বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ পৰীক্ষণৰ বাবে দুইধৰণৰ স্বোৱাব আৰু ভাইেৰেল পৰিবাহক মাধ্যম উদ্ভাৱন কৰিলে শ্ৰীচিত্ৰা তিৰুনালৰ গৱেষকৰ দলে

प्रविष्टि तिथि: 02 MAY 2020 6:39PM by PIB Guwahati

কেন্দ্র চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি মন্ত্রালয়ৰ অধীনস্থ স্বায়ত্ত্বশাসিত সংস্থা শ্রী চিত্র তিৰুনাল ইনষ্টিটিউট ফৰ মেডিকেল ছায়েন্সেজ এণ্ড টেকন’ল’জী (SCTIMST) য়ে ক’ভিড-১৯ ৰ সংক্রমণ পৰীক্ষা কৰাৰ বাবে নাক আৰু মুখৰ পৰা নমুনা সংগ্রহ কৰাৰ দুই ধৰণৰ স্বোৱাব উদ্ভাৱন কৰিছে

মাল্লেলিল ইণ্ডাষ্ট্ৰিজ প্রাইভেট লিমিটেডৰ সৈতে যৌথ উদ্যোগেৰে প্ৰস্তুত কৰা নাইলনৰ স্বোৱাবটোৰ নাম হৈছে চিত্রা এম্বেড। ইয়াৰ উপৰিও পলিমেৰিক ফোমৰ সৈতে থকা নমনীয় প্লাষ্টিকৰ হেণ্ডেলযুক্ত চিত্রা এন্মেছ নামৰ আৰু এবিধ স্বোৱাবো প্ৰস্তুত কৰা হৈছে। এইবোৰৰ সহায়ত যি কোনো ব্যক্তিৰ পৰা স্বাস্থ্যকর্মীসকলে সহজেই নমুনা সংগ্রহ কৰিব পাৰিব, ইয়াৰ উপৰিও তেওঁলোকে সন্দেহজনক আক্রান্তৰ অতি বেছি কাষলৈ যাব নালাগিব।

SCTIMST য়ে নমুনা পৰিবহণৰ মাধ্যম হিচাপে বিশেষ এক কিট প্ৰস্তুত কৰিছে, আৰু ইয়াৰ মূল্য যথেষ্ট কম। সম্প্ৰতি কিটবোৰত ৫০ টা (৩ মি.লি./ভাইৰেল) ভাইৰেল পৰিবহন মাধ্যমৰ লগতে ৫০ টা স্বোৱাব কঢ়িওৱাৰ ক্ষমতা থাকে, আৰু ইয়াৰ মূল্য হয় ১২০০০ টকা।

এই দুটা স্বোৱাব প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় উপাদানো স্থানীয় এলেকাত পোৱা যাব, ইয়াৰ ফলত সেয়া প্ৰস্তুত কৰোতেও বিশেষ ব্যয় নহ’ব।

SCTIMST এ এই স্বোৱাব দুটা আৰু সেইবোৰ পৰিবহণৰ বাবে কিটটো প্ৰস্তুত কৰি সেইসমূহ বিক্রীৰ দায়িত্ব তিনিটা সংস্থাক অৰ্পন কৰা হৈছে।

(চিত্ৰ – SCTIMST য়ে প্ৰস্তুত কৰা মুখ আৰু নাকৰ স্বোৱাব সংগ্ৰহ কৰা সঁজুলি)

(সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক – স্বপ্না ভামাদেৱন, জনসম্পৰ্কৰক্ষী বিষয়া, SCTIMST, মোবাইল: 9656815943, ইমেইল: pro@sctimst.ac.in)

 

****

KGS/(DST)/RD


(रिलीज़ आईडी: 1620566) आगंतुक पटल : 160
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Bengali , Odia , Tamil , Telugu