প্ৰতিৰক্ষা মন্ত্ৰালয়

ক’ভিড-১৯ বিৰোধী যুঁজত ভাৰতীয় বায়ুসেনা বাহিনীৰ সহযোগিতা

Posted On: 27 APR 2020 6:19PM by PIB Guwahati

ভেল কৰোনা মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত ভাৰত চৰকাৰে গ্ৰহণ কৰা অভিযানত প্ৰয়োজন হোৱা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ভাৰতীয় বায়ুসেনা বাহিনী আগবাঢ়ি আহিছে। বাহিনীটোৱে অত্যাৱশ্যকীয় চিকিত্সা সমগ্ৰী, খাদ্য-দ্ৰব্যৰ যোগান আৰু দেশৰ ভিতৰত চিকিত্সা-কৰ্মীৰ পৰিবহণ কৰাৰ উপৰি ৰাজ্য চৰকাৰসমূহৰ লগতে সংক্ৰমণ প্ৰতিৰোধী কাৰ্যক্ৰমত জড়িত সংস্থাসমূহলৈও বিভন্ন ধৰণে সহযোগিতা আগবঢ়াই আহিছে।

যোৱা ২৫ এপ্ৰিল, ২০২০ত বায়ুসেনা বাহিনীৰ এখন বিমানে কভিড-১৯ৰ চিকিত্সা সংক্ৰান্তীয় ২২ টন পৰিমাণৰ চিকিত্সা সামগ্ৰী কঢ়িয়াই আনি মিজোৰামৰ লেংপুই বিমান বন্দৰত অৱতৰণ কৰেহি। এই সামগ্ৰীসমূহ মিজোৰাম আৰু মেঘালয় চৰকাৰৰ বাবে কঢ়িয়াই অনা হৈছিল। এই পৰ্যন্ত বায়ুসেনা বাহিনীয়ে প্ৰায় ৬০০টন চিকিত্সা উপকৰণ আৰু অন্যান্য সহায়ক সামগ্ৰী কঢ়িয়াই আনিছে।

ইফালে, কুৱেইট চৰকাৰৰ আহ্বানক্ৰমে সশস্ত্ৰ সেনা চিকিত্সা সেৱা(এএফএমএছ)ৰ এটা ১৫জনীয়া তত্কালীন সেৱা প্ৰদানকাৰী গোটক যোৱা ১১এপ্ৰিল, ২০২০ত কুৱেইটলৈ নিয়াৰ বিপৰীতে তাত কাম শেষ হোৱাৰ পিছত যোৱা ২৫ এপ্ৰিলত পুনৰ বায়ুসেনাৰ চি-১৩০বিমানৰে তেওঁলোকক ওভতাই অনাৰো দিহা কৰে বায়ুসেনা বাহিনীয়ে। দলটো উভতি অহাৰ পথত জৰুৰী ভাবে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হোৱা এজনী ৬বছৰীয়া কেন্সাৰ-আক্ৰন্ত কিশোৰীৰ সৈতে তেওঁৰ দেউতাককো দেশলৈ কঢ়িয়াই আনে  বিমানখনে।

বায়ুসেনা বাহিনীয়ে অনাগত সময়ত যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থাকিব পৰাকৈ সকলোধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে।

***

IN/BSK/KB



(Release ID: 1618831) Visitor Counter : 155