অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
                
                
                
                
                
                
                    
                    
                        লাইফলাইন উড়ানৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত কোম্পানীয়ে ৩৯২খন বিমান উৰুৱাইছে
                    
                    
                        
                    
                
                
                    Posted On:
                27 APR 2020 7:23PM by PIB Guwahati
                
                
                
                
                
                
                লাইফলাইন উড়ান আঁচনিৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, আইএএফ আৰু ব্যক্তিগত কোম্পানীয়ে ৩৯২খন বিমান উৰুৱাইছে৷ ইয়াৰে ২২৯খন বিমান সঞ্চালিত কৰিছে এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰে৷ আজিৰ দিনটোলৈ এই বিমানসমূহে কঢ়িওৱা সামগ্ৰীৰ পৰিমাণ হ’ল প্ৰায় ৭৩৬.০০টন৷ লাইফলাইন উড়ান বিমানে এতিয়ালৈকে অতিক্ৰম কৰা আকাশী দূৰত্ব হ’ল ৩,৮৯,১০০ কিলোমিটাৰ৷  উল্লেখ্য যে, দেশৰ দুৰ্গম অঞ্চলত অত্যাৱশ্যকীয় চিকিৎসা সামগ্ৰী যোগান ধৰি ক’ভিড-১৯ৰ বিৰুদ্ধে ভাৰতৰ যুঁজত সহায় কৰিবলৈ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ‘লাইফলাইন উড়ান’ বিমান সঞ্চালিত কৰিছে৷ 
 
লাইফলাইন উড়ান বিমানৰ দৈনিক গতিবিধি নিম্নোক্ত ধৰণৰঃ 
	
		
			| 
			 ক্ৰমিক নম্বৰ 
			 | 
			
			 তাৰিখ 
			 | 
			
			 এয়াৰ ইণ্ডিয়া 
			 | 
			
			 এলায়েন্স  
			 | 
			
			 আইএএফ 
			 | 
			
			 ইণ্ডিগো  
			 | 
			
			 স্পাইচজেট  
			 | 
			
			 মুঠ  
			 | 
		
		
			| 
			 ১ 
			 | 
			
			 ২৬.০৩.২০২০ 
			 | 
			
			 ২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ২ 
			 | 
			
			 ৪ 
			 | 
		
		
			| 
			 ২ 
			 | 
			
			 ২৭.০৩.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৯ 
			 | 
			
			 ১ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৪ 
			 | 
		
		
			| 
			 ৩ 
			 | 
			
			 ২৮.০৩.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৮ 
			 | 
			
			 - 
			 | 
			
			 ৬ 
			 | 
			
			 - 
			 | 
			
			 ১৮ 
			 | 
		
		
			| 
			 ৪ 
			 | 
			
			 ২৯.০৩.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৯ 
			 | 
			
			 ৬ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৯ 
			 | 
		
		
			| 
			 ৫ 
			 | 
			
			 ৩০.০৩.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 - 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৭ 
			 | 
		
		
			| 
			 ৬ 
			 | 
			
			 ৩১.০৩.২০২০ 
			 | 
			
			 ৯ 
			 | 
			
			 ২ 
			 | 
			
			 ১ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১২ 
			 | 
		
		
			| 
			 ৭ 
			 | 
			
			 ০১.০৪.২০২০ 
			 | 
			
			 ৩ 
			 | 
			
			 ৩ 
			 | 
			
			 ৪ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১০ 
			 | 
		
		
			| 
			 ৮ 
			 | 
			
			 ০২.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৫ 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১২ 
			 | 
		
		
			| 
			 ৯ 
			 | 
			
			 ০৩.০৪.২০২০ 
			 | 
			
			 ৮ 
			 | 
			
			 - 
			 | 
			
			 ২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১০ 
			 | 
		
		
			| 
			 ১০ 
			 | 
			
			 ০৪.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৩ 
			 | 
			
			 ২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
		
		
			| 
			 ১১ 
			 | 
			
			 ০৫.০৪.২০২০ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৬ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৬ 
			 | 
		
		
			| 
			 ১২ 
			 | 
			
			 ০৬.০৪.২০২০ 
			 | 
			
			 ৩ 
			 | 
			
			 ৪ 
			 | 
			
			 ১৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ২০ 
			 | 
		
		
			| 
			 ১৩ 
			 | 
			
			 ০৭.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ২ 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
		
		
			| 
			 ১৪ 
			 | 
			
			 ০৮.০৪.২০২০ 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৬ 
			 | 
		
		
			| 
			 ১৫ 
			 | 
			
			 ০৯.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৮ 
			 | 
			
			 ১ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৩ 
			 | 
		
		
			| 
			 ১৬ 
			 | 
			
			 ১০.০৪.২০২০ 
			 | 
			
			 ২ 
			 | 
			
			 ৪ 
			 | 
			
			 ২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৮ 
			 | 
		
		
			| 
			 ১৭ 
			 | 
			
			 ১১.০৪.২০২০ 
			 | 
			
			 ৫ 
			 | 
			
			 ৪ 
			 | 
			
			 ১৮ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ২৭ 
			 | 
		
		
			| 
			 ১৮ 
			 | 
			
			 ১২.০৪.২০২০ 
			 | 
			
			 ২ 
			 | 
			
			 ২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৪ 
			 | 
		
		
			| 
			 ১৯ 
			 | 
			
			 ১৩.০৪.২০২০ 
			 | 
			
			 ৩ 
			 | 
			
			 ৩ 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
		
		
			| 
			 ২০ 
			 | 
			
			 ১৪.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 ৫ 
			 | 
			
			 ৪ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৩ 
			 | 
		
		
			| 
			 ২১ 
			 | 
			
			 ১৫.০৪.২০২০ 
			 | 
			
			 ২ 
			 | 
			
			 ৫ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৭ 
			 | 
		
		
			| 
			 ২২ 
			 | 
			
			 ১৬.০৪.২০২০ 
			 | 
			
			 ৯ 
			 | 
			
			 - 
			 | 
			
			 ৬ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৫ 
			 | 
		
		
			| 
			 ২৩ 
			 | 
			
			 ১৭.০৪.২০২০ 
			 | 
			
			 ৮ 
			 | 
			
			 ৮ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১২ 
			 | 
		
		
			| 
			 ২৪ 
			 | 
			
			 ১৮.০৪.২০২০ 
			 | 
			
			 ৫ 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৪ 
			 | 
		
		
			| 
			 ২৫ 
			 | 
			
			 ১৯.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৩ 
			 | 
		
		
			| 
			 ২৬ 
			 | 
			
			 ২০.০৪.২০২০ 
			 | 
			
			 ৮ 
			 | 
			
			 ৪ 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৫ 
			 | 
		
		
			| 
			 ২৭ 
			 | 
			
			 ২১.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 - 
			 | 
			
			 ১০ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৪ 
			 | 
		
		
			| 
			 ২৮ 
			 | 
			
			 ২২.০৪.২০২০ 
			 | 
			
			 ৪ 
			 | 
			
			 - 
			 | 
			
			 ৫ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
		
		
			| 
			 ২৯ 
			 | 
			
			 ২৩.০৪.২০২০ 
			 | 
			
			 ২ 
			 | 
			
			 - 
			 | 
			
			 ৬ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৮ 
			 | 
		
		
			| 
			 ৩০ 
			 | 
			
			 ২৪.০৪.২০২০ 
			 | 
			
			 ৫ 
			 | 
			
			 ৪ 
			 | 
			
			 ১২ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ২১ 
			 | 
		
		
			| 
			 ৩১ 
			 | 
			
			 ২৫.০৪.২০২০ 
			 | 
			
			 ৬ 
			 | 
			
			 ২ 
			 | 
			
			 ৭ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ১৫ 
			 | 
		
		
			| 
			 ৩২ 
			 | 
			
			 ২৬.০৪.২০২০ 
			 | 
			
			 ৬ 
			 | 
			
			 - 
			 | 
			
			 ৩ 
			 | 
			
			 - 
			 | 
			
			 - 
			 | 
			
			 ৯ 
			 | 
		
		
			| 
			   
			 | 
			
			 মুঠ 
			 | 
			
			 ১৩৫ 
			 | 
			
			 ৯৪ 
			 | 
			
			 ১৫৫ 
			 | 
			
			 ৬ 
			 | 
			
			 ২ 
			 | 
			
			 ৩৯২ 
			 | 
		
	
 
 
ঘৰুৱা লাইফলাইন উড়ান কাৰ্গোৱে ক’ভিড-১৯ সম্পৰ্কীয় বিকাৰক, এনজাইম, চিকিৎসা সা-সজুলি, টেষ্টিং কীট, ব্যক্তিগত সুৰক্ষা সজুলি(পিপিই), মাস্ক, গ্ল’ভছ, এইচএলএল আৰু আইচিএমআৰৰ অন্যান্য সামগ্ৰী পৰিবহণ কৰে৷ লাইফলাইন উড়ানৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চল, দ্বীপ অঞ্চল আৰু পাহাৰীয়া অঞ্চলসমূহৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ এয়াৰ ইণ্ডিয়া আৰু ভাৰতীয় বায়ু সেনাই সাধাৰণতে জম্মু আৰু কাশ্মীৰ, লাডাখ, উত্তৰ-পূৰ্বাঞ্চল আৰু আন দ্বীপ অঞ্চলসমূহত সমন্বয়েৰে কাম কৰি আছে৷ 
ঘৰুৱা কাৰ্গো অপাৰেট’ৰ স্পাইচজেট, ব্লু ডাৰ্ট আৰু ইণ্ডিগোই ব্যৱসায়িক ভিত্তিত কাৰ্গো বিমান সঞ্চালিত কৰিছে৷ স্পাইচজেটে ২৪মাৰ্চৰ পৰা ২৬ এপ্ৰিললৈ ৬০৮খন কাৰ্গো বিমানেৰে ৪,৪২৮টন সামগ্ৰী কঢ়িয়াইছে৷ ই অতিক্ৰম কৰা আকাশী দূৰত্ব হ’ল ১০,৬৯,০৭১কিলোমিটাৰ৷ ইয়াৰে ২১৬খন আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান৷ একেদৰে, ব্লু ডাৰ্টে ২৫মাৰ্চৰ পৰা ২৬ এপ্ৰিললৈ ২১১খন কাৰ্গো বিমানেৰে ৩,৪৮১ টন সামগ্ৰী কঢ়িয়াই ২,২৮,০৮৫ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰিছে৷ ইয়াৰে ১০খন আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান৷ ইণ্ডোগ’ৱে ৩-২৬ এপ্ৰিললৈ ৫০খন কাৰ্গো বিমানেৰে ৭৭,৯৯৬ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰিছে আৰু প্ৰায় ১৮৫টন সামগ্ৰী কঢ়িয়াইছে৷ ইয়াৰে ১৭খন আছিল আন্তঃৰাষ্ট্ৰীয় বিমান৷ ভিষ্টাৰাই ১৯-২৬ এপ্ৰিলৰ সময়ছোৱাত ১২খন কাৰ্গো বিমান সঞ্চালিত কৰি প্ৰায় ৮২টন সামগ্ৰী কঢ়িয়াইছে আৰু ১৬,৯৫২ কিলোমিটাৰ আকাশী দূৰত্ব অতিক্ৰম কৰিছে৷
আন্তঃৰাষ্ট্ৰীয় খণ্ডঃ ফাৰ্মাচিউটিকেল, চিকিৎসা সা-সজুলি আৰু ক’ভিড-১৯ৰ সাহায্য সামগ্ৰী পৰিবহণৰ বাবে পূব এছিয়াৰ সৈতে এক কাৰ্গো এয়াৰ ব্ৰীজ স্থাপন কৰা হৈছে৷ এই ব্ৰীজৰ জৰিয়তে এয়াৰ ইণ্ডিয়াই ৪-২৬ এপ্ৰিলৰ সময়ছোৱাত বিভিন্ন দেশৰ পৰা মুঠ ৫৯৩টন সামগ্ৰী কঢ়িয়াইছে৷ তদুপৰি, ব্লু ডাৰ্টে ১৪-২৬ এপ্ৰিলৰ ভিতৰত গুৱাংঝুৰ পৰা ১০৯ টন চিকিৎসা সামগ্ৰী, ২৫ এপ্ৰিলত চাংহাইৰ পৰা ৫টন চিকিৎসা সামগ্ৰী কঢ়িয়ায়৷ আনহাতে, স্পাইচজেটে ২৬ এপ্ৰিললৈ চাংহাইৰ পৰা ১৪০টন চিকিৎসা সামগ্ৰী আৰু ২৫ এপ্ৰিললৈ ছিংগাপুৰৰ পৰা ১৩টন চিকিৎসা সামগ্ৰী দেশত যোগান ধৰে৷ 
****
RJ/NG/MS
                
                
                
                
                
                (Release ID: 1618855)
                Visitor Counter : 144
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada