স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ক’ভিড ১৯ ব্যৱস্থাপনাৰ শেহতীয়া স্থিতিৰ বুজ ল’বলৈ লেডী হাৰ্ডিং মেডিকেল কলেজত উপস্থিত ড. হৰ্ষবৰ্ধন

“আমাৰ ক’ৰোনা যোদ্ধাসকলে কৰা প্ৰসংশনীয় কামৰ বাবে সমগ্ৰ দেশ চিৰকৃতজ্ঞ হৈ থাকিব” - হৰ্ষবৰ্ধন

“আৰোগ্য হোৱাৰ হাৰ ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাটোৱেই আমাৰ দেশৰ স্বাস্থ্যকৰ্মীসকলে আগবঢ়োৱা শুশ্ৰূষাৰ মান প্ৰতিফলিত কৰিছে।” – ড. হৰ্ষবৰ্ধন

प्रविष्टि तिथि: 03 MAY 2020 5:08PM by PIB Guwahati

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড. হৰ্ষবৰ্ধনে আজি ক’ভিড-১৯ প্ৰতিহত কৰিবৰ বাবে চলোৱা প্ৰস্তুতিৰ বুজ ল’বলৈ লেডী হ’ৰ্ডিং মেডিকেল কলেজত উপস্থিত হয়। উল্লেখ্য যে এই চিকিৎসালয়খন হৈছে ভাৰতৰ আটাইতকৈ পুৰণি মেডিকেল কলেজসমূহৰ ভিতৰত অন্যতম। চিকিৎসালয়ৰ প্ৰস্তুতিৰ বাবে উদ্ভৱ হোৱা বিভিন্ন প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই লেডী হ’ৰ্ডিং মেডিকেল কলেজ হাস্পতালৰ উপৰিও শ্ৰীমতী সুচেতা কৃৰালিনী চিকিৎসালয় আৰু কলাৱতী চৰণ শিশু চিকিৎসালয়য়ে ৩০ খন বিচনাযুক্ত বিশেষ ক’ভিড হাস্পতাল হিচাপে কাম কৰি আছে, য’ত পৰ্যাপ্ত পৰিমাণৰ আইছ’লেশ্যন ৱাৰ্ড উপলব্ধ আছে।

এই চিকিৎসালয় পৰিদৰ্শনৰ পূৰ্বে লেডী হ’ৰ্ডিং মেডিকেল কলেজৰ সঞ্চালক ডাঃ (অধ্যাপক) এন এন মাথুৰে মন্ত্ৰী ড. হৰ্ষবৰ্ধনক এই চিকিৎসালয়খনৰ লগতে ইয়াৰ সৈতে সংযোজিত চিকিৎসালয়ত ক’ভিড-১৯ ৰোগীসকলৰ বাবে থকা সা-সুবিধাৰ এক ৰূপৰেখা সবিস্তাৰে বৰ্ণনা কৰে। মন্ত্ৰীগৰাকীক লগতে চিকিৎসালয়খনত ভৰ্তি হোৱা ৰোগীসকলৰ বিষয়েও অৱগত কৰে। মন্ত্ৰীগৰাকীক অৱগত কৰা হয় যে ক’ভিড-১৯ ৰ বাবে ২৪ খন আইছ’লেশ্যন বিচনা আৰু ৫ খন আইচিইউ বিচনা আছে আৰু ক’ভিড-১৯ ৰ সন্দেহজনক ৰোগীৰ বাবে SSKH আৰু KSCH ত ক্ৰমে ৪০ আৰু ৪১ খন বিচনা সাজু ৰখা হৈছে।

এই ভ্ৰমণতে মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ জৰুৰীকালীন দপ্তৰ, অ’পিডি, নমুনা সংগ্ৰহ কেন্দ্ৰ,ক’ভিড ব্লক, চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলৰ পোছাক সলনি কৰা কোঠা আদিও ভালদৰে তদাৰক কৰে। ক’ভিড-১৯ ৰ বাবে সাজু কৰি তোলা অঙ্ক’লজী দপ্তৰৰ এলেকাটোত চিকিৎসকসকলে নিসংক্ৰমণৰ বাবে গ্ৰহণ কৰা পদক্ষেপ তথা নমুনা সংগ্ৰহ কাৰ্যাৱলীৰ দিশবোৰক লৈ সন্তুষ্টি প্ৰকাশ কৰে মন্ত্ৰী ড. হৰ্ষবৰ্ধনে। চিকিৎসাকৰ্মীসকলে যাতে নিজ পৰিয়ালৰ সংস্পৰ্শলৈ নাহে তাৰ বাবে চিকিৎসালয়ৰ পৰা নিকট দূৰত্বত হোটেল-লজ আদিত থকা খোৱাৰ সুব্যৱস্থা কৰা হৈছে বুলিও মন্ত্ৰীগৰাকীক অৱগত কৰা হয়। ইফালে চিকিৎসালয়ৰ কাষতে থকা য়ং মেনছ খ্ৰীষ্টিয়ান এছ’চিয়েশ্যনৰ ভৱনটো ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ শুশ্ৰূষাৰ বাবে ব্যৱহাৰ কৰা হৈছে আৰু ইয়াত লেডী হ’ৰ্ডিং মেডিকেল কলেজৰ চিকিৎসক – নাৰ্ছে আহি চিকিৎসা প্ৰদান কৰাৰ বিষয়েও মন্ত্ৰীগৰাকীক অৱগত কৰা হয়। সম্প্ৰতি দেহত কোনো লক্ষণ নথকা ৭০ গৰাকী ক’ভিড-১৯ পজিটিভ ৰোগীক ইয়াত চিকিৎসা প্ৰদান কৰা হৈছে।

মন্ত্ৰীগৰাকীয়ে ভিডিঅ’ কলৰ দ্বাৰা দুগৰাকী ক’ভিড আক্ৰান্ত চিকিৎসকৰ সৈতেও বাৰ্তালাপ কৰে। উল্লেখ্য যে লেডী হ’ৰ্ডিং চিকিৎসা মহাবিদ্যালয়ত ক’ভিড-১৯ ত আক্ৰান্ত ৰোগীৰ চিকিৎসা কৰি থকা দুগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসক এই ৰোগত আক্ৰান্ত হৈছে আৰু এই দুয়োগৰাকীকে সম্প্ৰতি চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইফালে দুগৰাকী ক’ভিড আক্ৰান্ত ৰোগীৰ সৈতেও মন্ত্ৰীগৰাকীয়ে ভিডিঅ’কল যোগে কথা পাতে আৰু স্বাস্থ্যৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে কয়, মই খুবেই সুখী যে চিকিৎসালয়খনত চিকিৎসা গ্ৰহণ কৰি থকা লোকসকলে ইয়াৰ সা-সুবিধাক লৈ সুখী হৈছে, বিশেষকৈ আক্ৰান্ত চিকিৎসক দুগৰাকীয়ে এনে অৱস্থাতো মনোবল অটুট ৰখাৰ বাবে মই বেছিয়েই সুখী।

হাস্পতালখনৰ এক সবিশেষ পৰ্যালোচনা আৰু পৰিদৰ্শন কৰাৰ পিছত মন্ত্ৰীগৰাকীয়ে সন্তুষ্টি প্ৰকাশ কৰি কয়, বিগত কেইটামান দিনত মই বিভিন্ন চিকিৎসালয় পৰিদৰ্শন কৰিছো আৰু আজি এই লেডী হ’ৰ্ডিং চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰিও ইয়াৰ ক’ভিড-১৯ প্ৰতিহত কৰাৰ প্ৰস্তুতি দেখি সন্তোষিত হৈছো।

ক’ভিড-১৯ প্ৰতিহত কৰাৰ ক্ষেত্ৰত যি গভীৰ ঐকান্তিকতাৰে সকলো চিকিৎসক তথা স্বাস্থ্যকৰ্মীয়ে কাম কৰি আছে তাক প্ৰসংশা কৰি ড. হৰ্ষবৰ্ধনে কয়, ক’ভিড-১৯ ত আক্ৰান্ত লোকৰ নিৰাময়ৰ হাৰ ক্ৰমাৎ বৃদ্ধি পাইছে আৰু ইয়াতেই প্ৰতিফলিত হৈছে যে আমাৰ এই স্বাস্থ্যকৰ্মীসকলে কিমান একাগ্ৰতাৰে আৰু সেৱাৰ মনোভাৱেৰে কাম কৰিছে। এই পৰ্যন্ত সমগ্ৰ দেশতে প্ৰায় ১০,০০০ ক’ভিড আক্ৰান্ত ৰোগীয়ে সম্পূৰ্ণ নিৰাময় লাভ কৰি স্বাভাৱিক জীৱন যাপন কৰিছে। মই ইয়াৰ বাবে আমাৰ স্বাস্থ্যকৰ্মীসকলক অভিনন্দন জনাইছো। এনে এক সংকটকালীন সময়ত স্বাস্থ্যকৰ্মীসকলৰ মনোবল দেখি আমি আবেগিক হৈ পৰিছো।

ড. হৰ্ষবৰ্ধনে সমগ্ৰ দেশতে ক’ভিড-১৯ ৰ প্ৰতিৰোধ, সংক্ৰমণ ৰোধ আদিৰ বিষয়ে ৰাজ্যসমূহৰ সহযোগত উচ্চ পৰ্যায়ত তদাৰক কৰি থকা হৈছে। এই সন্দৰ্ভত তেওঁ কয়, নতুন ঘটনা বৃদ্ধিত স্থবিৰতা দেখা গৈছে। যিটো নিসন্দেহে সুখবৰ। আমি এই পৰিস্থিতি আৰু অধিক উন্নত কৰিবৰ বাবে কঠোৰভাৱে শাৰীৰিক দূৰত্ব ৰক্ষা কৰি চলিব লাগিব আৰু পৰিস্কাৰ পৰিচ্ছন্নতাও ৰক্ষা কৰিব লাগিব।

তেওঁ লগতে কয় যে সম্প্ৰতি দেশত ১৩০ খন হটস্পট জিলা থকাৰ লগতে ২৮৪ খন নন-হটস্পট জিলা আৰু ৩১৯ খন নিসংক্ৰমিত জিলা আছে। ইতিমধ্যেই এই জিলাসমূহক গ্ৰীণ, অৰেঞ্জ আৰু ৰেড জোন হিচাপে বিভক্ত কৰা হৈছে আৰু সেই অনুসৰি বিভিন্ন নীতি নিৰ্দেশনাও জাৰি কৰা হৈছে।

তেওঁ আৰু কয়, আমি সম্প্ৰতি প্ৰতিদিনেই ৭৪০০০ তকৈও অধিক পৰীক্ষা সম্পাদনেৰে এতিয়ালৈ ১০ লাখতকৈ অধিক পৰীক্ষা সম্পন্ন কৰিবলৈ সক্ষম হৈছো। তাৰ লগতে সমগ্ৰ দেশতে ২০ লাখতকৈ অধিক পিপিই কিট বিতৰণ কৰা হৈছে। কেৱল সেয়াই নহয় সমগ্ৰ বিশ্বতে শতাধিক দেশৰ মাজত হাইড্ৰক্সিক্লোৰোকুইন আৰু পেৰাচিটেমোলো বিতৰণ কৰা হৈছে। বিশ্বৰ বহু উন্নত দেশৰ তুলনাত এই ৰোগ সংক্ৰান্তত এতিয়াও ভাৰত বহু আগত থাকিবলৈ সক্ষম হৈছে।

মন্ত্ৰীগৰাকীয়ে আৰোগ্য সেঁতু এপ্প ব্যৱহাৰ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। লকডাউনৰ তৃতীয় পৰ্যায়ত সকলো নিয়ম নীতি কঠোৰভাৱে পালন কৰিবলৈও মন্ত্ৰীগৰাকীয়ে দেশবাসীক আহ্বান জনায়।

লেডী হৰ্ডিং মেডিকেল কলেজ পৰিদৰ্শনকালত ভাৰত চৰকাৰৰ স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান ডাঃ ৰাজীৱ গাৰ্গ আৰু লেডী হৰ্ডিং মেডিকেল কলেজৰ সঞ্চালক ডাঃ এন এন মাথুৰৰ লগতে একাধিক জ্যেষ্ঠ চিকিত্সকো উপস্থিত থাকে।

*****

MR/RD


(रिलीज़ आईडी: 1620830) आगंतुक पटल : 235
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Punjabi , Tamil , Telugu , Kannada