প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) প্ৰযুত চান-অ’-চাৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 01 MAY 2020 7:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী জেনেৰেল (অৱসৰপ্ৰাপ্ত) প্ৰযুত চান-’-চাই আজি এক টেলিফোনিক বাৰ্তালাপত মিলিত হয়৷

প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ৰ নৱেম্বৰ মাহত আছিয়ানৰ লগতে প্ৰাসংগিক সন্মিলনত অংশগ্ৰহণৰ বাবে কৰা বেংকক ভ্ৰমণৰ সম্পৰ্কে স্মৰণ কৰে৷ তেওঁ থাইলেণ্ডৰ ৰাজপৰিয়ালৰ সদস্যসকলৰ লগতে থাইবাসীক শুভেচ্ছা জ্ঞাপন কৰে৷

এই উপলক্ষে দুয়োগৰাকী নেতাই ভিড-১৯ মহামাৰী মোকাবিলা কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট দেশ দুখনে গ্ৰহণ কৰা পদক্ষেপসমূহৰ তথ্য শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰী মোদীয়ে মহামাৰীৰ বিৰুদ্ধে আঞ্চলিক আৰু বিশ্বস্তৰীয় সহযোগিতাৰ গুৰুত্ব সম্পৰ্কে কয়৷ তেওঁ থাইলেণ্ডক প্ৰয়োজনীয়া চিকিসা সামগ্ৰী যোগান ধৰাত ভাৰতে সহায় কৰিব বুলি প্ৰধানমন্ত্ৰীগৰাকীক আশ্বাস দিয়ে৷

দুয়োগৰাকী নেতাই দুয়োখন দেশৰ গৱেষক, বিজ্ঞানী আৰু উদ্ভাৱনকাৰীৰ মাজত ব্যাপক সহযোগিতাৰ প্ৰতি সহমত প্ৰকাশ কৰে৷

নেতা দুগৰাকীয়ে দুয়োখন দেশৰ নাগৰিকসকলৰ প্ৰতি তেওঁলোকে আগবঢ়োৱা সা-সুবিধাৰ প্ৰশংসা কৰি ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে৷

উল্লেখ্য যে নৃ-গোষ্ঠীয় তথা প্ৰাচীন সাংস্কৃতিক যোগসুত্ৰৰ লগতে সামুদ্ৰিক চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে থাইলেণ্ড ভাৰতৰ অতি মুল্যবান সহযোগী দেশ৷

******

VRRK/SH/DB



(Release ID: 1620352) Visitor Counter : 211