গ্ৰামোন্নয়ণ মন্ত্ৰালয়

কৃষি আৰু গ্ৰামোন্নয়ণ মন্ত্ৰীৰ ভিডিঅ’ কনফাৰেন্স

‘এমজিএনআৰইজিএছ’, ‘পিএমএওৱাই-জি’, ‘পিএমজিএছওৱাই’ আৰু ‘এনআৰএলএম’-ৰ কাম-কাজৰ তত্পৰতা বৃদ্ধিৰ প্ৰসংগৰে আলোচনা

ক’ভিড-১৯ৰ প্ৰত্যাহ্বানক সুযোগ বুলি গ্ৰহণ কৰি গ্ৰাম্য-আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, নিয়োগ-সম্ভাৱনা সৃষ্টি আৰু গ্ৰামাঞ্চলৰ জীৱিকা নিৰ্বাহ পদ্ধতিলৈ ভিন্নতা অনাৰ প্ৰয়াস কৰাত গুৰুত্ব মন্ত্ৰীৰ

Posted On: 24 APR 2020 8:15PM by PIB Guwahati

কেন্দ্ৰীয় গ্ৰামোন্নয়ণ, পঞ্চায়তীৰাজ, কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং তোমৰে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰীসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ জ্যেষ্ঠ বিষয়া-বৰ্গৰ সৈতে আলোচনাত মিলিত হয়। আলোচনাত মন্ত্ৰীগৰাকীয়ে গৃহ মন্ত্ৰালয়ে কভিড-১৯ৰ বিশেষ প্ৰাচুৰ্য নথকা অঞ্চলসমূহত লকডাউন কিছু পৰিমাণে শিথিল কৰাৰ বাবে যোৱা ২০ এপ্ৰিল, ২০২০ত প্ৰদান নিৰ্দেশনাৰ আধাৰত মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি(এমজিএনআৰইজিএছ), প্ৰধানমন্ত্ৰী আবাস যোজনা গ্ৰামীণ(পিএমএওৱাই-জি), প্ৰধানমন্ত্ৰী গ্ৰাম-চড়ক যোজনা;(পিএমজিএছওৱাই) আৰু ৰাষ্ট্ৰীয় গ্ৰাম্য আজীৱিকা অভিযান(এনআৰএলএম) আদি অঁচনিৰ কাম-কাজৰ তত্পৰতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।

ভিড-১৯ মহামাৰীয়ে দেশৰ লগতে সমগ্ৰ পৃথিৱীৰ বাবেই ভয়াবহভাবে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে যদিও এই প্ৰত্যাহ্বানক  এক সুযোগ বুলি গ্ৰহণ কৰি দেশৰ গ্ৰাম্য-আন্তঃগাঁথনিৰ শক্তিশালীকৰণ, নিয়োগ-সম্ভাৱনা সৃষ্টি আৰু গ্ৰামাঞ্চলৰ জীৱিকা নিৰ্বাহ পদ্ধতিলৈ ভিন্নতা অনাৰ প্ৰয়াস কৰাত গুৰুত্ব আৰোপ কৰে মন্ত্ৰী তোমৰে।

প্ৰসংগক্ৰমে তেওঁ, চলিত বিত্তীয় বৰ্ষৰ বাবে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে কেন্দ্ৰীয় গ্ৰামোন্নয়ণ মন্ত্ৰালয়ে ইতিমধ্যে ৩৬,০০০ কোটি টকাৰ পুঁজি মোকলাই দিছে বুলি তথ্য সদৰী কৰেইফালে, মন্ত্ৰালয়টোৱে ৩৩,৩০০কোটি টকাৰ পুঁজি আৱণ্টিত কৰিছে এমজিএনআৰইজিএছ-ৰ বাবে। ইয়াৰে ২০,২২৫ কোটি টকা মজুৰী আৰু সা-সামগ্ৰীৰ বাবদ বিগত বৰ্ষৰ আদায় দিবলগীয়া দেনাৰ বাবে মোকলাই দিয়া হৈছে। আৱণ্টিত ধনৰাশি ২০২০ৰ জুন মাহ পৰ্যন্ত ব্যয় পূৰণৰ বাবে পৰ্যাপ্ত হব বুলিও জানিবলৈ দিবইফালে, গ্ৰামোন্নয়ণ শিতানত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে পৰ্যাপ্ত পুঁজিৰ যোগান ধৰা হব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে

*********

 

APS/SG/PK/KB



(Release ID: 1618177) Visitor Counter : 211