হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

‘পিম্প্ৰি চিনচৱাড় ক’ভিড-১৯ ‘ৱাৰ ৰুম’-য়ে প্ৰযুক্তিৰ সদ্ব্যৱহাৰ আৰু তথ্যানুসন্ধানৰে গ্ৰহণ কৰিছে প্ৰভাৱশালী সিদ্ধান্ত

Posted On: 24 APR 2020 6:21PM by PIB Guwahati

ভিড-১৯য়ে সৃষ্টি কৰা পৰিস্থিতিৰ সমীক্ষা কৰাৰ লগতে সমগ্ৰ ব্যৱস্থাৱলী নিৰীক্ষণ কৰাৰ বাবে পিম্প্ৰি-চিনচৱাড় মহানগৰীৰ পিচিএমচি-ত এটা কভিড-১৯ ৱাৰ ৰূম স্থাপন কৰা হৈছে। এই ৱাৰ ৰূমত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ সম্যক জ্ঞান আহৰণ কৰিবলৈ বিভিন্ন তথ্যৰ সংগ্ৰহ, আনুষংগিক প্ৰবন্ধন তথা বিশ্লেষণৰ বাবে স্মাৰ্ট চিটী মিছন-ৰ অধীনত উপলব্ধ প্ৰযুক্তিগত ব্যৱস্থাৱলীৰ বাৰুকৈয়ে লোৱা হৈছে। এই ৱাৰ ৰূমত তলত উল্লেখ কৰা তথ্যসূচী প্ৰবন্ধনৰ দিহা কৰা হৈছে।

স্বাস্থ্য সুৰক্ষা আৰু ৰোগীৰ সবিশেষ সম্পৰ্কীয় তথ্যসূচী :ভিড-১৯ সম্পৰ্কীয় ৰোগীৰ তথ্য, পৰীক্ষণ আৰু স্বস্থ্য সুৰক্ষা সন্দৰ্ভত তাত্ক্ষণিক তথ্য আগবঢ়াব পৰাকৈ এক তথ্যসূচী বিকশিত কৰিছে পিচিএমচি-য়ে। মহানগৰীৰৰ প্ৰতিখন চিকিত্সালয়ে অনলাইন ব্যৱস্থাৰে এই তথ্যসূচী প্ৰত্যক্ষ কৰাৰ লগতে চিকিত্সালয়সমূহৰ শেহতীয়া তথ্যৰে তাত্ক্ষণিকভাবে এই তথ্যসূচীৰ সংস্কৰণো কৰিব পাৰে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0012CMU.jpg

 

ভিড-১৯ জিআইএছ তথ্যসূচী : এয়া হৈছে এলেকা-ভিত্তিক তথ্য পদ্ধতি। এই তথ্যসূচীত যিসকল লোকক ঘৰত কোৱাৰেণ্টাইন কৰি ৰখা হৈছে(ওপৰৰ মানচিত্ৰত মেৰুণ ৰঙৰে নিৰ্দেশিত কৰা), কভিড-১৯ আক্ৰান্তৰ শেহতীয়া এলেকা(ৰঙা ৰঙৰে নিৰ্দেশিত), আহ-যাহ বন্ধ কৰা এলেকা(কলা ৰঙেৰে নিৰ্দেশিত), বন্ধ ঘোষণা কৰা পথ আদি। কোনো এগৰাকী লোক কভিড-১৯ আক্ৰান্ত বুলি নিশ্চিত হলেই তেওঁ বাস কৰা এলেকা এই তথ্যসূচীত চিহ্নিত কৰাৰ ব্যৱস্থা কৰা হৈছে।  

 

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image002N70U.jpg

 

মহানগৰ নিৰীক্ষণ সম্পৰ্কীয় তথ্যসূচী : কৰ্ম-পন্থাৰ সবিশেষ নিৰীক্ষণ কৰাৰ বাবে পিচিএমচি-ৰ আওতাত থকা এলেকাৰ ৮৫টা স্থানত মুঠ ২৯৮টা পয়ণ্ট-টিল্ট-ঝুম কেমেৰা সংস্থাপিত কৰা হৈছে। এইসমূহ কেমেৰাৰ জৰিয়তে সংগ্ৰহ কৰা তথ্যসূচীৰ তদাৰকী কৰি আছে পিচিএমচি আৰু পিম্প্ৰি-চিনচৱাড় আৰক্ষীয়ে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image003LF2Y.jpg

সাৰথী সহায়তা তথ্যসূচী : ‘পিচিএমচি’ত ‘সাৰথী’ শীৰ্ষক এটা সহায়তা মঞ্চ আছে। ‘সাৰথী’ৰ সম্পূৰ্ণ ৰূপ হ’ল-‘ছিষ্টেম অব এছিষ্টিং ৰেচিডেণ্টছ এণ্ড টুৰিষ্ট থ্ৰু হেল্পলাইন ইনফৰ্মেশ্যন। অৰ্থাত ‘হেল্পলাইনৰ তথ্যৰে আবাসীসকলৰ লগতে পৰ্যটকসকললৈ সহায় আগবঢ়োৱা ব্যৱ্স্থা’। এই ব্যৱস্থাৰ জৰিয়তে নাগৰিকসকলে যিকোনো ধৰণৰ সহায় বিচাৰি টেলিফোনৰে যোগাযোগ কৰিব পাৰে। এই মঞ্চলৈ অহা সকলো ফোনকল ৰেকৰ্ড কৰা হয়। ক’ভিড-১৯ৰ সংক্ৰমণৰ পৰৱৰ্তি পৰিস্থিতিত এই সহায়তা মঞ্চইয়ো নাগৰিকসকলক বাৰুকৈয়ে সহায় আগবঢ়াইছে। দুটা সপ্তাহৰ ভিতৰতে এই মঞ্চৰ অন লাইন সুবিধা ৩০,০০০হাজাৰৰো অধিক লোকে ‘ডাউনলোড’ কৰিছে।

https://static.pib.gov.in/WriteReadData/userfiles/image/image0040NLG.jpg

*****


RJ/NG/KB



(Release ID: 1618424) Visitor Counter : 148