ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়
গ্ৰীণ, অৰেঞ্জ আৰু ৰেড জ’নত CAT ৰ দ্বাৰা গোচৰৰ শুনানি সন্দৰ্ভত নতুন নিৰ্দেশাৱলী
Posted On:
02 MAY 2020 1:25PM by PIB Guwahati
নতুন দিল্লীত কেন্দ্রীয় প্রশাসনিক ট্রিবুনেলৰ (CAT) অধ্যক্ষৰ নিৰ্দেশ অনুযায়ী, নিম্নলিখিত বিজ্ঞপ্তি জাৰি কৰা হৈছে :
কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ তৰফৰ পৰা বিগত ২৪ মার্চ তথা বিগত ১৪ এপ্রিল তাৰিখে জাৰি কৰা নির্দেশ অনুযায়ী, লকডাউন চলি থকা সময়ছোৱাত কেন্দ্রীয় প্রশাসনিক ট্রিবুনেলৰ প্রধান বেঞ্চসহ সমগ্ৰ দেশতে থকা শাখা কার্যালয়বোৰৰ কাম-কাজ ৩ মে’ পর্যন্ত বন্ধ ৰখা হৈছে। গৃহ মন্ত্রালয়ে বিগত ১ মে’ তাৰিখে ক’ভিড-১৯ ৰ পৰিস্থিতিৰ মূল্যায়ন কৰি বিভিন্ন এলেকাক তিনিটা ভাগ, যথাক্রমে – ৰেড, অ’ৰেঞ্জ আৰু গ্রীণ জ’ন হিচাপে চিহ্নিত কৰিছে। এই এলেকাবোৰত কোনো কোনো ক্ষেত্রত কাম-কাজত নিষেধাজ্ঞা জাৰি থাকিব আৰু কোনো কোনো ক্ষেত্ৰত অনুমতি প্ৰদান কৰা হৈছে। এই নির্দেশনাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় প্রশাসনিক ট্রিবুনেলৰ কাম-কাজ পৰিচালনাত নিম্নোল্লিখিত নির্দেশ জাৰি কৰা হৈছে।
গ্রীন জ’নত থকা শাখা কার্যালয় বা আদালতবোৰে গৃহ মন্ত্ৰালয়ে জাৰি কৰা নীতি-নির্দেশনা অনুযায়ী কাম-কাজ পৰিচালনা কৰিব। তাৰ লগতে, সামাজিক দূৰত্ব বজাই ৰখাৰ সমান্তৰালকৈ প্রত্যক্ষ যোগাযোগ পৰিহাৰ কৰাৰ ক্ষেত্ৰতো তেওঁলোকে উপযুক্ত ব্যৱস্থা গ্রহণ কৰিব লাগিব। সংশ্লিষ্ট এলেকাবোৰত হাইকোর্টৰ কাৰ্য পৰিচালনা পদ্ধতিতো যথাসম্ভৱ একে ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা হ’ব। সংশ্লিষ্ট শাখা কার্যালয়ৰ প্রধান হাইকোর্টৰ বাৰ এছোছিয়েশ্যনৰ সভাপতিৰ সৈতে আলোচনা কৰি এই সংক্ৰান্তত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। শাখা কার্যালয়ৰ পঞ্জীয়কৰ তৰফৰ পৰা কর্মচাৰীসকলৰ কাম-কাজৰ পদ্ধতিৰ ক্ষেত্ৰত মতামত বিবেচনা কৰি চোৱা হ’ব। এই পৰিপ্রেক্ষিতত যি সিদ্ধান্ত গৃহীত হ’ব সেয়া প্রধান বিচাৰপীঠৰ ৰেজিষ্ট্ৰিলৈ প্ৰেৰণ কৰিব লাগিব।
আনহাতে, ৰেড (লকডাউন এলেকা) আৰু অৰেঞ্জ জ’নবোৰত যিবোৰ শাখা আছে, সেইবোৰত জৰুৰী বিষয়বোৰ ই-মেইলযোগে প্ৰেৰণ কৰিব পৰা যাব। তাৰ পিছত, জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গোচৰ দাখিলৰ ক্ষেত্রত সংশ্লিষ্ট শাখাৰ ৰেজিষ্ট্ৰাৰৰ সৈতে যোগাযোগ কৰিব লাগিব। ইয়াৰ পিছত, সংশ্লিষ্ট শাখাৰ ৰেজিষ্ট্ৰাৰে দাখিল হোৱা গোচৰবোৰ ই-মেইলযোগে অধিবক্তা বা বাদী-বিবাদী পক্ষলৈ প্ৰেৰণ কৰা হ’ব। সেই শাখাৰ ৰেজিষ্ট্ৰাৰে যদি দাখিল হোৱা গোচৰৰ প্রযুক্তিগত বিষয়ত সন্তুষ্ট হয়, তেন্তে তেওঁ সংশ্লিষ্ট বিষয়টো অবিলম্বে শাখা প্রধানক জনাব। ইয়াৰ পিছত, সংশ্লিষ্ট শাখা প্রধানে দাখিল কৰা গোচৰটোৰ গ্রহণযোগ্যতা মূল্যায়ন কৰি শুনানিৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিব।
সমগ্ৰ প্রক্রিয়া সম্পর্কে বিস্তাৰিত বিৱৰণ প্ৰদান কৰি শাখা প্রধানে, প্রধান বিচাৰপীঠৰ ৰেজিষ্ট্ৰিৰ সৈতে আলোচনা কৰিব। ইয়াৰ লগতে এই কথাও সুনিশ্চিত কৰা হ’ব যে, ভিডিঅ’ কনফাৰেন্সত গোচৰৰ শুনানিত অংশগ্রহণকাৰীসকলৰ উপযুক্ত পোছাক কেনে হ’ব।
সংশ্লিষ্ট শাখাৰ বাৰ এছোছিয়েশ্যনৰ অধিবক্তাসকলে যদি বাকী থকা গোচৰবোৰ ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমত শুনানি গ্ৰহণৰ বিষয়ে সম্মত হয়, সেই ক্ষেত্রত প্রধান শাখাৰ ৰেজিষ্ট্ৰি শুনানিৰ বাবে গোচৰবোৰ চিহ্নিত কৰিব আৰু প্রতিটো গোচৰৰ নির্দিষ্ট সময়ত শুনানি হ’ব। গোচৰৰ শুনানিৰ বাবে দৈনিকভিত্তিত উপযুক্ত সময় স্থিৰ কৰিব শাখা প্রধানে।
গোচৰৰ শুনানিৰ ক্ষেত্রত এই ব্যৱস্থা আগন্তুক ১৭ মে’ বা নতুনকৈ নির্দেশ জাৰি নোহোৱা পর্যন্ত কার্যকৰী হৈ থাকিব।
<><><><><>
VG/SNC/RD
(Release ID: 1620481)
Read this release in:
Punjabi
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam