জনজাতি পৰিক্ৰমা মন্ত্ৰালয়

ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত ট্ৰাইফেডৰ সক্ৰিয় প্ৰচেষ্টাৱলী

Posted On: 22 APR 2020 2:50PM by PIB Guwahati

ক’ভিড-১৯ মহামাৰীয়ে দৰিদ্ৰ আৰু প্রান্তীয় লোকসকল লগতে জনজাতি সম্প্ৰদায়ৰ জীৱন-জীৱিকাত ব্যাপক সমস্যাৰ সৃষ্টি কৰিছে। বর্তমান পৰিস্থিতিত জনজাতি লোকসকলে সৰ্বাধিক প্ৰভাৱিত হৈছে৷ ইফালে, বর্তমান বনজ সম্পদ সংগ্ৰহ আৰু মজুত কৰি ৰখাৰ অতি ব্যস্ত সময়৷ সেয়েহে, জনজাতি লোকসকলৰ জীৱন-জীৱিকাৰ ক্ষেত্রত বনজ সম্পদৰ গুৰুত্বপূর্ণ ভূমিকা আছে। কেন্দ্রীয় জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্ত ট্রাইফেডে লকডাউনৰ সময়ছোৱাত দেখা দিয়া সমস্যাৱলী মোকাবিলা কৰাৰ ক্ষেত্ৰত সক্রিয় পদক্ষেপ হাত লৈছে। এই অভূতপূৰ্ব পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ট্রাইফেডে জনজাতি লোকসকলৰ স্বার্থত তাক্ষণিকভাৱে কেতবোৰ হস্ৰ, মধ্য আৰু দীর্ঘ ম্যাদী পদক্ষেপ গ্ৰহণ কৰিছে৷

 

ক’ভিড-১৯ লকডাউনৰ সময় জনজাতীয় লোকসকলৰ স্বার্থ সুৰক্ষাৰে গ্ৰহণ কৰা এই পদক্ষেপসমূহ তিনিটা ভাগত বিভক্ত কৰা হৈছে৷

সেইবোৰ হৈছে-

(i) প্ৰচাৰ  আৰু সজাগতা বৃদ্ধি কৰা,

(ii)ব্যক্তিগত স্বাস্থ্য সুৰক্ষা,

(iii) বনজ সম্পদৰ বাহিৰে অন্যান্য সামগ্ৰী সংগ্ৰহ(এনটিএফপি)৷.

 

হস্ৰকালীন  পদক্ষেপঃ সামাজিক দুৰত্বৰ সজাগতা

এই উপলক্ষে বন ধন সামাজিক দূৰত্ব সজাগতা অভিযান আৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে বনাঞ্চলৰ এনটিএফপিত সমাৱেশৰ সৈতে জড়িত লোকসকলক সামাজিক দুৰত্ব, হোম কোৱাৰেণ্টাইনৰ লগতে অন্যান্য ল’বলগীয়া সাৱধানতাৰ সন্দৰ্ভত ৱেবিনাৰ আৰু ফেচবুক লাইভৰ জৰিয়তে দুবাৰকৈ প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

 

তদুপৰি, বন ধন আত্মসহায়ক গোটসমূহক নিৰাপদে নিজৰ কাম-কাজ পৰিচালনাৰ বাবে মাস্ক আৰু চাবোন, বীজাণুনাশক সামগ্ৰী ইত্যাদি প্ৰদান কৰা হৈছে

 

মধ্য আৰু দীৰ্ঘকালীন পদক্ষেপঃ জীৱিকা

জনজাতীয় লোকসকলৰ জীৱন-জীৱিকা সুৰক্ষাৰ বাবে মধ্য আৰু দীর্ঘ ম্যাদী ব্যৱস্থাৰ অংশ হিচাপে মন্ত্ৰালয়ে বনজ সম্পদ সংগ্ৰহকাৰী কোটি কোটি জনজাতীয় লোকক সাহায্য আগবঢ়োৱাৰ বাবে দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ পূর্বে নির্দেশনা অনুসৰি যিবোৰ ক্ষেত্রত ৰেহাই বা সুবিধাৰ কথা ঘোষণা কৰা হৈছে, সেইবোৰৰ প্ৰয়োজনীয় সংশোধন কৰা হৈছে৷ কেন্দ্রীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে যোৱা ১৬ এপ্রিল সংশোধিত নির্দেশনা জাৰি কৰি অনুসূচীত জনজাতি আৰু অন্যান্য বনাঞ্চলতত বসবাস কৰা লোকসকলক স্বার্থত বনজ সম্পদৰ বাহিৰে অন্যান্য সামগ্ৰীৰ লগতে ক্ষদ্ৰ বনজ সম্পদ সংগ্ৰহ আৰু তাৰ প্ৰক্রিয়াকৰণত অনুমতি প্ৰদান কৰা হয়৷


জনজাতি পৰিক্ৰমা মন্ত্ৰালয়েৰ ফালৰ পৰা জনজাতীয় লোকসকলৰ জীৱনযাপনত সহায় কৰাৰ বাবে ক্ষুদ্ৰ বনজ সম্পদৰ ন্যূনতম সহায়ক মূল্য সংশোধনৰ দিশত ট্রাইফেডে প্ৰয়োজনীয় পদক্ষেপ ল’বলৈ কোৱা হৈছে৷ মন্ত্ৰালয়ৰ এই নির্দেশ অনুসৰি ট্রাইফেডে এপ্রিলত সকলো ৰাজ্যৰ প্রাথমিক বজাৰসমূহত সংগ্ৰহ কেন্দ্ৰ স্থাপনৰ প্ৰচেষ্টা হাতত লৈছে। বনজ সম্পদৰ ন্যূনতম সহায়ক মূল্য জনজাতীয় লোকক প্ৰদান কৰাটোৱেই ইয়াৰ মুল উদ্দেশ্য৷

বনধন সামাজিক দুৰত্ব সজাগতা অভিযানঃ

ইউনিচেফ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ট্ৰাইফেডে দেশৰ ২৮খন ৰাজ্য আৰু কেন্দ্ৰীয় অঞ্চলত প্ৰায় ১৫,০০০ আত্মসহায়ক গোটৰ জৰিয়তে ডিজিটেল মাধ্যমেৰে জনজাতীয় লোকসকলৰ মাজত সজাগতা সৃষ্টি কৰিছে৷ এই ক্ষেত্ৰত পোষ্টাৰ, ফ্লায়াৰ, প্ৰচাৰ পত্ৰিকা, ব্ৰচাৰ, বুকলেট, ৰেডিঅ’ আৰু টিভিৰ জৰিয়তেও বিভিন্ন সজাগতা সৃষ্টি কৰা হয়৷

এই ক্ষেত্ৰত আত্মসহায়ক গোটক প্ৰশিক্ষণ প্ৰদান কৰা লোকসকলৰ ভিতৰত ট্ৰাইফেডৰ পৰিচালন সঞ্চালক প্ৰবীৰ কৃষ্ণ, ট্ৰাইফেডৰ এমএপপিৰ উপ-প্ৰৱন্ধক অমিত ভাটনাগৰ,  ইউনিটেফ ইণ্ডিয়াৰ উন্নয়ন বিভাগৰ মুখ্য জনসংযোজক সিদ্ধাৰ্থ শ্ৰেষ্ঠ, বিশ্ব স্বা্স্থ্য স্ংস্থাৰ ড০ শচীন ৰেৱাৰীয়া, বিশেষজ্ঞ ক্ৰমে ইউনিচেফৰ ড০ প্ৰবীণ খোব্ৰাগেড়ে, ড০ শিখা বৰ্ধন, শ্ৰীমতী অৰুপা শুক্লা, শ্ৰীমতী ৰাস্না শৰ্মা উল্লেখযোগ্য৷

ট্ৰাইফেডৰ আঞ্চলিক কাৰ্যালয় কলকাতা, আহমেদাবাদ, বাংগালুৰু, লক্ষ্ণৌ, দিল্লী, গুৱাহাটী, জয়পুৰ, ৰাঁচী, ভুৱনেশ্বৰ, ভুপাল, ৰায়পুৰ, মুম্বাই, ডেৰাদুন আৰু হায়দৰাবাদত আছে৷

 

*****

NB/SK/MoTA/22.04.2020/DB



(Release ID: 1617345) Visitor Counter : 172