প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰীৰ মাজত টেলিফোনিক বাৰ্তালাপ

Posted On: 22 APR 2020 7:05PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু আয়াৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ড০ লিঅ’ বাৰাড়কাৰে এক টেলিফোনিক বাৰ্তালাপত মিলিত হৈ ক’ভিড-১৯ মহামাৰীৰ পৰিস্থিতিৰ লগতে এই স্বাস্থ্য তথা অৰ্থনৈতিক প্ৰভাৱ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত উভয় দেশে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সন্দৰ্ভত আলোচনা কৰে৷

প্ৰধানমন্ত্ৰী বাৰাড়কাৰে আয়াৰলেণ্ডত এই সংক্ৰমণ বিৰোধী যুঁজত ভাৰতীয় বংশোদ্ভুত চিকিসক আৰু নাৰ্ছসকলে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে৷ আয়াৰলেণ্ডত বসবাস কৰা ভাৰতীয় নাগৰিকসকলৰ প্ৰতি লোৱা যত্ন আৰু সহায়ৰ বাবে প্ৰধানমন্ত্ৰী বাৰাড়কাৰক ধন্যবাদ জনোৱাৰ লগতে ভাৰতত থকা আইৰিছ নাগৰিকৰ প্ৰতিও সহায় আগবঢোৱাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে৷ মহামাৰীৰ বিৰুদ্ধে এই বিশ্বজোৰা যুঁজত ফাৰ্মাচিউটিকেল আৰু চিকিসাৰ ক্ষেত্ৰত সক্ষমতা বৃদ্ধিৰে ভাৰত আৰু আয়াৰলেণ্ডে বৰঙণি আগবঢ়াব পাৰিব বুলি দুয়োগৰাকী নেতাই সহমত প্ৰকাশ কৰে৷ দুয়োগৰাকী নেতাই ক’ভিডৰ পাছৰ অৱস্থাত আয়াৰলেণ্ডৰ লগতে ইউৰোপীয়ান সংঘৰ সৈতে ভাৰতৰ সহযোগিতা শক্তিশালী কৰাৰ সম্ভাৱনাক লৈ আশা প্ৰকাশ কৰে৷

নেতাদুগৰাকীয়ে এই সংকটৰ সৈতে জড়িত দিশবোৰৰ সন্দৰ্ভত নিয়মীয়াকৈ সম্পৰ্ক ৰখা কৰাৰ লগতে আলোচনা কৰিব বুলি সহমতত উপনীত হয়৷

***

VRRK/AK/DB



(Release ID: 1617322) Visitor Counter : 230