প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

ক’ভিড-১৯ৰ সৈতে মোকাবিলা কৰাৰ বাবে পৰিকল্পনা প্ৰস্তুতিৰ উদ্দেশ্যে মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

লকডাউনে প্ৰদৰ্শিত কৰিছে ইতিবাচক ফলাফল, বিগত ডেৰ মাহত ৰক্ষা পৰিছে সহস্ৰাধিক জীৱনঃ প্ৰধানমন্ত্ৰী

দ্ৰুত সমাধান আমাৰ লক্ষ্য হোৱা আৱশ্যক, ‘দুই গজৰ দূৰত্ব’ৰ মন্ত্ৰ পালন কৰা প্ৰয়োজন: প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যসমূহে ৰঙা মণ্ডলৰ এলেকাসমূহ কমলা মণ্ডললৈ আৰু তাৰ পিছত সেউজীয়া মণ্ডললৈ পৰিৱৰ্তন কৰাৰ দিশত প্ৰয়াস কৰা উচিত

সাধাৰণ নাগৰিকৰ জীৱন স্পৰ্শ কৰিব পৰাকৈ আমি সাহসী হোৱাৰ লগতে সংস্কাৰ
সাধন কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

ক’ভিড-১৯ৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ সময়তে অৰ্থনীতিৰ প্ৰতিও আমি গুৰুত্ব প্ৰদান কৰিব লাগিবঃ প্ৰধানমন্ত্ৰী

আগন্তুক মাহকেইটাতো ক’ৰোনা ভাইৰাছৰ প্ৰভাৱ লক্ষণীয় হৈ থাকিব, মাস্ক আৰু মুখৰ আৱৰণ আমাৰ জীৱনৰ অংশ হৈ পৰিবঃ প্ৰধানমন্ত্ৰী

মুখ্যমন্ত্ৰীসকলে নিজ ৰাজ্যৰ খতিয়ান দাঙি ধৰাৰ লগতে অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মোকাবিলা তথা স্বাস্থ্য আন্তঃগাঁথনিৰ উত্তৰণ কৰিব পৰা উপায় সম্পৰ্কে মতামত আগবঢ়ায়

Posted On: 27 APR 2020 1:48PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কভিড-১৯ৰ সৈতে মোকাবিলা কৰিবলৈ তথা সংকটময় পৰিস্থিতিৰ বিষয়ে আলোচনা কৰিবলৈ আজি ভিডিঅকনফাৰেন্সযোগে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হয়৷ কভিড-১৯ সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে আজি চতুৰ্থখন বৈঠকত অংশগ্ৰহণ কৰে৷ ইয়াৰ পূৰ্বে ২০ মাৰ্চ, ২ এপ্ৰিল আৰু ১১ এপ্ৰিল ২০২০ তাৰিখে মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক অনুষ্ঠিত হৈছিল৷

লকডাউনে ইতিবাচক ফলাফল প্ৰদৰ্শিত কৰাৰ লগতে ইয়াৰ জৰিয়তে বিগত ডেৰ মাহত দেশৰ সহস্ৰাধিক লোকৰ জীৱন ৰক্ষা পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে৷ তেওঁ কয় যে ভাৰতৰ জনসংখ্যা বিশ্বৰ বিভিন্ন দেশৰ সংযুক্ত  জনসংখ্যাৰ সৈতে তুলনা কৰিব পাৰি ভাৰতকে ধৰি বিভিন্ন দেশত মাৰ্চ মাহতেই এই সংকটময় পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ কিন্তু সময়োপযোগী পদক্ষেপৰ সৈতে ভাৰতে বহু লোকৰ জীৱন ৰক্ষা কৰিবলৈ সমৰ্থ হৈছে৷ তেওঁ কয় যে তথাপিও ভাইৰাছবিধৰ ভয়াবহতা এতিয়াও বৰ্তি আছে আৰু ইয়াৰ বাবে নিৰৱচ্ছিন্ন নিৰীক্ষণৰ পুৰামাত্ৰাই আৱশ্যক৷

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশত এই পৰ্যন্ত দুটা লকডাউন প্ৰণয়ন কৰা হৈছে৷ দুয়োটাৰেই উদ্দেশ্য পৃথক আৰু এতিয়া আমি ইয়াৰ ঊৰ্ধত চিন্তা কৰিব লাগিব৷ তেওঁ কয় যে কৰোনা ভাইৰাছৰ প্ৰভাৱ আগন্তুক কেইটামান মাহলৈ থাকিব৷ ‘‘দুই গজ দূৰত্ব’’ৰ মন্ত্ৰৰ সৈতে মাস্ক আৰু মুখৰ আৱৰণী এতিয়া আমাৰ জীৱনৰ অংশ হৈ পৰিব বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ কয় যে চলিত পৰিস্থিতিত প্ৰত্যেকেই দ্ৰুত সমাধানৰ প্ৰতি লক্ষ্য নিৰ্ধাৰণ কৰা উচিত৷ বহুলোকে নিজৰ কাহ আৰু কফৰ সমস্যা স্ব-ঘোষণা কৰিছে আৰু এয়া সুলক্ষণ বুলিও তেওঁ মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে কয় যে আমি কভিড-১৯ৰ সৈতে যুদ্ধ অব্যাহত ৰখাৰ সময়তে আমাৰ অৰ্থনীতিৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব৷ এই ক্ষেত্ৰত যথাসম্ভৱ ধৰণে প্ৰযুক্তিৰ ব্যৱহাৰ আৰু সমাধানমূলক উপায়ৰ চিন্তা কৰাটো আৱশ্যক বুলি তেওঁ দোহাৰে৷ কভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আৰোগ্য সেতু এপৰ ডাউনলোডে দেশক যথেষ্ট উপকৃত কৰিব পাৰিব বুলি তেওঁ মন্তব্য প্ৰদান কৰে৷ তেওঁ কয়, ‘‘সাধাৰণ নাগৰিকৰ জীৱন স্পৰ্শ কৰিব পৰাকৈ আমি সাহসী হোৱাৰ লগতে  সংস্কাৰ সাধন কৰিব লাগিব৷’’ বিশ্ববিদ্যালয়সমূহৰ সৈতে জড়িত লোকসকলক এই মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ গৱেষণা তথা উদ্ভাৱনৰ কথা চিন্তা কৰিবলৈও তেওঁ জনসাধাৰণক আহ্বান জনায়৷

তেওঁ কয় যে ৰাজ্যসমূহে ৰঙা মণ্ডলসমূহ অৰ্থাৎ হটস্পটসমূহৰ বাবে প্ৰযোজ্য নিৰ্দেশনাৱলী কঠোৰভাৱে পালন কৰা আৱশ্যক৷ এই ক্ষেত্ৰত ৰাজ্যসমূহে ৰঙা মণ্ডলসমূহ কমলা মণ্ডললৈ আৰু তাৰ পিছত সেউজীয়া মণ্ডললৈ পৰিৱৰ্তিত কৰিবলৈ প্ৰয়াস কৰা আৱশ্যক বুলি উল্লেখ কৰে৷

বিদেশত আৱদ্ধ হৈ ৰোৱা ভাৰতীয়সকলক দেশলৈ ঘূৰাই অনা সন্দৰ্ভত তেওঁ কয় যে সেই নাগৰিকসকলৰ যাতে অসুবিধা নহয় আৰু তেওঁলোকৰ পৰিয়াল যাতে কোনো ক্ষতিশংকাৰ সন্মুখীন হবলগীয়া নহয়, তাৰে প্ৰতি লক্ষ্য ৰাখি ইয়াক সম্পন্ন কৰা হব৷ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলক পৰিৱৰ্তিত বতৰৰ বাবে অসুখ বৃদ্ধি হোৱাৰ কথা উল্লেখ কৰি এই ক্ষেত্ৰত সতৰ্কতা পালন কৰিবলৈ আহ্বান জনায়৷

কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে সৰ্বাধিক লোকৰ জীৱন ৰক্ষাৰ বাবে লকডাউনৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে৷

মুখ্যমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰীয়ে এই সংকটৰ সময়ছোৱাত প্ৰদৰ্শন কৰা নেতৃত্বশালী ভূমিকাক প্ৰশংসা কৰে আৰু তেওঁলোকে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে আলোকপাত কৰে৷ আন্তঃৰাষ্ট্ৰীয় সীমাত নিৰীক্ষণ ব্যৱস্থা শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে তেওঁলোকে উল্লেখ কৰি উদ্ভৱ হোৱা অৰ্থনৈতিক প্ৰত্যাহ্বান আৰু স্বাস্থ্যখণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ বিষয়েও তেওঁলোকে বৈঠকত উত্থাপন কৰে৷ নেতাসকলে কভিড-১৯ৰ বিৰুদ্ধে ঘোষণা কৰা যুদ্ধত আৰক্ষীবাহিনী আৰু স্বাস্থ্যকৰ্মীসকলৰ আদৰ্শমূলক কৰ্ম-ৰাজিৰো প্ৰশংসা কৰে৷

VRRK/SH/MANN


(Release ID: 1618662) Visitor Counter : 300