ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্রশাসনিক বিষয়াসকলৰ কামৰ ভূয়সী প্রশংসা ড০ জিতেন্দ্র সিঙৰ

Posted On: 21 APR 2020 4:09PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে যুঁজত প্রশাসনিক সেৱাৰ বিষয়াসকলৰ কামৰ ভূয়সী প্রশংসা কৰিছে কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন বিভাগৰ ৰাজ্যিক মন্ত্রী ড০ জিতেন্দ্র সিঙেআজি অসামৰিক সেৱা দিৱস উপলক্ষে ২৫খন ৰাজ্য আৰু পাঁচখন কেন্দ্রীয় শাসিত অঞ্চলৰ প্রশাসনিক বিষয়াসকলৰ সৈতে ভিডিঅ কনফাৰেন্সিংযোগে তেওঁ এক বৈঠকত মিলিত হয়। ড০ সিঙে প্রশাসনিক সেৱাৰ বিষয়াসকলৰ মাজত পাৰস্পৰিক সুসম্পর্ক গঢ়ি তোলাৰ ওপৰত জোৰ দিয়ে।প্রসংগক্ৰমে তেওঁ কাৰুনাপ্লেটফর্মৰ কথা উল্লেখ কৰি প্রশাসনিক সেৱাৰ ২৯টা বিভাগৰ বিষয়াসকলে এই মঞ্চত থকাৰ বাবে প্রাকৃতিক দুৰ্যোগৰ সময়ত সু-সংবদ্ধ ভাৱে কাম কৰাটো সম্ভৱ হৈছে। প্রধানমন্ত্রী কেয়াৰ্ছ পুঁজিলৈ বিষয়াসকলে তেওঁলোকৰ এদিনৰ দৰমহা হিচাপে ৪,২২৭ কোটি টকা আগবঢ়োৱাৰ বাবে তেওঁ সন্তোষ প্রকাশ কৰে। তেওঁ কয় যে জিলা প্ৰশাসনে কভিড-১৯ৰ বিৰুদ্ধে একেবাৰে সন্মুখৰ পৰা যুঁজ দিছে, তেওঁলোকৰ কান্ধতে দেশত হোৱা সংক্রমণ নিয়ন্ত্রন কৰাৰ বিশাল দায়িত্ব আছে
ড০ জিতেন্দ্র সিং কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ লক্ষ্য হৈছে ন্যূনতম চৰকাৰ সৰ্বাধিক প্রশাসনযোৱা ৬ বছৰত প্রশাসনিক সেৱাৰ নিয়ম-নীতিৰ বহু সাল-সলনি কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে।
​২১ এপ্রিলত প্রশাসনিক সেৱা দিৱসৰ যি অনুষ্ঠান হোৱাৰ কথা আছিল সেয়া লকডাউনৰ বাবে পিছুৱাই দিয়া হৈছে। প্রশাসনিক সেৱাত অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপ যি প্রধানমন্ত্রী পদক দিয়া হয়, সেয়া এই বছৰ ৩১ অক্টোবৰ চর্দাৰ বল্লভ ভাই পেটেলৰ জন্মদিনত প্ৰদান কৰা হব বুলি মন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

******

VG/SNC/DB



(Release ID: 1616956) Visitor Counter : 109