কয়লা মন্ত্ৰালয়

কয়লা মন্ত্ৰালয়ৰ অধীনষ্ঠ এক নৱৰত্ন ৰাজহুৱা উদ্যোগ এনএলচি ইণ্ডিয়া লিমিটেডে প্ৰথমবাৰৰ বাবে কয়লা উৎপাদন আৰম্ভ কৰিছে

Posted On: 30 APR 2020 6:05PM by PIB Guwahati

কয়লা মন্ত্ৰালয়ৰ অধীনষ্ঠ এক নৱৰত্ন ৰাজহুৱা উদ্যোগ এনএলচি ইণ্ডিয়া লিমিটেডে প্ৰথমবাৰৰ বাবে কয়লা উৎপাদন আৰম্ভ কৰিছে৷ উৰিষ্যাৰ তালাবিৰা দ্বিতীয় আৰু তৃতীয় খনিৰ উৎপাদন ক্ষমতা হ’ল বছৰি ২০মিলিয়ন টন৷ ইয়াৰদ্বাৰা উৎপাদিত কয়লা বৰ্তমান আৰু ভৱিষ্যতৰ কয়লা চালিত বিদ্যুৎ প্ৰকল্পসমূহৰ চাহিদা পূৰণত ব্যৱহাৰ হ’ব৷

এই বিষয়ে মন্ত্যব্য কৰি এনএলচি ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক শ্ৰী ৰাকেশ কুমাৰে কয়, ক’ভিড-১৯ আৰু লকডাউনৰ এনে জটিল সময়ত এই প্ৰকল্প সফলতাৰে আৰম্ভ কৰি আমাৰ দলটোৱে বিকাশৰ পথত অকল কোম্পানীটোক সহায় কৰাই নহয়, দেশৰ শক্তি সুৰক্ষালৈও অনবদ্য অৱদান আগবঢ়াইছে৷ যিহেতু এই সময়ত দেশে কয়লাৰ আমদানিৰ পৰা বিৰত থকাৰ ওপৰত গুৰুত্ব দিছে৷

এই কয়লাৰ ব্ল’ক এমডিঅ’ আৰ্হিৰে বিকশিত কৰা হৈছে, যাক এনএলচিৰ দলে উদ্ভাৱনী চিন্তাৰে বিকশিত কৰাৰ লগতে সফলতাৰে ৰূপায়ন কৰিছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে উদ্যোগ ক্ষেত্ৰখনত প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷ যোৱা ২৬ এপ্ৰিল,২০২০ৰ পৰা কয়লা উৎপাদন আৰম্ভ হৈছে৷

****

RJ/NG/MS



(Release ID: 1619861) Visitor Counter : 223