পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

সামগ্ৰী কঢ়িয়াই নিয়া আৰু লগতে খালী ট্ৰাকৰ ক্ষেত্ৰতো চালক আৰু পৰিৱাহকৰ সমস্যা/অভিযোগ সমাধানৰ বাবে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষ ব্যৱহাৰ কৰা হ’ব

পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিষয়াক গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্ব দিয়া হৈছে


সহায় বিচাৰি গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ ১৯৩০ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হেল্পলাইন নম্বৰ ১০৩৩ ব্যৱহাৰ কৰিব পাৰিব

Posted On: 03 MAY 2020 4:37PM by PIB Guwahati

লকডাউনৰ সময়ত দেশৰ বিভিন্ন ৰাজ্যলৈ সামগ্ৰী কঢ়িয়াই নিয়া আৰু লগতে খালী ট্ৰাকৰ ক্ষেত্ৰতো চালক আৰু পৰিৱাহকৰ সমস্যা/অভিযোগৰ খৰতকীয়া সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষ ব্যৱহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু তাৰবাবে পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিষয়াক দায়িত্ব অৰ্পণ কৰা হৈছে।

লকডাউনৰ বাবে উপলব্ধ কৰা গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ হেল্পলাইন নম্বৰ ১৯৩০ চালক আৰু পৰিৱাহকসকলে তেওঁলোকৰ সমস্যা/অভিযোগ দাখিল কৰিবলৈ লকডাউন চলি থকালৈকে ব্যৱহাৰ কৰিব পাৰিব। তদুপৰি ঘাইপথৰ লগত জড়িত কোনো অভিযোগৰ বাবে ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হেল্পলাইন নম্বৰ ১০৩৩ ব্যৱহাৰ কৰিব পাৰিব। পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়, ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ পৰিৱহণ বিভাগসমূহে চালক আৰু পৰিৱাহকসকলক প্ৰয়োজনীয় তথ্য যোগানৰ পদক্ষেপ হাতত ল’ব। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণ কক্ষৰ দায়িত্ব লোৱা পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিষয়াসকলে পৰিৱহণ খণ্ড আৰু চালকসকলৰ অভিযোগ নিৰ্মূল কৰাৰ ক্ষেত্ৰত সহযোগ কৰিব। পথ পৰিৱহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ বিষয়াসকলে প্ৰতিদিনে লাভ কৰা অভিযোগৰ বিতং প্ৰতিবেদন যুগুত কৰিব।

উল্লেখনীয় যে লকডাউনৰ সময়ত সকলো চাল-চলন গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশনা অনুযায়ী হ’ব।

ইয়াৰ ফলত দেশৰ বিভিন্ন ৰাজ্যলৈ সামগ্ৰী কঢ়িয়াই নিয়া আৰু লগতে খালী ট্ৰাক উভতাই অনাৰ সময়ত, ট্ৰাকৰ পাৰ্কিং স্থলত বা ঘৰৰ পৰা পাৰ্কিং স্থললৈ অহা-যোৱাৰ ক্ষেত্ৰতো চালক আৰু পৰিৱাহকসকলে সন্মূখীন হোৱা সমস্যা/অভিযোগৰ খৰতকীয়া সমাধান সম্ভৱ হ’ব।

’ভিড-১৯ মহামাৰীৰ সৈতে যুঁজ দিয়াৰ বাবে ঘোষণা কৰা লকডাউনৰ সময়ত দেশত যাতে যোগান শৃংখলত কোনো অসুবিধা নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই সমগ্ৰ ব্যৱস্থা গঢ়ি তোলা হৈছে।

***

RCJ/MS/PRK



(Release ID: 1620798) Visitor Counter : 273