গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

এপ্ৰিল ২০২০ত এফচিআইয়ে যোগান কৰিলে ৬০ লাখ মেট্ৰিক টন খাদ্য শস্য, মাহিলী গড়ে ৩০ লাখ মেট্ৰিক টনৰ দুগুণতকৈ অধিক এই পৰিমাণ

মাহটোত ৫৮ লাখ মেট্ৰিক টন সামগ্ৰী ৰাজ্যসমূহত আনলোড কৰা হৈছে, ৭.৭ লাখ মেট্ৰিক টনেৰে বিহাৰে লাভ কৰিছে সৰ্বাধিক, কৰ্ণাটকে লাভ কৰিছে ৭ লাখ মেট্ৰিক টন

আটা ক্ৰয়ৰ পৰিমাণে অতিক্ৰম কৰিছে ১৩০ লাখ মেট্ৰিক টনৰ সীমা, ৬৮ লাখ মেট্ৰিক টনেৰে শীৰ্ষত আছে পাঞ্জাৱ

प्रविष्टि तिथि: 30 APR 2020 6:45PM by PIB Guwahati

ভাৰতীয় খাদ্য নিগমে ২০২০ৰ এপ্ৰিল মাহটোত ৬০ লাখ মেট্ৰিক টন খাদ্য-শস্য যোগান কৰিছে৷ পথেৰে কাশ্মীৰ উপত্যকা আৰু লেহ/লাডাখলৈ ১ লাখ মেট্ৰিক টন সামগ্ৰী পৰিবহণ কৰাৰ লগতে অৰুণাচল প্ৰদেশ আৰু মেঘালয়লৈ ০.৮১ লাখ মেট্ৰিক টন খাদ্য-শস্য যোগান ধৰা হৈছে৷ সাগৰীয় পথেৰে আন্দামান আৰু লাক্ষাদ্বীপলৈ ০.১ লাখ মেট্ৰিক টন খাদ্য-শস্য পৰিবহণ কৰা হৈছে৷

ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ মাজতো এফচিআইয়ে এপ্ৰিল মাহত ৰাজ্যসমূহলৈ প্ৰায় ৫৮ লাখ খাদ্য শস্য আনলোড কৰিছে৷ আক্ৰান্ত অঞ্চলসমূহতো এফচিআইয়ে পিডিএছ ব্যৱস্থাৰ যোগেদি ৰাজ্য চৰকাৰসমূহৰ সহযোগিতা খাদ্য-শস্যৰ যোগান ধৰিবলৈ সমৰ্থ হৈছে৷

পিএমজিকেএৱাইৰ অধীনত এফচিআইয়ে প্ৰায় ৮০ কোটি লোকক বিনামূলীয়া খাদ্য-শস্য যোগান ধৰিবলৈ সমৰ্থ হৈছে৷

ইয়াৰ মাজতে আটা ক্ৰয়ৰ পৰিমাণে ১৩০ লাখ মেট্ৰিক টনৰ সীমা অতিক্ৰম কৰিছে৷ এইক্ষেত্ৰত শীৰ্ষস্থানত আছে পাঞ্জাৱ (৬৮ লাখ মেট্ৰিক টন), হাৰিয়ানা (৩০ লাখ মেট্ৰিক টন) আৰু মধ্য প্ৰদেশ (২৫ লাখ মেট্ৰিক টন)৷

****

APS/PK/MS/MANN


(रिलीज़ आईडी: 1619668) आगंतुक पटल : 183
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , Telugu , English , Gujarati , Urdu , हिन्दी , Bengali , Odia , Tamil , Kannada