free). আৰু https://www.mohfw.gov.in/pdf/coronvavirushelplinenumber.pdf .

*****

MV/KB



(Release ID: 1621490) Visitor Counter : 304