বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ক’ভিডৰ সংক্ৰমণ ৰোধ কৰিবলৈ ভাইৰাচাইডাল ক’টিং

পোষ্ট কৰা হৈছে: 23 APR 2020 2:36PM by PIB Guwahati

ড০ অৱিনাশ বাজাজৰ নেতৃত্বত ফৰিদাবাদস্থিত ৰিজিঅ’নেল চেণ্টাৰ ফৰ বায়’টেকনল’জী(আৰচিবি)ৰ এটি গৱেষকৰ দলে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভাইৰাচাইডাল ক’টিংছ উদ্ভাৱনৰ বাবে এক গৱেষণা আৰম্ভ কৰিছে৷

 

এই অধ্যয়নত সহযোগিতা আগবঢ়াইছে ট্ৰেনশ্লেচনেল হেল্থ ছায়েন্স এণ্ড টেকন’লজী ইনষ্টিটিউটৰ ড০ মিলন সুৰজিৎ; আইআইটি, দিল্লীৰ বস্ত্ৰশিল্প বিভাগৰ ড০ সম্ৰাট মুখোপধ্যায়ে৷ ৰিজিঅ’নেল চেণ্টাৰ ফৰ বায়’টেকনল’জী(আৰচিবি) হ’ল ইউনেস্কোৰ অধীনষ্ঠ ভাৰতৰ চৰকাৰৰ বায়’টেকনল’জী বিভাগদ্বাৰা প্ৰতিষ্ঠিত এক প্ৰতিষ্ঠান৷

ড০ বাজাজৰ দলটোৰ সুক্ষ্ম জীৱাণু নাশক অনু সৃষ্টি কৰাৰ অভিজ্ঞতা আছে৷ এতিয়া তেওঁলোকে এই অভিজ্ঞতাৰে ক’ভিড-১৯ৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা অনু সৃষ্টিৰ লক্ষ্য লৈছে৷

অধ্যাপক দীপক টি.নায়াৰৰ নেতৃত্বত প্ৰতিষ্ঠানটোৰ এটি গৱেষক দলে কৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজত সহায় কৰিবলৈ আন এখ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷

তদুপৰি, কেন্দ্ৰটোৰ এটা বিজ্ঞানীৰ দলে ক’ভিড-১৯ৰ এক অত্যন্ত সংবেদনশীল আৰু বৈশিষ্টসূচক, ৰেপিড, পইণ্ট-অফ-কেয়াৰ, কম সম্পদৰ প্ৰয়োজন হোৱা, ক’লোৰিমেট্ৰিক আৰু কম ব্যয়যুক্ত পৰীক্ষা ব্যৱস্থা বিকশিত কৰিবলৈ কাম কৰি আছে৷

 

****

KGS/( DST-(Vigyan Samachar))/MS


(ৰিলিজ আই ডি : 1617531) অতিথি কক্ষ : 258