ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ভিডিঅ’ কনফাৰেন্সিযোগে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে জম্মু আৰু কাশ্মীৰৰ প্ৰস্তুতিৰ পৰ্যালোচনা ড০ জিতেন্দ্ৰ সিঙৰ

Posted On: 24 APR 2020 12:51PM by PIB Guwahati

উত্তৰ-পূৰ্বাঞ্চল উন্নয়ন বিভাগ(স্বতন্ত্ৰ দায়িত্ব)আৰু প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যিক মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি ভিড-১৯ৰ বিৰুদ্ধে যুঁজাৰ বাবে জম্মু আৰু কাশ্মীৰৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে৷ ভিডিঅ’ কনফাৰেন্সিংযোগে অনুষ্ঠিত বৈঠকত জম্মু আৰু কাশ্মীৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ জ্যেষ্ঠ বিষয়া, চৰকাৰী চিকিসা প্ৰতিষ্ঠান আৰু মহাবি্দ্যালয়সমূহৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰে৷

ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে চিকিসাৰ সৈতে জড়িত লোকসকল বিশেষকৈ কনিষ্ঠ চিকিসকসকলৰ প্ৰশংসা কৰে, যিসকলে ৰোনা ভাইৰাছৰ বিৰুদ্ধে ফলপ্ৰসূভাৱে যুঁজ দি ৰোগীৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক ৰক্ষা কৰি আহিছে৷  তেওঁ কয় যে ভিড-১৯ বিৰোধী যুঁজত বিশ্বৰ অগ্ৰণী দেশসমূহহৰ ভিতৰত ভাৰত অন্যতম৷ তেওঁ কয় যে জম্মু আৰু কাশ্মীৰে এই মহামাৰীৰ বিৰুদ্ধে যুঁজত কেৰালাৰ দৰে ভাল কাম কৰিছে৷ ড০ জিতেন্দ্ৰ সিঙে ভিড-১৯ৰ বিৰুদ্ধে যুঁজিবলৈ আৰোগ্য সেতু এপ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰে৷ ড০ জিতেন্দ্ৰ সিঙে কয় যে চৰকাৰে চিকিসা তথা স্বাস্থ্যকৰ্মীসকলৰ সুৰক্ষাৰ বাবে যথেষ্ট চিন্তিত আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ সুৰক্ষাৰ স্বাৰ্থত অধ্যাদেশ জাৰি কৰিছে৷ মানসম্পন্ন পিপিই কিট তথা অন্যান্য সঁজুলিৰ পৰ্যাপ্ততাৰ বাবে জম্মু আৰু কাশ্মীৰে জনোৱা আহ্বানৰ প্ৰসংগত তেওঁ কয় যে প্ৰদেশখনলৈ নিয়মীয়াকৈ পিপিই কিট আৰু পৰীক্ষণ সঁজুলি প্ৰদান কৰা হ’ব৷

 

জম্মু আৰু কাশ্মীৰৰ প্ৰস্তুতি সম্পৰ্কে উল্লেখ কৰি স্বাস্থ্য বিভাগৰ বিত্তীয় আয়ুক্ত অটল ডুবেই কয় যে বৰ্তমানলৈকে কেন্দ্ৰীয় শাসিত অঞ্চলটোত মুঠ ৪৩৪গৰাকী লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে বুলি কয়৷ ইয়াৰে ৫৭গৰাকী জম্মুৰ আৰু ৩৭৭গৰাকী লোক কাশ্মীৰৰ৷ মন্ত্ৰীগৰাকীক জনোৱা হয় যে দিল্লীৰ পাছতে কাশ্মীৰত কোটিতকৈ অধিক লোকৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷

কাশ্মীৰত প্ৰায় ৮০ আৰু জম্মুত ১৫টা এলেকা ভিড নিয়ন্ত্ৰিত এলেকা বুলি ঘোষণা কৰা হৈছে৷ তেওঁ কয় যে কাশ্মীৰত ভিড সম্পৰ্কীয় সকলো প্ৰকাৰৰ সমস্যা সমাধানৰ বাবে উচৰ্গিত চিকিসালয় স্থাপন কৰা হৈছে বুলি কয়৷ কেন্দ্ৰীয় শাসিত অঞ্চলটোত অৱসৰপ্ৰাপ্ত ১২৬গৰাকী চিকিসকক পুনৰ নিযুক্তি দিয়াৰ লগতে ঠায়ে ঠায়ে বীজানুপ্ৰতিৰোধী চেনেল স্থাপন কৰা হৈছে৷ সকলো অগ্ৰণী কৰ্মচাৰীৰ বাবে মাস্ক আৰু সুৰক্ষা সঁজুলিৰ ব্যৱস্থা কৰা হৈছে৷

ড০ সিঙক জনোৱা মতে ধাৰ্মিক নেতাসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ সহযোগত সকলোকে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান জনাই ভিডিঅপ্ৰেৰণ কৰা হৈছে৷ অগ্ৰণী কৰ্মচাৰী আৰু লোকসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদিক ঔষধ বিতৰণ কৰা হৈছে৷

 

******

 

VG/JB/SNC/DB



(Release ID: 1617935) Visitor Counter : 179