গৃহ মন্ত্ৰালয়

৪ মে’ৰ পৰা বলৱৎ হ’বলগীয়া দুসপ্তাহজোৰা লকডাউনৰ সময়ছোৱাত অৰেঞ্জ জ’নত ব্যক্তি আৰু বাহনৰ চলাচল সন্দৰ্ভত স্পষ্টীকৰণ

Posted On: 02 MAY 2020 3:20PM by PIB Guwahati

দেশৰ ক’ভিড-১৯ৰ পৰিস্থিতি সাপেক্ষে ঘোষণা কৰা লকডাউনৰ বিস্তৃত পুনৰীক্ষণৰ পিছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কালি ৪ মে’ ২০২০ তাৰিখৰ পৰা বলৱৎ হ’বলগীয়া লকডাউনৰ সম্প্ৰসাৰণৰ এক জাননী জাৰি কৰে৷ অৰেঞ্জ জ’নত ব্যক্তি আৰু বাহনৰ চলাচল সন্দৰ্ভত সৃষ্টি হোৱা ভ্ৰান্তি দূৰ কৰিবলৈ তলত উল্লেখ কৰা ধৰণে এক স্পষ্টীকৰণ প্ৰদান কৰা হৈছেঃ (https://pib.gov.in/PressReleasePage.aspx?PRID=1620095 ত উল্লিখিত অৰেঞ্জ জ’নৰ পেৰাগ্ৰাফটো চাওক)

অৰেঞ্জ জ’নত সমগ্ৰ দেশতে বাহাল থকা নিষেধাজ্ঞাসমূহৰ উপৰিও আন্তঃজিলা আৰু জিলাসমূহৰ মাজত বাছৰ চলাচল বন্ধ থাকিব৷

এই নিষেধাজ্ঞাত দুটা অন্যান্য গতিবিধিৰ অনুমোদন জনোৱা হৈছেঃ

এজন চালক আৰু দুজন যাত্ৰীৰ সৈতে টেক্সি আৰু কেব সেৱাক অনুমোদন প্ৰদান কৰা হৈছে৷

চাৰিচকীয়া বাহনৰ ক্ষেত্ৰত চালকৰ উপৰিও সৰ্বাধিক দুজন যাত্ৰীৰ সৈতে কেৱল অনুমোদিত গতিবিধিসমূহৰ বাবে ব্যক্তিগত বাহনৰ আন্তঃজিলাভিত্তিক চলাচলৰ অনুমোদন প্ৰদান কৰা হৈছে৷

অৰেঞ্জ জ’নত অন্যান্য সকলো গতিবিধি কোনো নিষেধাজ্ঞা অবিহনে বাহাল থাকিব৷ কিন্তু ৰাজ্য/কেন্দ্ৰীয়শাসিত প্ৰদেশসমূহে অগ্ৰাধিকাৰভিত্তিত গতিবিধিসমূহৰ সংখ্যা হ্ৰাস কৰিব পাৰে৷

 

*****

VG/SNC/VM/MM



(Release ID: 1620485) Visitor Counter : 270