বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ সংকটে দেখুৱালে ডিএছটিয়ে কিদৰে দ্ৰুতগতিত মননশীল বিজ্ঞানৰ আৰ্কিটেক্ট হিচাপে জড়িত হৈ পৰিছেঃ অধ্যাপক আশুতোষ শৰ্মা

Posted On: 05 MAY 2020 12:55PM by PIB Guwahati

বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগ(ডিএছটি)ৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ইলেটছ টেকন’মিডিয়াৰে ‘ক’ৰোনাৰে যুঁজ-বৈজ্ঞানিক গৱেষণা আৰু উদ্ভাৱনৰ প্ৰভাৱ’ শীৰ্ষক এক পোনপটীয়া ৱেবিনাৰত ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে ক’ৰোনা ভাইৰাছৰ সংকট বৃদ্ধিৰ সমান্তৰালভাৱে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগেও দ্ৰুতগতিত মননশীল বিজ্ঞানৰ আৰ্কিটেক্ট হিচাপে জড়িত হৈ পৰিছে আৰু পৰিৱৰ্তিত পৰিস্থিতিত ইয়াৰ বৰ্ধিত সূযোগৰ সদ্ব্যৱহাৰ কৰিছে৷

তেওঁ কয়, আমি এনে কাৰ্যসূচী গ্ৰহণ কৰিছো যাতে বিজ্ঞানীসকলে তেওঁলোকৰ বিজ্ঞান আৰু ফলাফলক লৈ ক্ষতিশংকা বহন কৰাৰ লগতে ই প্ৰভাৱশালী হয় আৰু পৰিৱৰ্তন সাধন কৰিব পাৰে৷ এই কাৰ্যসূচীসমূহ হৈছে বিজ্ঞানসন্মত তথা উপকাৰী মননশীল গৱেষণা আৰু উন্নতি(ছুপ্ৰা) আৰু অগ্ৰাধিকাৰপূৰ্ণ ক্ষেত্ৰত গৱেষণাৰ প্ৰাবল্য(আইআৰএইচপিএ)৷ এই কাৰ্যসূচীসমূহে বিজ্ঞানৰ গতি সলনি কৰিছে৷ ইয়াৰে কেতবোৰ ধাৰণা আৰু দৃষ্টিভংগী আমাৰ প্ৰচেষ্টাসমূহত গ্ৰহণ কৰা হৈছে, যাতে দ্ৰুতগতিত ক’ভিড-১৯ সংকটৰ সমাধান বিচাৰি উলিয়াব পৰা যায়৷

অধ্যাপক শৰ্মাই কয় যে ডিএছটিৰ একাংশ স্বতন্ত্ৰ সংস্থাই এমাহৰ ভিতৰতে বেচৰকাৰী কোম্পানী আৰু ষ্ট্ৰাট আপৰ সৈতে সহযোগিতাৰে বহুমুখী ক’ভিড মহামাৰীৰ বিভিন্ন কাৰকৰ একাধিক সমাধান কৰিবলৈ সক্ষম হৈছে৷ এইটো স্পষ্ট যে ডিএছটিয়ে বিজ্ঞানৰ কেতবোৰ প্ৰক্ৰিয়াৰ গুণৰ বিশেষকৈ পৰীক্ষণৰ ক্ষেত্ৰত পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে৷

সচিবগৰাকীয়ে লগতে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল ছায়েন্স ফাউণ্ডেশ্যন(এনএছএফ)ৰ আৰ্হিত ১৯৭১ত স্থাপন কৰা ডিএছটিয়ে কেৱল পুঁজিয়েই যোগান নধৰে বৰঞ্চ অন্যান্য দেশৰ সৈতে নীতি প্ৰস্তুত আৰু বৈজ্ঞানিক কাম-কাজৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াই আহিছে৷ তদুপৰি, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত বিদ্যালয়, মহাবিদ্যালয়, পিএইডি, পোষ্টডক শিক্ষাৰ্থী, তৰুণ বিজ্ঞানী, ষ্টাৰ্ট আপ তথা বেচৰকাৰী সংস্থাৰ সৈতে কাম কৰি বিজ্ঞানী আৰু বৈজ্ঞানিক প্ৰতিষ্ঠানৰ সবলীকৰণ কৰি আহিছে৷

বিগত পাঁচ বছৰত ডিএছটিৰ প্ৰচেষ্টাৱলীৰ সন্দৰ্ভত উল্লেখ কৰি অধ্যাপক আশুতোষ শৰ্মাই কয় যে ডিএছটিৰ বাজেট ১০০শতাংশ বৃদ্ধি কৰা হৈছে, যাৰ জৰিয়তে ইয়াৰ কাৰ্যসূচী প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে৷

তেওঁ বিগত পাঁচ বছৰত ‘মানক’ৰ জৰিয়তে ইনকিউবেটৰ আৰু ষ্টাৰ্ট আপৰ সংখ্যা দুগুন কৰা হৈছে, য’ত বছৰি দেশৰ ১০লাখ শিক্ষাৰ্থীক উদ্ভাৱনৰ সৈতে জড়িত কৰাৰ লগতে তেওঁলোকৰ মনত উদ্যমিতা মনোভাৱ বৃদ্ধি কৰা হৈছে৷

****

KGS/( DST)/DB



(Release ID: 1621277) Visitor Counter : 198