বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

‘এলজেইমাৰ’-ৰ বনজ দ্ৰব্য ভিত্তিক এবিধ নিৰাময়ক বিকশিত কৰিছে ‘জেএনচিএএছআৰ’-ৰ বিজ্ঞানীয়ে

Posted On: 29 APR 2020 12:40PM by PIB Guwahati

ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ অধীনস্থ স্বতন্ত্ৰ প্ৰতিষ্ঠান জৱাহৰলাল নেহৰু চেণ্টাৰ ফৰ এডভান্সড ছায়েণ্টিফিক ৰিছাৰ্চ(জেএনচিএএছআৰ)ৰ বিজ্ঞানীৰ এটা দলে বনৌষধীৰে এলজেইমাৰ নামৰ ব্যাধিবিধ নিৰাময় কৰিব পৰা ঔষধ বিকশিত কৰিছে। বাৰ ডি(Ber-D) শীৰ্ষক এইবিধ ঔষধক এলজেইমাৰৰ নিৰাময়ক হিচাপে ব্যৱহাৰ কৰিব পৰা যাব বুলি কৰা গৱেষণাৰ সবিশেষ আইছায়েন্স(iSceince) নামৰ বিজ্ঞান আলোচনীখনত প্ৰকাশিত হৈছে।

বৃদ্ধকালত স্নায়ৱিক বিসংগতিৰ পৰিণতিত উদ্ভৱ হোৱা এলজেইমাৰ নামৰ এইবিধ ব্যধি আক্ৰান্তসকলৰ ক্ষেত্ৰত ৭০শতাংশ স্মৃতিবিভ্ৰমৰ বাবেই জগৰীয়া বুলি ধাৰণা কৰা হয়। ভিন্নমুখী লক্ষণযুক্ত ব্যাধিবিধৰ প্ৰকৃতিগত ভিন্নতাৰ বাবেই ইয়াৰ প্ৰতিকাৰৰ বাবে প্ৰভাৱশালী ঔষধ বিকশিত কৰাৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছে গৱেষকসকল।  

জেএনচিএএছআৰ-ৰ স্বৰ্ণজয়ন্তী ফেল-ৰ সন্মান লাভ কৰা অধ্যাপক টি গোবিন্দৰাজুৰ নেতৃত্বাধীন বিজ্ঞানীৰ দলটোৱে পৰম্পৰাগত চিকিত্সা পদ্ধতিত ব্যৱহাৰৰ লগতে অন্যান্য ক্ষেত্ৰতো সাধাৰণতে ব্যৱহাৰ  কৰা আৰু ভাৰত আৰু চীন দেশত উভৈনদীকৈ উপলব্ধ হোৱা বনৌষধীৰে এইবিধ নিৰাময়ক বিকশিত কৰি উলিওৱাৰ বাবে গৱেষণাত ব্ৰতী হৈছিল। ঔষধ বিধৰ মূল উপাদক হিচাপে ব্যৱহাৰ কৰা বনজ দ্ৰব্যবিধ কমকৈ দ্ৰবণীয় আৰু বিষাক্ত কোষযুক্ত হোৱা বাবে পোনতে ইয়াক সংশোধিত কৰি ইয়াৰ পৰা Ber-D শীৰ্ষক দ্ৰব্যবিধ প্ৰস্তুত কৰাৰ ব্যৱস্থা কৰিছে। এই বাৰ-ডি আকৌ সহজে দ্ৰবীভূত হব পৰা এবিধ এণ্টিঅক্সিডেণ্ট। এই বিধ ঔষধে ভিন্নমুখী এলজেইমাৰৰ বিপৰীতে নিৰাময়ক হিচাপে কাম কৰিব পৰাৰ দক্ষতা প্ৰদৰ্শন কৰিব পাৰিব বুলি আশা কৰিছে গৱেষকসকলে।

এই সংক্ৰান্তীয় তথ্যৰ বাবে নিম্নোল্লিখিত লিংক-ৰে সংযোজিত হব পাৰিব।

 

[Publication link:

https://www.cell.com/iscience/fulltext/S2589-0042(20)30189-9.

https://www.cell.com/iscience/fulltext/S2589-0042(20)30189-9#secsectitle0135

Publication details:

K. Rajasekhar, S. Samanta, V. Bagoband, N. A. Murugan and T. Govindaraju, Antioxidant berberine-derivative inhibits multifaceted amyloid toxicity, iSceince (Cell Press), 2020, 23, 100105. Natural product derived inhibitor of multifaceted amyloid toxicity in Alzheimer’s disease.

https://www.cell.com/iscience/fulltext/S2589-0042(20)30189-9

For further details contact Prof. T. Govindaraju tgraju@jncasr.ac.in, Phone no.: Office-080-2208 2969; Mobile: 94490 32969]

 

 

****

 

KGS/( DST)/KB


(Release ID: 1619312)