শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়

১৫টা কৰ্মদিনৰ ভিতৰত পিএমজিকেৱাইৰ অধীনত ৬.০৬ লাখ ক’ভিড-১৯ৰ দাবীৰ সৈতে মুঠ ১০.০২ লাখ দাবী নিষ্পত্তি কৰিলে ইপিএফঅ’য়ে

মুঠ নিষ্পত্তি কৰা পৰিমাণ হ’ল ৩৬০০ কোটি টকা য’ত ক’ভিড-১৯ৰ দাবীৰ পৰিমাণ হ’ল ১৯৫৪ কোটি টকা

দ্ৰুত নিষ্পত্তিৰ বাবে বিশেষভাৱে ডিজাইন কৰা ছফটৱেৰত ৩টা কৰ্মদিনৰ ভিতৰতে ৯০% ক’ভিড-১৯ৰ দাবী সমাধান

Posted On: 22 APR 2020 5:21PM by PIB Guwahati

 .

শ্ৰম আৰু নিয়োজন মন্ত্ৰালয়ৰ অধীনৰ এক স্বায়ত্ব সংস্থা কৰ্মচাৰী ভৱিষ্য নিধি সংস্থাই (ইপিএফঅ’) কেৱল ১৫টা কৰ্মদিনৰ ভিতৰতে পিএমজিকেৱাই পেকেজৰ অধীনত ৬.০৬ লাখ ক’ভিড-১৯ দাবীকে ধৰি মুঠ ১০.০২ লাখ দাবী নিষ্পত্তি কৰিছে৷

মুঠ ৩৬০০.৮৫ কোটি টকাৰ দাবী নিষ্পত্তি কৰা হৈছে য’ত ১৯৫৪ কোটি টকা পিএমজিকেৱাই পেকেজৰ অধীনত ক’ভিড দাবী হিচাপে অন্তৰ্ভুক্ত আছে৷

লকডাউনৰ ফলত কেৱল এক তৃতীয়াংশ কৰ্মচাৰীৰ সৈতে কেৱল ৩টা কৰ্মদিনৰ ভিতৰত দ্ৰুত নিষ্পত্তিৰ বাবে বিশেষভাৱে ডিজাইন কৰা ছফটৱেৰত ৯০% ক’ভিড-১৯ দাবী সমাধান কৰা হৈছে৷

উল্লেখ্য, কেন্দ্ৰীয় চৰকাৰে ক’ভিড-১৯ৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক সকাহ দিবলৈ ২৬.০৩.২০২০ তাৰিখে পিএমজিকেৱাই মুকলি কৰিছিল৷

*****

RCJ/SKP/IA/MANN



(Release ID: 1617212) Visitor Counter : 171