ইলেক্ট্ৰ’নিক্স আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজৰ প্ৰতি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে গ্ৰহণ কৰা প্ৰচেষ্টাৱলীৰ প্ৰশংসা ৰবি শংকৰ প্ৰসাদৰ

জিডিটেল শিক্ষা, ডিজিটেল স্বাস্থ্য, ডিজিটেল লেনদেন ইত্যাদিৰ ক্ষেত্ৰত আত্ম-নিৰ্ভৰশীল ১লাখ ডিজিটেল গাঁও গঢ়ি তোলাৰ দৃষ্টিভংগী প্ৰকাশ কৰিলে মন্ত্ৰীগৰাকীয়ে

ক’ভিড-১৯ৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ সম্পদেৰে সকলো ৰাজ্যক ঐক্যবদ্ধ, ডিজিটেলী তথা কায়িকভাৱে কাম কৰিবলৈ আহ্বান জনাই এই প্ৰচেষ্টাত কেন্দ্ৰীয় চৰকাৰৰ সহায়ৰ আশ্বাস মন্ত্ৰীৰ

Posted On: 28 APR 2020 9:30PM by PIB Guwahati

কেন্দ্ৰীয় বৈদ্যুতিন তথা তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে ২৮ এপ্ৰিল, ২০২০ত ৰাজ্যৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সযোগে বৈঠকত মিলিত হয়৷ এই বৈঠকত তথ্য-প্ৰযুক্তি বিভাগৰ দায়িত্বত থকা হাৰিয়ানা আৰু ছিকিমৰ মুখ্যমন্ত্ৰী, বিহাৰ, উত্তৰপ্ৰদেশ আৰু কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰীসকলৰ লগতে অন্ধপ্ৰদেশ, তেলেংগানা, গুজৰাট, কেৰালা, মহাৰাষ্ট্ৰ, পাঞ্জাৱ, অসম, ওড়িশা, গোৱা, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ তথ্য-প্ৰযুক্তি মন্ত্ৰীসকলে অংশগ্ৰহণ কৰে৷ বৈঠকত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যিক আইটি সচিববৰ্গৰ লগতে বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়, ডাক বিভাগ আৰু দুৰসংযোগ বিভাগৰ সচিব তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

এই উপলক্ষে বৈঠকত বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি মন্ত্ৰীগৰাকীয়ে আৰোগ্য সেতু এপৰ বিষয়ে বিস্তৃতভাৱে অৱগত কৰে৷ তদুপৰি, দেশজুৰি ভিডিঅ’ কনফাৰেন্সৰ ব্যৱস্থা, ই-কাৰ্যালয়, ৰাজহুৱা বিত্তীয় ব্যৱস্থাপনা পদ্ধতি, গ্রামাঞ্চলত সামূহিক সেৱা কেন্দ্ৰ আৰু চিডিএচিৰ ই-সঞ্জীৱনী, টেলিমেডিচিন প্লেটফর্মক লৈ আলোচনা হয়৷

ডাক বিভাগৰ সচিবে জনোৱা মতে দেশত ১.৫৬লাখ ডাকঘৰৰ জৰিয়তে ২.৫০কোটি ছেভিংছ বেংকৰ লেনদেন হৈছে৷ যাৰ মুঠ ধনৰ পৰিমাণ ৩৮,০০০ কোটি টকা৷ ডাক বিভাগে ৪৩ লাখ চিঠিপত্ৰ আৰু ২৫০ টন অত্যাৱশ্যকীয় ঔষুধ আৰু ক’ভিড কিট সৰবৰাহ কৰিছে৷

লকডাউনৰ সময়ছোৱাত টেলিছাৰ্ভিচত যতি নপৰাকৈ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা বুলি উল্লেখ কৰি দূৰসংযোগ বিভাগে লগতে কয় যে তেওঁলোকে ক’ভিড কোৱাৰেণ্টাইন এলার্ট ছিষ্টেম আৰু সাৱধান চিষ্টেম আৰম্ভ কৰিছে৷ ৰাষ্ট্ৰীয় ব্ৰ’ডবেণ্ড মিচন ৰূপায়ণ কৰাৰ লক্ষ্যৰে দূৰসংযোগ বিভাগে ৰাজ্যসমূহৰ সহায় বিচাৰে৷

ৰাজ্যসমূহে ক’ভিড-১৯ৰ সংকটৰ সময়ত আগবঢ়োৱা সেৱাৰ বাবে ভাৰতীয় ডাক, সামূহিক সেৱা কেন্দ্ৰ, দূৰসংযোগ বিভাগ তথা তথ্যপ্ৰযুক্তি মন্ত্ৰালয়ৰ প্ৰশংসা কৰে৷ বৈঠকত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা বিভিন্ন প্ৰচেষ্টাৰ সন্দৰ্ভত অৱগত কৰে৷

যোগাযোগ, বৈদ্যুতিন আৰু তথ্যপ্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্রী সঞ্জয় ধোতৰেই কয় যে গ্রামীণ এলেকাত ইণ্টাৰনেট সেৱাৰ মান বৃদ্ধি কৰাটো এতিয়া অত্যন্ত গুৰুত্বপূর্ণ বিষয়। কেন্দ্ৰ, ৰাজ্য চৰকাৰ তথা বেচৰকাৰী সংস্থাসমূহৰ সহযোগত গ্রামাঞ্চলত ডিজিটেল সেৱা বিস্তাৰ কৰিব লাগিব৷

সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে ক’ভিড-১৯ৰ মোকাবিলাৰ বাবে গ্ৰহণ কৰা পদক্ষপৰ প্ৰশংসা কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰবি শংকৰ প্ৰসাদে কয় যে কেন্দ্ৰীয় চৰকাৰে দূৰসংযোগ বিভাগৰ ৱর্ক ফম হোম সংক্রান্তীয় নিয়মাৱলী শিথিল কৰাৰ সময়সীমা ৩০ এপ্রিলৰ পৰা বৃদ্ধি কৰি ৩১ জুলাই পর্যন্ত কৰিছে৷ তেওঁ সকলো ৰাজ্যক ভাৰত নেট কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়৷ ভাৰত নেটৰ জৰিয়তে ডিজিটেল শিক্ষা আৰু স্বাস্থ্য সেৱাৰ সুবিধা প্ৰদানত তেওঁ গুৰুত্ব আৰোপ কৰে৷ ক’ভিড-১৯ৰ ফলত এই সংকটৰ মাজতে বিভিন্ন ইতিবাচক প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি তেওঁ মন্ত্ৰালয়ক এটি পর্টেল প্ৰস্তুত কৰাৰ প্ৰস্তাৱ দিয়ে৷ মন্ত্রীগৰাকীয়ে ৰাজ্যসমূহক আৰোগ্য সেতু এপৰ বিষয়ে জিলাপৰ্যায়লৈকে জনোৱাৰ অনুৰোধ কৰে৷

বর্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যক বৈদ্যুতিন সামগ্রী নিৰ্মাণ কৰাৰ সুযোগ ল’বলৈ আহ্বান জনায়৷ প্রডাকশ্যন লিংকড ইনচেণ্টিভ .০, বৈদ্যুতিন নিৰ্মাণ ক্লাষ্টাৰ্ছ তথা বৈদ্যুতিন উপাদান আৰু ছেমিকণ্ডাক্টৰ নিৰ্মাণ বৃদ্ধি আঁচনি (এছপিইচিএছ) কার্যকৰী কৰাৰ বাবেও ৰাজ্যসমূহক সক্ৰিয় ভূমিকা ল’বলৈ আহ্বান জনায় মন্ত্ৰী প্ৰসাদে৷ কেন্দ্রৰ ৫০,০০০ কোটি টকাৰ এই আঁচনিৰ জৰিয়তে বৈদ্যুতিন যন্ত্রাংশ নির্মাণ উদ্যোগত বিনিয়োগ আহিব বুলি তেওঁ কয়৷ মন্ত্রীগৰাকীয়ে ক’ভিড-১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্ৰত ৰাজ্যসমূহক কেন্দ্রীয় চৰকাৰৰ ফালৰ পৰা সকলো ধৰণৰ সাহায্যৰ আশ্বাস দিয়ে৷

*****

RJ/RP/DB



(Release ID: 1619453) Visitor Counter : 162