পঞ্চায়তীৰাজ মন্ত্ৰালয়
দেশৰ সকলো অঞ্চলতে স্থানীয় প্ৰশাসনে ক’ভিড-১৯ ৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিত জনসাধাৰণৰ প্ৰতি সহযোগিতাৰ পদক্ষেপ অব্যাহত ৰাখিছে
ঘৰৰ পৰা বিচ্ছিন্ন হৈ আন ঠাইত অকলশৰে থকা লোকৰ বাবে হেল্পলাইন নম্বৰ উপলব্ধ কৰা, বহি:ৰাজ্যলৈ যোৱা ট্ৰাকৰ চালককে ধৰি কোৱাৰেন্টাইনত থকা লোকসকলৰ সংস্পৰ্শলৈ অহা লোকৰ ভ্ৰমণ পথ বিচাৰি উলিওৱা, জৈৱ-চিকিৎসাৰ পৰা ওলোৱা জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত পৰামৰ্শদান কৰা, কৃষিজাত সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থা কৰা আদি বিভিন্ন পদক্ষেপ লোৱা হৈছে।
Posted On:
03 MAY 2020 8:14PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে সমগ্ৰ দেশৰ ৰাজ্য, জিলা আৰু পঞ্চায়ত পৰ্যায়ত স্থানীয় প্ৰশাসনে জনসাধৰণৰ প্ৰতি সহযোগিতাৰ পদক্ষেপ অব্যাহত ৰাখিবৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। ভাৰত চৰকাৰৰ পঞ্চায়তীৰাজ মন্ত্ৰালয়ে লকডাউনৰ আইন ভঙ্গ নকৰাকৈ বাধ্যবাধকতাসমূহ মানি চলাৰ লগতে সামাজিক দূৰত্ব যাতে বৰ্তি থাকে সেই কথা সুনিশ্চিত কৰিবলৈ ৰাজ্য চৰকাৰ, জিলা প্ৰশাসন আৰু গাঁও পঞ্চায়তৰ লগত সহযোগিতা কৰি আছে।
কেইটামান উল্লেখনীয় নিদৰ্শনঃ
অন্ধ্ৰ প্ৰদেশঃ অন্ধ্ৰ প্ৰদেশ চৰকাৰে ঘৰৰ পৰা বিচ্ছিন্ন হৈ আন ঠাইত অকলশৰে থকা লোকৰ বাবে হেল্পলাইন নম্বৰ উপলব্ধ কৰিছে। ৰাজ্যৰ বাহিৰত থকা অন্ধ্ৰ প্ৰদেশৰ লোকে ০৮৬৬-২৪২৪৬৮০ নম্বৰত আৰু অন্ধ্ৰ প্ৰদেশত থকা আন ৰাজ্যৰ লোকে ১৯০২ নম্বৰত ফোন কৰি তেওঁলোকৰ বিত্ং তথ্য জনাই সহায় বিচাৰিব পাৰিব। গ্ৰীণ জ’নত থকা উদ্যোগসমূহক কাম আৰম্ভ কৰিবলৈ অনুমতি দিয়া হৈছে। পৰিভ্ৰমী শ্ৰমিকক এটা গ্ৰীণ জ’নৰ পৰা আনটো গ্ৰীণ জ’নলৈ গৈ প্ৰয়োজনীয় সুৰক্ষা বিধি মানি কাম কৰিবলৈ অনুমতি দিয়া হৈছে।
অসমঃ কাছাৰ জিলাৰ শিলচৰ খণ্ডৰ তাৰাপুৰ গাঁও পঞ্চায়তৰ ৫ টা স্বয়ংসেৱী দলৰ ১৭ জন সদস্যই মাস্ক তৈয়াৰ কৰি আছে।
কেৰেলাঃ ৪০ জন এন এচ এচ স্বেচ্ছাসেৱীয়ে জিলা স্বাস্থ্য কাৰ্যালয়ত ক’ভিড-১৯ মহামাৰীৰ প্ৰাদুৰ্ভাৱ আৰম্ভ হোৱাৰেপৰা দেশৰ আৰু আন আন ৰাজ্যৰপৰা কেৰেলালৈ অহা লোকৰ লগতে তেওঁলোকৰ প্ৰথম পৰ্যায়ৰ আৰু দ্বিতীয় পৰ্য়ায়ৰ সংস্পৰ্শলৈ অহা লোকৰ বিতং তথ্য বিচাৰি উলিওৱাৰ কাম কৰি আছে।
তেলেঙ্গানাঃ ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে সাধাৰণ নাগৰিক, পৌৰ নিগম, স্বাস্থ্যসেৱা প্ৰতিষ্ঠান আদিক ক’ভিড-১৯ ৰোগীৰ বা সন্দেহজনক ৰোগীৰ জৈৱ-চিকিৎসাৰ পৰা ওলোৱা জাবৰৰ ব্যৱস্থাপনা সন্দৰ্ভত বেলেগ ৰঙৰ পাত্ৰ, দুতৰপীয়া মোনা আদি ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে।
ৰামাগুণ্ডমৰ এন টি পি চিৰ মহিলা সংঘ দিপ্তী মহিলা সমিতিয়ে স্থানীয় মহিলা স্বেচ্ছাসেৱীৰদ্বাৰা তৈয়াৰী ৫,০০০ টা কপাহী কাপোৰৰ মাস্ক কৰ্মাচাৰীৰ মাজত বিতৰণ কৰিছে।
মিজোৰামঃ গাঁৱৰ আৱাসীসকলৰ বেছিভাগেই শ্ৰমজীৱি আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল হোৱা বাবে সাম্প্ৰতিক পৰিস্থিতিত তেওঁলোকৰ আয় কমি হৈছে।স্থানীয় সংস্থাসমূহে তেওঁলোকৰ বাবে চৰকাৰে নিয়মীয়াকৈ যোগান ধৰা ৰেচনৰ অতিৰিক্তভাৱে চাউল, দাইল, আলু আদি দিছে। স্থানীয় প্ৰশাসনে আৱাসীসকলক সামাজিক দূৰত্ব বজাই ৰাখি নিজৰ নিজৰ পথাৰত কাম কৰাৰ অনুমতি দিছে। লগতে স্থানীয় প্ৰশাসনে কৃষিজাত সামগ্ৰী পথাৰৰপৰা সংগ্ৰহ কৰাৰ লগতে ৰাজধানী চহৰলৈ নি সামগ্ৰী ক্ৰয়-বিক্ৰয়ৰ ব্যৱস্থাও কৰিছে।
*****
APS/SG/PK/PRK
(Release ID: 1620797)
Visitor Counter : 263