নৌ-পৰিবহন মন্ত্ৰালয়
ভাৰতীয় সামুদ্ৰিক খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে বাৰ্তালাপ কৰিলে শ্ৰী মনসুখ মাণ্ডব্যই
ক’ভিড-১৯ৰ পিছত ব্যৱসায় পুনৰুদ্ধাৰৰ পৰিকল্পনা আৰু পথৰ আলোচনা
Posted On:
24 APR 2020 8:37PM by PIB Guwahati
কেন্দ্ৰীয় ৰাজ্যিক নৌ পৰিবহণ (স্বতন্ত্ৰ) মন্ত্ৰী শ্ৰী মনসুখ মাণ্ডব্যই আজি ভিডিঅ’ কনফাৰেন্সযোগে ভাৰতীয় সামুদ্ৰিক খণ্ডৰ প্ৰতিনিধিসকলৰ বাৰ্তালাপ কৰে৷ আজিৰ বৈঠকখনৰ উদ্দেশ্য আছিল ক’ভিড-১৯ৰ প্ৰত্যাহ্বানৰ পিছত ব্যৱসায় পুনৰুদ্ধাৰৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা৷
ঔদ্যোগিক নেতাসকলে নৌ পৰিবহণ মন্ত্ৰালয়ে উপযুক্ত সময়ত যথোচিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে৷ উদ্যোগটোৰ বাবে গ্ৰহণ কৰা বিভিন্ন সাহায্যমূলক পদক্ষেপৰ বাবেও তেওঁলোকে প্ৰশংসা কৰে৷
বৈঠকখনত ঔদ্যোগিক নেতাসকলে সামুদ্ৰিক খণ্ডত ক’ভিড-১৯ৰ পৰিস্থিতিৰ এক অৱলোকন দাঙি ধৰে৷ শ্ৰী মনসুখ মাণ্ডব্যই তেওঁলোকক কয় যে ভাৰতীয় বন্দৰসমূহ গতিবিধি আৰম্ভ কৰাৰ বাবে পূৰ্ণ সামৰ্থৰ সৈতে প্ৰস্তুত হৈ আছে যদিও ক’ভিড-১৯য়ে সৃষ্টি কৰা প্ৰত্যাহ্বানসমূহ উপযুক্ত নীতি আৰু সেইসমূহৰ প্ৰণয়নৰ জৰিয়তে সমাধান কৰা হ’ব৷
শ্ৰী মাণ্ডব্যই ঔদ্যোগিক নেতাসকলক এই ক’ভিড-১৯ৰ প্ৰত্যাহ্বানক সুযোগলৈ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনায়৷
***
YB/AP/MANN
(Release ID: 1618268)
Visitor Counter : 164