কেবিনেট
‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি’ৰ সুবিধা আদায়ৰ বাবে বাধ্যতামূলক ভাবে প্ৰদান কৰিব লগা আধাৰ-তথ্য অসম, মেঘালয়, জম্মু-কাশ্মীৰ আৰু লাডাখৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰত ৰেহাই দানৰ ম্যাদ ১এপ্ৰিল,২০২০ৰ পৰা আৰু এটা বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে
Posted On:
22 APR 2020 3:46PM by PIB Guwahati
‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি’ৰ সুবিধা আদায়ৰ বাবে বাধ্যতামূলক ভাবে প্ৰদান কৰিব লগা আধাৰ-তথ্য অসম, মেঘালয়, জম্মু-কাশ্মীৰ আৰু লাডাখৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰত ৰেহাই দানৰ ম্যাদ ১এপ্ৰিল,২০২০ৰ পৰা আৰু এটা বছৰৰ বাবে সম্প্ৰসাৰিত কৰাৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে কেন্দ্ৰীয় কেবিনেটে। আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই সময়সীমা ২০২১চনৰ ৩১মাৰ্চ পৰ্যন্ত সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।
‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি’(পিএম-কিষাণ)খন ২০১৯চনৰ ফেব্ৰুৱাৰী মাহৰ ২৪তাৰিখে শুভাৰম্ভ কৰা হৈছিল। এই আঁচনিৰ অধীনত খেতিৰ যোগ্য মাটি থকা দেশৰ প্ৰতিটো কৃষক পৰিয়ালক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল। সেই অনুসৰি প্ৰতিটো পৰিয়ালৰ বেংক একাউণ্টলৈ পোন-পতীয়া ভাবে প্ৰতি চাৰিমাহৰ মূৰে মূৰে ২০০০টকাকৈ অৰ্থাত বছৰি ৬০০০টকাৰ অৰ্থ সাহায্য প্ৰেৰণৰ দিহা কৰা হৈছিল। আঁচনিখন ২০১৮চনৰ ডিচেম্বৰ মাহৰ পৰা বলবত্ কৰা হৈছে আৰু ইতিমধ্যে ২০১৮চনৰ ডিচেম্বৰ মাহৰ পৰা ২০১৯চনৰ ডিচেম্বৰ মাহ পৰ্যন্ত এটা বছৰৰ বাবদ হিতাধিকাৰীসকললৈ আধাৰ-তথ্য সাৰোগত কৰি অৰ্থ সাহায্য প্ৰেৰণ কৰা হৈছে। অৱশ্যে, এই সাহায্য লাভৰ বাবে দেশৰ অন্য প্ৰান্তৰ হিতাধিকাৰীসকলৰ ক্ষেত্ৰত আধাৰ-তথ্য জমা দিয়াতো বাধ্যতামূলক কৰা হৈছিল যদিও অসম, মেঘালয়, জম্মু-কাশ্মীৰ আৰু লাডাখৰ ক্ষেত্ৰত এয়া ৩১ মাৰ্চ, ২০২০ পৰ্যন্ত ৰেহাই দিয়া হৈছিল।
এইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত এলেকাৰ হিতাধিকাৰীসকলে ৮এপ্ৰিল, ২০২০ত এই সাহায্যৰ অন্ততঃ এটা কিস্তি লাভ কৰিছে। এনেদৰে সাহায্য লাভ কৰাসকলৰ ভিতৰত অসমৰ ২৭,০৯,৫৮৬গৰাকী, মেঘালয়ৰ ৯৮,৯১৫ আৰু জম্মু-কাশ্মীৰ আৰু লাডাখৰ ১০,০১,৬৬৮গৰাকী হিতাধিকাৰী আছে।
*****
VRRK/SH/KB
(Release ID: 1617279)
Visitor Counter : 134
Read this release in:
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam