অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

ক’ভিড-১৯ লকডাউনৰ সময়ছোৱাত লাইফলাইন উড়ানৰ অধীনত ৪৫২খন বিমানেৰে পৰিবহণ কৰা হৈছে

Posted On: 05 MAY 2020 7:12PM by PIB Guwahati

লাইফলাইন উড়ানৰ অধীনত বৰ্তমানলৈকে এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত খণ্ডৰ ৪৫২খন বিমান চলাচল কৰা হৈছে৷ ইয়াৰে ভিতৰত ২৭২খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে চলাচল কৰিছে৷ বৰ্তমানলৈকে বিমানযোগে ৮২৪.৪৪টন সামগ্ৰী পৰিবহণ কৰা হৈছে৷ ইতিমধ্যে লাইফলাইন উড়ানৰ অধীনৰ বিমানে ৪,৪১,৫৬৪ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিছে৷ ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সমৰ্থন জনাই অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ৰ অধীনত দেশৰ দুৰ্গম অঞ্চললৈ অত্যাৱশ্যকীয় চিকিসা সামগ্ৰী পৰিবহণ কৰি আহিছে৷

পৱস হংস লিমিটেডে জম্মু আৰু কাশ্মীৰ, লাডাখ, দ্বীপপুঞ্জৰ লগতে উত্তৰ-পূ্ৰ্বাঞ্চলত হেলিকপ্তাৰ সেৱাৰে গুৰুত্বপূৰ্ণ চিকিসা সামগ্ৰীৰ লগতে ৰোগী অনা-নিয়া কৰি আহিছে৷ ৪ মে’ লৈকে পৱন হংস হেলিকপ্তাৰে ৭,৭২৯ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি ২.২৭ টন সামগ্ৰী পৰিবহণ কৰিছে৷

এই ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল, দ্বীপপুঞ্জ আৰু পাহাৰীয়া ৰাজ্যসমূহক বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই এই উত্তৰ-পূ্ৰ্বাঞ্চল, জম্মু আৰু কাশ্মীৰ, লাডাখ আৰু দ্বীপপুঞ্জসমূহক বিশেষ প্ৰাধান্য দিছে৷

ঘুৰুৱা কাৰ্গ’ অপাৰেটৰ স্পাইচজেট, ব্লু ডাৰ্ট, আৰু ইণ্ডিগ’ই বাণিজ্যিক ভিত্তিত কাৰ্গ’ বিমান চলাচল কৰিছে৷ ২৪ মাৰ্চৰ পৰা ৪ মে’ লৈ স্পাইচজেটে ৭৯৬খন কাৰ্গ’ বিমান চলাচল কৰি ইতিমধ্যে ১৩,৬১,১৪১ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৫,৮১৭ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইয়াৰে ভিতৰত ২৯০ আন্তঃৰাষ্ট্ৰীয় কাৰ্গ’ বিমানো আছে৷ একেদৰে, ব্লু ডাৰ্টে ২৫ মাৰ্চৰ পৰা ৪মে’লৈ দেশৰ ভিতৰতে ২৬৬ বিমান চলাচল কৰি ২,৯৪,৯২৮ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰি মুঠ ৪,৫২২ টন সামগ্ৰী সৰবৰাহ কৰিছে৷ ইফালে, ইণ্ডিগ’ই ৩ এপ্ৰিলৰ পৰা ৪ মে’লৈ ৩৪বাৰ বিদেশলৈ যোৱাকে ধৰি মুঠ ৯০খন কাৰ্গ’ বিমান চলাচল কৰি ১,৫০,৮০৩ কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰাৰ লগতে ৪৪৪টন সামগ্ৰী সৰবৰাহ কৰিছে৷ এইবোৰৰ ভিতৰত চৰকাৰৰ বাবে চিকিসা সামগ্ৰী বিনামুলীয়াকৈ পৰিবহণ কৰিছে বিমান কোম্পানীসমূহে৷ ভিষ্টাৰাই ১৯ৰ পৰা ৪ মে’লৈ ২২খন কাৰ্গ বিমান চলাচল কৰি ৩০,৬১৪ কিলোমিটাৰ অতিক্ৰমেৰে ১৪৪টন সামগ্ৰী সৰবৰাহ কৰিছে৷

পূব এছিয়ালৈ ঔষধ-পাতি, চিকিসা সামগ্ৰী আৰু ক’ভিড-১৯ সাহায্য সামগ্ৰী পৰিবহণেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক কাৰ্গ’ এয়াৰ-ব্ৰিজ স্থাপন কৰা হৈছে৷ ৪ মে’লৈকে এয়াৰ ইণ্ডিয়াই ৯৫৬টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

তদুপৰি, ব্লু ডাৰ্টে ১৪ৰ পৰা ৪ মে’লৈকে গুৱাংঝু আৰু ছাংহাইৰ পৰা ১১৪টন আৰু হংকঙৰ পৰা ২৪টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷ ইফালে, স্পাইচজেটে ৪ মে’ লৈকে ছাংহাই আৰু গুৱাংঝুৰ পৰা ২০৪টন আৰু হংকং আৰু ছিংগাপুৰৰ পৰা ১৬টন চিকিসা সামগ্ৰী পৰিবহণ কৰিছে৷

***

RJ/NG/DB


(Release ID: 1621425) Visitor Counter : 152