হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

আত্ম সহায়ক গোটে সমগ্ৰ দেশত প্ৰায় ১কোটি ফেচ মাস্ক প্ৰস্তুত কৰিছে

Posted On: 29 APR 2020 1:46PM by PIB Guwahati

বিভিন্ন আত্ম সহায়ক গোটে দেশজুৰি ১কোটিৰো অধিক ফেচ মাস্ক প্ৰস্তুত কৰিছে৷ ইয়ে আৱাস আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ ধ্বজাবাহী আঁচনি ডিএৱাই-এনইউএলএমৰ অধীনত ক’ভিড-১০ৰ বিৰুদ্ধে যুঁজিবলৈ আত্ম সহায়ক গোটসমূহৰ নিৰলস প্ৰচেষ্টা, ইতিবাচক উদ্যম আৰু ঐক্যবদ্ধ দৃঢ়তাক প্ৰতিফলিত কৰে৷

এই মহিলা ব্যৱসায়ীসকলে নিজৰ দৃঢ়তা আৰু বিশ্বাসেৰে আনকো অনুপ্ৰাণিত কৰিছে৷ তেওঁলোকৰদ্বাৰা অনুপ্ৰাণিত হৈ আন বহুতে এতিয়া অধিক শক্তি আৰু দৃঢ়তাৰে এনে কামত আত্মনিয়োগ কৰিছে৷ এই ধৰণেৰে আজি মহিলা ব্যৱসায়ীয়ে প্ৰকৃতাৰ্থত মানুহৰ জীৱন ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷

আত্ম সহায়ক গোটৰ কিছু উদাহৰণঃ

সমৃদ্ধি এৰিয়া লেভেল ফেডাৰেচন(এএলএফ)ৰ সভাপতি শ্ৰীমতী শুভাংগী চন্দ্ৰকান্ত ধাইগুড়িৰ মুখৰ  সৰল হাঁহিটোত সন্তুষ্টি আৰু গৌৰৱৰ চিন ফুটি উঠে৷ তেওঁ ফোনত অৰ্ডাৰ গ্ৰহণ কৰে আৰু মহাৰাষ্ট্ৰৰ টিটৱালাস্থিত নিজৰ ঘৰত মাস্ক প্ৰস্তুত কৰে৷ তেওঁ কয় যে তেওঁলোকে ৫০,০০০ মাস্ক প্ৰস্তুত কৰিছে আৰু তেওঁৰ সৈতে প্ৰায় ৪৫গৰাকী এই কাৰ্যত জড়িত হৈ আছে৷

 

ৰাজস্থানৰ কোটাৰ সৱৰ্ণী নামৰ এটা আত্ম সহায়ক গোটৰ সদস্য মিনু ঝাই কয় যে তেওঁ কেতিয়াও কল্পনাই কৰা নাছিল যে এই সৰু পদক্ষেপেটোৱে আনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিব৷ মিনু ঝাৰ কথাৰ পৰাই আমি উপলব্ধি কৰিব পাৰো যে লকডাউনৰ সময়ছোৱাত আমি সকলোৱে নিজৰ নিজৰ সক্ষমতাৰে ক’ৰোনাৰ বিৰুদ্ধে যুঁজত অৱদান আগবঢ়াব পাৰো৷

 

অসমৰ পৰম্পৰাগত কাপোৰ আৰু অসমবাসীৰ সন্মানৰ প্ৰতীক গামোচা আজি স্বাস্থ্য, সুৰক্ষা আৰু স্বচ্ছতাৰ প্ৰতীক হৈ পৰিছে৷ ৰুনঝুন নামৰ আত্ম সহায়ক গোটৰ সদস্য নগাঁওৰ ৰশ্মিয়ে এই পৰম্পৰাগত কাপোৰেৰে মাস্ক প্ৰস্তুত কৰি আছে৷

জম্মু আৰু কাশ্মীৰৰ কাথুৱা জিলাৰ প্ৰয়াস নামৰ আত্ম সহায়ক গোটৰ সদস্য উপদেশ আণ্ডোট্ৰাই ত্ৰিৰংগাৰ আৰ্হিত মাস্ক প্ৰস্তুত কৰি গৌৰৱ অনুভৱ কৰিছে৷

****

RJ/NG/MS



(Release ID: 1619475) Visitor Counter : 257