মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

ই-শিকণ বিষয়বস্তুৰ যোগান আহ্বানৰ বাবে কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰীয়ে নতুন দিল্লীত মুকলি কৰিলে বিদ্যাদান – ২য় সংস্কৰণ

বিদ্যাদান হৈছে ই-শিকনৰ বিষয়বস্তু প্ৰদান কৰিবলৈ আৰু উত্তৰণ ঘটাবলৈ এক ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰু লগতে ই হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত স্বীকৃতি পোৱাৰ এক সুযোগ। - মানৱ সম্পদ উন্নয়ন মন্ত্ৰী

বিষয়বস্তুবোৰ দীক্ষা এপ্পত ব্যৱহাৰ কৰা হ’ব, যাতে সমগ্ৰ দেশৰে শিশুসকলে যিকোনো সময়তে যিকোনো স্থানতে শিক্ষাগ্ৰহণৰ সুযোগ লাভ কৰে। - শ্ৰী ৰমেশ পোখৰিয়াল নিশাংক

Posted On: 22 APR 2020 5:08PM by PIB Guwahati

কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশাংকে আজি নতুন দিল্লীত ই-শিকণ বিষয়বস্তুৰ প্ৰতি অৱদান আহ্বান জনাবলৈ বিদ্যাদান ২.০ শীৰ্ষক এক কাৰ্যসূচী মুকলি কৰে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেও ভিডিঅ’ কনফাৰেন্সযোগে এই কাৰ্যসূচীৰ ই-মুকলি অনুষ্ঠানত ভাগ লয়। এই কাৰ্যসূচীৰ শুভাৰম্ভ বিশেষকৈ ক’ভিড-১৯ ৰ পৰা উদ্ভৱ হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষাৰ্থীসকলৰ বাবে (বিদ্যালয় আৰু উচ্চ শিক্ষা দুয়োটা সামৰি) ই-শিক্ষণ বিষয়ক সামগ্ৰীৰ বৰ্ধিত প্ৰয়োজনীয়তা আৰু শিক্ষণ দিশবোৰৰ বিকাশৰ বাবে স্কুলীয়া শিক্ষাৰ লগতে ডিজিটেল শিক্ষাকো একত্ৰিত কৰাৰ তৎকালীন প্ৰয়োজনীয়তা পূৰণ কৰিবৰ বাবে কৰা হৈছে।

 

উল্লেখ্য যে শিক্ষণ আৰু শিকণ প্ৰক্ৰিয়াৰ বাবে DIKSHA প্লেটফৰ্মটো বিগত ২০১৭ চনৰ ছেপ্তেম্বৰ মাহৰ পৰাই চলি আছে। ক’ভিড-১৯ ৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি আহ্বান কৰা লকডাউনৰ বাবে দেশৰ শিক্ষাৰ্থীসকল ব্যাপকভাৱে প্ৰভাৱিত হৈছে, গতিকে দেশৰ সকলো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলেই দীক্ষা তথা অন্যান্য অলনাইন প্লেটফৰ্মৰ যোগেদি ই-শিক্ষণ/শিকণ প্ৰণালীটো প্ৰসাৰ কৰাৰ বাবে এয়া অতি উত্তম সময়।

দীক্ষা শীৰ্ষক এই প’ৰ্টেলটোৰ প্ৰসাৰ আৰু সম্ভাৱনীয়তাৰ কথা অনুধাৱন কৰিয়েই দেশৰ বিভিন্ন অনুষঅঠান প্ৰতিষ্ঠানে বিগত বছৰসমূহত ইয়াৰ প্ৰতি ডিজিটেল উৎস আগবঢ়োৱাৰ ইচ্ছা প্ৰকাশ কৰি আহিছিল। ভাৰত চৰকাৰে এই দীক্ষা প’ৰ্টেলৰ পৰ্যালোচনা কৰা কালতো ক্ৰাউডছ’ৰ্চিং বিষয়টো উত্থাপন হৈছিল, বিদ্যাদান কাৰ্যসূচীৰ অধীনত উন্নত মানৰ বিষয়বস্তু সন্নিৱিষ্ট কৰাৰ কথাও আলোচনা কৰা হৈছিল।

এই সন্দৰ্ভত মন্ত্ৰী নিশাংকে কয় যে বিদ্যাদান কাৰ্যসূচীক সমগ্ৰ দেশৰে ব্যক্তি-সংগঠনৰ বাবে এক উমৈহতীয়া ৰাষ্ট্ৰীয় কাৰ্যসূচী হিচাপে উপস্থাপন কৰা হৈছে, যাতে তেওঁলোকে বিদ্যালয় আৰু উচ্চ শিক্ষাৰ ক্ষেত্ৰত মানসম্পন্ন বিষয়বস্তু ধাৰাবাহিকভাৱে যোগান ধৰি থাকিব পাৰে। তেওঁ লগতে কয় যে এই বিষয়বস্তুবোৰ দীক্ষা এপ্পতো ব্যৱহাৰ কৰা হ’ব, যাতে দেশক লক্ষ লক্ষ শিশুক তেওঁলোকৰ শিক্ষা যিকোনো সময়তে যিকোনো স্থানতে লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব পৰা যায়।

শ্ৰী পোখৰিয়ালে লগতে কয় যে বিদ্যাদান হৈছে এক বিষয়বস্তু যোগান ব্যৱস্থা, যিয়ে যিকোনো বিষয়ত বিকোনো শ্ৰেণীৰ বিভিন্ন পাঠ বিভিন্ন ৰূপত উপস্থাপন কৰাৰ ব্যৱস্থা আগবঢ়ায়, সেয়া বৰ্ণনা ভিডিঅ’, প্ৰেজেণ্টেশ্যন, কুইজ আদি মাধ্যমতো হ’ব পাৰে।

বিদ্যাদান কাৰ্যসূচীৰ যোগেদি মনোনয়ন আৰু বিষয়বস্তু আগবঢ়াবৰ বাবে আপুনি সবিশেষ তথ্য পাবলৈ https://vdn.diksha.gov.in/ বা https://diksha.gov.in/ ৱেবছাইটলৈ গৈ VidyaDaan ত ক্লিক কৰিব লাগিব।

 

*****

NB/AKJ/AK/RD



(Release ID: 1617685) Visitor Counter : 402