প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নাম কণ্টেক্ট গ্ৰুপৰ অনলাইন সন্মিলনত অংশগ্ৰহণ প্ৰধানমমন্ত্ৰীৰ

Posted On: 04 MAY 2020 9:57PM by PIB Guwahati

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চলিত ক’ভিড-১৯ মহামাৰী সংকট মোকাবিলা কৰাৰ সন্দৰ্ভত আলোচনা কৰাৰ বাবে ৪ মে’, ২০২০ৰ সন্ধিয়া অনুষ্ঠিত গোষ্ঠী নিৰপেক্ষ আন্দোলন (নাম)ৰ কণ্টেক্ট গ্ৰুপৰ অনলাইন সন্মিলনত অংশগ্ৰহণ কৰে৷

‘ক’ভিড-১৯ৰ বিৰুদ্ধে ঐক্যবদ্ধতা’ শীৰ্ষক বিষয়বস্তুৰে অনুষ্ঠিত নাম কণ্টেক্ট গ্ৰুপৰ অনলাইন সন্মিলনত অধ্যক্ষতা কৰে বৰ্তমানৰ অধ্যক্ষ তথা আজাৰবাইজেনৰ ৰাষ্ট্ৰপতি ইলহাম আলিয়েভে৷

তেওঁৰ নেতৃত্বত এই সন্মিলনত ক’ভিড-১৯ মহামাৰীৰ মোকাবিলা কৰাত আন্তঃৰাষ্ট্ৰীয় সংহতিক তুলি ধৰা হৈছে৷ বিভিন্ন ৰাষ্ট্ৰ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহে কিদৰে এই পৰিস্থিতিৰ মুখামুখি হৈছে সেই বিষয়ে বৈঠকত আলোচনা হয়৷ সন্মিলনৰ দিনটো আকৌশান্তিৰ বাবে আন্তঃৰাষ্ট্ৰীয় বহুস্তৰীয় তথা কূটনৈতিক দিৱসহিচাপে পালন কৰা হৈছে৷

 

এই সন্মিলনত প্ৰধানমন্ত্রী মোদীৰ অংশগ্ৰহণে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নীতিসমূহৰ প্ৰতি সুদীর্ঘ দিন ধৰি ভাৰতৰ প্ৰতিশ্ৰুতি পুনৰবাৰ প্ৰতিফলিত হৈছে৷ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল ভাৰত৷ প্ৰধানমন্ত্রীয়ে তেওঁৰ ভাষণত কয় যে বিশ্বজোৰা সংকটৰ এই সময়ছোৱাত সমন্বিত, ঐক্যবদ্ধ আৰু সমঅংশীদাৰিত্বৰ প্ৰয়োজনীয়তা আছে৷ প্ৰধানমন্ত্রীয়ে ভাষণত ভাৰতে দেশৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যিবোৰ পদক্ষেপ হাতত লৈছে সেই বিষয়ে উল্লেখ কৰে৷ যিমান সম্ভৱ এই আন্দোলনৰ প্ৰতি ভাৰতে সহমৰ্মিতা প্ৰকাশ কৰিব বুলিও তেওঁ অৱগত কৰে৷ প্ৰধানমন্ত্রীয়ে এই ভাইৰাছৰ বিৰুদ্ধে সমগ্ৰ বিশ্বই ঐক্যবদ্ধভাৱে মোকাবিলা কৰাৰ লগতে সন্ত্রাসবাদ আৰু ভুৱা খবৰৰ বিৰুদ্ধে যুঁজতো জোৰ দিয়ে৷

এই সন্মিলনত ৩০খন দেশৰ চৰকাৰৰ মুৰব্বী তথা ৰাষ্ট্ৰপতিৰ উপৰি এছিয়া, আফ্রিকা, লেটিন আমেৰিকা, কেৰিবিয়ান দ্বীপপুঞ্জ আৰু ইউৰোপৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ অধ্যক্ষ অধ্যাপক তিজ্জানি মুহাম্মদ বান্দে, ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনীঅ’ গুটেৰেজ, আফ্রিকান সংঘৰ অধ্যক্ষ মুছা ফাকি মুহামদ, ইউৰোপিয়ান সংঘৰ শীৰ্ষ প্ৰতিনিধি জোছেফ ব’ৰেল, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ড০ টেড্রোছ ঘেব্রেয়েছুছে এই সন্মিলনত বক্তব্য আগবঢ়ায়৷

 

সামগ্ৰিকভাবে নাম নেতৃবৃন্দই ক’ভিড-১৯ মহামাৰীৰ প্ৰভাৱক লৈ আলোচনা কৰে৷ তেওঁলোকে ইয়াৰ মোকাবিলা কৰাৰ বাবে বিভিন্ন প্ৰয়োজনীয়তা চিহ্নিত কৰি দীর্ঘম্যাদী ব্যৱস্থাপনাৰ ওপৰত জোৰ দিয়ে৷ সন্মিলনৰ শেষত এই মহামাৰীৰ মোকাবিলা কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমন্বয় সাধনৰ লক্ষ্যৰে এক ঘোষণা দিয়া হৈছে৷ সদস্য ৰাষ্ট্ৰসমূহেৰ বিভিন্ন প্ৰয়োজনীয়তা চিহ্নিত কৰি চিকিসা, সামাজিক তথা বিভিন্ন মানৱীয় চাহিদা সম্বলিত এক তথ্যভাণ্ডাৰ গঢ় দিয়াৰ বাবে এক টাস্কফৰ্চো গঠন কৰা হৈছে৷

*****

VRRK/SH/DB



(Release ID: 1621282) Visitor Counter : 226