কৃষি মন্ত্ৰালয়

কেন্দ্রীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমাৰে ভিডিঅ’ কনফাৰেন্সিংযোগে বিশ্বজুৰি হোৱা মহামাৰীৰ পৰিপ্রেক্ষিতত খাদ্য নিৰাপত্তা, স্বাস্থ্য সুৰক্ষা আৰু পুষ্টিক লৈ ক’ভিড-১৯ জি-২০ অন্তর্ভুক্ত দেশসমূহৰ কৃষিমন্ত্রীসকলৰ সৈতে এক ব্যতিক্ৰমী বৈঠকত অংশ লয়

মন্ত্ৰী টোমাৰে বৈঠকত ভাৰত চৰকাৰৰ লকডাউনৰ সময়ত সকলো কৃষিক্ষেত্ৰক সামাজিক দূৰত্বৰ নিয়ম মানি কাম চলাই যোৱাৰ ক্ষেত্রত ৰেহাই দিয়াৰ সিদ্ধান্ত সম্পর্কে অৱগত কৰে

জি-২০ কৃষিমন্ত্রীসকলৰ বৈঠকত ঘোষণাপত্ৰ গৃহীত; কৃষিমন্ত্রীসকলে আন্তঃৰাষ্ট্ৰীয় সহযোগিতা, খাদ্য অপচয় ৰোধৰ বাবে আন দেশলৈ খাদ্য যোগান মূল্য শৃংখলাৰ ধাৰাবাহিকতা বজাই ৰখাৰ আহ্বান

Posted On: 21 APR 2020 9:18PM by PIB Guwahati

কেন্দ্রীয় কৃষিমন্ত্রী শ্রী নৰেন্দ্ৰ সিং টোমাৰে ভিডিঅ’ কনফাৰেন্সযোগে ক’ভিড-১৯ বিশ্বজুৰি হোৱা মহামাৰীৰ পৰিপ্রেক্ষিতত খাদ্য নিৰাপত্তা, স্বাস্থ্য সুৰক্ষা আৰু পুষ্টিক লৈ জি-২০ অন্তর্ভুক্ত দেশসমূহৰ কৃষিমন্ত্রীসকলৰ সৈতে এক ব্যতিক্ৰমী বৈঠকত অংশ লয়৷ মন্ত্ৰীগৰাকীয়ে বৈঠকত লকডাউনৰ সময়ত দেশত খাদ্যৰ যোগান অব্যাহত ৰাখিবলৈ সকলো কৃষিক্ষেত্ৰক সামাজিক দূৰত্বৰ নিয়মাৱলী তথা প্ৰয়োজনীয় স্বাস্থ্যবিধি মানি কাম চলাই যোৱাৰ ক্ষেত্রত ভাৰত চৰকাৰে ৰেহাই দিয়াৰ সিদ্ধান্ত সম্পর্কে অৱগত কৰে৷ মন্ত্ৰী টোমাৰে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বিভিন্ন ধৰণে এই সংকট মোকাবিলা কৰিবলৈ অন্যান্য দেশসমূহক সমর্থনৰ ক্ষেত্রত নেতৃত্ব দিছে৷ ভাৰতে দেশৰ নাগৰিকসকলৰ প্ৰয়োজনৰ প্ৰতি সামঞ্জস্য ৰাখি কৃষি পাদন অব্যাহত ৰাখিছে৷

 

ভিডিঅ’ কনফাৰেন্সিংযোগে কৃষকসকলৰ জীৱিকাকে ধৰি খাদ্য যোগান মূল্যৰ শৃংখলাৰ ধাৰাবাহিকতা সুনিশ্চিত কৰাৰ উপায় আৰু প্ৰক্রিয়াক লৈ ছৌদি আৰৱে এই জি-২০ সদস্যভুক্ত দেশসমূহৰ কৃষিমন্ত্রীসকলৰ অনলাইন বৈঠকৰ আয়োজন কৰিছিল৷ বৈঠকত সকলো জি-২০ সদস্য, একাংশ অতিথি দেশৰ কৃষিমন্ত্রী তথা কৃষি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ প্ৰতিনিধিয়ে যোগ দিয়ে৷ মন্ত্ৰীগৰাকীয়ে টোমাৰ জি-২০সদস্যভুক্ত দেশৰ কৃষিমন্ত্রীসকলক একত্রিত কৰাৰ বাবে ছৌদি আৰৱৰ এই প্ৰচেষ্টাক আদৰণি জনায়৷

 

বৈঠকত জি-২০সদস্যভুক্ত দেশসমূহৰ কৃষিমন্ত্রীসকলে এক সর্বসম্মত সিদ্ধান্ত গ্ৰহণ কৰে৷ জি-২০সদস্যভুক্ত দেশসমূহত খাদ্য অপচয় আৰু লোকচান দুৰ কৰিবলৈ আন দেশলৈ খাদ্য যোগান মূল্য শৃংখলাৰ ধাৰাবাহিকতা বজাই ৰাখিবলৈ ক’ভিড-১৯ মহামাৰীৰ পটভূমিত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সংকল্প গ্ৰহণ কৰে৷ তেওঁলোকে দেশসমূহত খাদ্য সুৰক্ষা আৰু পুষ্টিৰ মান বজাই ৰাখিবলৈ একেলগে কাম কৰা, পাৰস্পৰিক অভিজ্ঞতাৰ বিনিময় কৰা, ৰোগ প্ৰতিৰোধক আৱিষ্কাৰৰ বাবে গৱেষণা, দায়বদ্ধ বিনিয়োগ, উদ্ভাৱন আৰু সংস্কাৰমুলক দিশৰ বিনিময় কৰিব, যি কৃষিক্ষেত্ৰ আৰু খাদ্য ব্যৱস্থাৰ স্থায়িত্ব আৰু সুস্থিতিৰতাত অৰিহণা যোগাব৷

জি-২০সদস্যভুক্ত দেশসমূহৰ কৃষিমন্ত্রীসকলে জীৱজগতৰ ভাৰসাম্য ৰক্ষাৰ বাবে কঠোৰ সুৰক্ষা আৰু স্বাস্থ্যসন্মত ব্যৱস্থা সম্পর্কে বিজ্ঞানভিত্তিক আন্তঃৰাষ্ট্ৰীয় নির্দেৰ্শনা জাৰি কৰিবলৈ সহমত প্ৰকাশ কৰে৷

 

*****

APS/PK/MS/BHAVYA/DB



(Release ID: 1617273) Visitor Counter : 207