কয়লা মন্ত্ৰালয়

ক’ল ইণ্ডিয়া লিমিটেডে চলিত বিত্তীয় বৰ্ষত ৭১০ মেট্ৰিকটন কয়লা উৎপাদন কৰিবঃ শ্ৰী প্ৰহ্লাদ জোশী

प्रविष्टि तिथि: 23 APR 2020 2:30PM by PIB Guwahati

’ল ইণ্ডিয়া লিমিটেডে চলিত বিত্তীয় বৰ্ষত ৭১০ মেট্ৰিকটন কয়লা উপাদন কৰিব আৰু সংস্থাটোৰ ক্ৰয়ৰ লক্ষ্যও ৭১০ মেট্ৰিকটন হ’ব। কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰী শ্ৰী প্ৰহ্লাদ জোশীয়ে ২২ এপ্ৰিল ২০২০ তাৰিখে এক ভিডিঅ’ কনফাৰেন্সযোগে এই কোম্পানীৰ পৰ্যালোচনা কৰি উক্ত লক্ষ্য বান্ধি দিয়ে। 

“ক’ৰোনাৰ বাবে হোৱা লকডাউন শেষ হোৱাৰ লগে লগে কয়লাৰ চাহিদা বাঢ়ি যাব। সেয়ে মই ক’ল ইণ্ডিয়া লিমিটেডক ২০২০-২১ বিত্তীয় বৰ্ষত ৭১০ মেট্ৰিকটনকৈ কয়লা উপাদন আৰু ক্ৰয় কৰাৰ লক্ষ্যৰে কাম কৰিবলৈ নিৰ্দেশ দিছো। আমাৰ লক্ষ্য হ’ব লাগে ২০২৩-২৪ বিত্তীয় বৰ্ষত ১ বিলিয়ন টন কয়লা উপাদন কৰা।” শ্ৰী প্ৰহ্লাদ জোশীয়ে কয়।

কেন্দ্ৰীয় কয়লা আৰু খনি মন্ত্ৰীগৰাকীয়ে বাৰিষা-খৰালি নিৰ্বিশেষে সমগ্ৰ বছৰজুৰি এক নিৰ্দিষ্ট পৰিমাণত কয়লা উপাদন হোৱাটো আশা কৰি ক’ল ইণ্ডিয়া লিমিটেডৰ পৰিচালনা বিভাগক যাৱতীয় পদক্ষেপ হাতত ল’বলৈ অনুৰোধ কৰে। তেওঁ ক’ল ইণ্ডিয়া লিমিটেডৰ বিষয়ববীয়া সকলক গুণগত মানসম্পন্ন কয়লা গ্ৰাহকক যোগান দিয়াৰ লগতে শক্তি প্ৰকল্পসমূহৰ ওচৰত যথেষ্ট পৰিমাণৰ কয়লা উপলব্ধ থকাটো সুনিশ্চিত কৰিবলৈ আনুৰোধ কৰে। 

সভাত ১৫৮০ নিযুত ঘনমিটাৰৰ ১ বি টি প্ৰকল্পৰ লগত শাৰী পোনাই ২০২০-২১ বিত্তীয় বৰ্ষত কোম্পানীৰ অতিৰিক্ত বোজা নোহোৱা কৰাৰ লক্ষ্য স্থিৰ কৰা হয়।

“ক’ৰোনা মহামাৰীৰ সময়তো অহোৰাত্ৰি কাম কৰি থকা আমাৰ কয়লা যোদ্ধাসকলক লৈ মই অতি গৌৰৱান্বিত আৰু আশা কৰিছো ক’ল ইণ্ডিয়া লিমিটেডে স্থিৰ কৰা লক্ষ্যত সময়তকৈ আগতেই উপনীত হ’ব। চৰকাৰে সম্ভৱপৰ সকলো ধৰণে এইক্ষেত্ৰত সহযোগ কৰিব।” শ্ৰী প্ৰহ্লাদ জোশীয়ে লগতে কয়।

মন্ত্ৰীগৰাকীয়ে ক’ল ইণ্ডিয়া লিমিটেডৰ পৰিচালনা বিভাগক বৰ্তমান কয়লা আমদানি কৰি থকা সংস্থাসমূহক লগ ধৰি তেওঁলোকৰ চাহিদা  সম্পৰ্কে জানিবলৈ আৰু আমদানি কৰাৰ বিকল্প ব্যৱস্থা সম্পৰ্কে তেওঁলোকক জনাবলৈ অনুৰোধ কৰে।

****

RJ/NG/PRK


(रिलीज़ आईडी: 1617698) आगंतुक पटल : 144
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Tamil , English , Urdu , हिन्दी , Manipuri , Punjabi , Gujarati , Telugu , Kannada