গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

দাইল বিতৰণৰ বৃহৎ অভিযান অব্যাহত আছে

পিএমজিকেএৱাইৰ অধীনত নাফেড-এ প্ৰায় ২০কোটি এনএফএছএ পৰিয়ালক ৰেচন দোকানৰ মাধ্যমেৰে তিনি মাহৰ বাবে আগবঢ়াব প্ৰায় ৫.৮লাখ মেট্ৰিক টন দাইল

প্ৰায় ২লাখ ট্ৰাক যাত্ৰা আৰু ৪ সপ্তাহজোৰা লোডিং/আপলোডিঙৰ ব্যৱস্থা

Posted On: 25 APR 2020 4:09PM by PIB Guwahati

দেশৰ প্ৰায় ২০ কোটি পৰিয়ালক তিনি মাহৰ বাবে ১কেজিকৈ দাইল বিতৰণৰ বাবে সম্প্ৰতি ইয়াৰ পৰিবহণ আৰু চাফাইৰ এক বৃহৎ অভিযান অব্যাহত আছে৷ উল্লেখ্য যে, এই সংকটৰ সময়ত দেশৰ অভাৱগ্ৰস্ত লোকৰ প্ৰটিনৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ অধীনত প্ৰত্যেক এনএফএছএ পৰিয়ালক ১কেজিকৈ স্বচ্ছ দাইল প্ৰদানৰ সিদ্ধান্ত লৈছিল৷

কেন্দ্ৰীয় গ্ৰাহক পৰিক্ৰমা বিভাগৰ তত্ত্বৱধানত নাফেডৰদ্বাৰা পৰিচালিত এই অভিযানত কেন্দ্ৰীয় বা ৰাজ্যিক ৱেৰহাউছ ক’ৰ্পোৰেচনৰ পৰা অ-পৰিষ্কাৰ দাইল সংগ্ৰহ কৰা, সেইবোৰ এফএছএছএআইয়ে ধাৰ্য কৰি দিয়া গুণগত মান অনুসৰি পৰিষ্কাৰ কৰা আৰু তাৰ পিছত সেই স্বচ্ছ দাইলবোৰ ৰাজ্যসমূহলৈ প্ৰেৰণ কৰাৰ কাম চলি আছে৷ ইয়াৰ পিছত পৰ্যায়ক্ৰমে সেইবোৰ ৰাজ্য চৰকাৰৰ গুদামলৈ লৈ যোৱা হয় আৰু পিডিএছ দোকানৰ জৰিয়তে বিতৰণ কৰা হয়৷

 

নাফেড-এ অনলাইন নিলামৰ জৰিয়তে আউট টাৰ্ণ ৰেচিঅ’(অ’টিআৰ)ৰ ভিত্তিত দাইল চাফা কৰা কলঘৰসমূহ নিৰ্বাচিত কৰে৷ নাফেডৰ এই অভিযান অত্যন্ত বৃহৎ আৰু খাদ্য-সামগ্ৰীৰ অনা-নিয়া প্ৰক্ৰিয়াতকৈ ই অধিক জটিল৷ প্ৰতি কেজি দাইল অতি কমেও তিনিবাৰ ট্ৰাক ভ্ৰমণ আৰু লোডিং-আনলোডিঙৰ কেইবাটাও প্ৰক্ৰিয়া পাৰ কৰিবলগীয়া হয়৷ দীৰ্ঘ দূৰত্বৰ ক্ষেত্ৰত সামগ্ৰীসমূহ মালবাহী ৰেলেৰে প্ৰেৰণ কৰা হৈছে যদিও অধিকাংশ সামগ্ৰী ট্ৰাকৰ জৰিয়তে বিভিন্ন ৰাজ্যলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হৈছে৷ এই প্ৰক্ৰিয়াত প্ৰায় ৫.৮৮ লাখ মেট্ৰিক টন স্বচ্ছ দাইল নাগৰিকৰ মাজত বিতৰণৰ বাবে প্ৰায় ৮.৫ লাখ মেট্ৰিক টন অ-পৰিষ্কাৰ দাইল লৈ যোৱা হ’ব৷ চৰকাৰে এই আঁচনিৰ বাবে দেশৰ প্ৰায় ১৬৫টা নাফেড গুদাম ব্যৱহাৰৰ অনুমতি দিছে৷ এইপৰ্যন্ত দেশৰ ১০০ৰো অধিক দাইল কাৰখানাক এই সেৱাত নিয়োজিত কৰা হৈছে৷

প্ৰতি মাহত ১.৯৬ লাখ মেট্ৰিক টন দাইল ৰেচন দোকানৰ জৰিয়তে এনএফএছএ পৰিয়ালৰ মাজত বিতৰণৰ বাবে প্ৰয়োজন হ’ব৷ পৰিষ্কাৰ কৰা দাইলৰ প্ৰায় তিনি-চতুৰ্থাংশ (১.৪৫লাখ মেট্ৰিক টন)ইতিমধ্যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে৷

অন্ধ্ৰ প্ৰদেশ, অসম, চত্তিশগড়, দিল্লী, হৰিয়ানা, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, অৰুণাচল প্ৰদেশ, আন্দামান, চণ্ডীগড়, ওড়িশা, পঞ্জাব, ৰাজস্থান, ছিকিম, তামিলনাডু, তেলেংগনাৰ দৰে ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে ইতিমধ্যে দাইলৰ বিতৰণ আৰম্ভ কৰিছে৷ আন একাংশ ৰাজ্যই সামাজিক দূৰত্ব আৰু জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মে’ৰ প্ৰথম সপ্তাহত আন খাদ্য সামগ্ৰীৰ সৈতে দাইলৰ বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰিব৷ আজিৰ দিনটোলৈকে প্ৰায় ৩০,০০০ মেট্ৰিক টন দাইল বিতৰণ কৰা হৈছে৷

উল্লেখ্য যে, দাইলৰ এইধৰণৰ বৃহৎ অভিযান গ্ৰাহক পৰিক্ৰমা বিভাগৰদ্বাৰা প্ৰথমবাৰৰ বাবে হাতত লোৱা হৈছে৷ এই অভিযানে প্ৰায় ২লাখ ট্ৰাক যাত্ৰা আৰু ৪ সপ্তাহজোৰা এক দীঘলীয়া লোডিং আৰু আনলোডিং প্ৰক্ৰিয়া সাঙুৰি ল’ব৷ স্বাভাৱিক পৰিস্থিতিত এয়া এক উচ্চাকাংক্ষী পদক্ষেপ, কিন্তু লকডাউনৰ সময়ত এয়া অত্যন্ত প্ৰত্যাহ্বানজনক; যিহেতু বহুতো দাইল কাৰখানা আৰু গুদাম হটস্প’ট অঞ্চলত অৱস্থিত৷ তেনে অঞ্চলত নিৰাপদে কাৰ্য পৰিচালনা কৰাটো যথেষ্ট কঠিন৷ তেনে অঞ্চলত ট্ৰাক আৰু সামগ্ৰী উঠোৱা-নমোৱাৰ বাবে শ্ৰমিক লাভ কৰাটো বৃহৎ সমস্যা৷

*****

APS/PK/MS/MS



(Release ID: 1618385) Visitor Counter : 214