হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

পুণেৰ ম’বাইল এপ্‌ ‘সংযম’ত গৃহ কোৱাৰেণ্টাইনত থকা নাগৰিকসকলৰ তথ্য ৰখা হৈছে

Posted On: 21 APR 2020 3:56PM by PIB Guwahati

ঘৰতে আৱদ্ধ হৈ থকা কোৰাৱেণ্টাইনড্ নাগৰিকসকলে প্ৰকৃততে ঘৰতে আছে নে নাই সেয়া অনুসৰণ কৰাৰ বাবে স্মাৰ্ট চিটী অভিযান (এছচিএম)ৰ অধীনত পুণে পৌৰ নিগমে ‘সংযম’ শীৰ্ষক এক ম’বাইল এপ্লিকেচন নিৰ্মাণ কৰিছে৷

মহানগৰ প্ৰশাসনে ঘৰতে কোৱাৰেণ্টাইন হৈ নাগৰিকসকলক নিৰীক্ষণ কৰাৰ বাবে প্ৰযুক্তিৰ সহায় গ্ৰহণ কৰিছে৷ তেওঁলোকে দৈনিকভিত্তিত এই নাগৰিকসকলক নিৰীক্ষণ কৰিব৷ তাৰোপৰি নিৰীক্ষণ দলটোৱে কোৱাৰেণ্টাইনড্ ব্যক্তিসকলৰ স্বাস্থ্যৰ স্থিতিৰো খতিয়ান ল’ব৷ যিসকল লোক ঘৰতে কোৱাৰেণ্টাইনড্ হৈ আছে তেওঁলোকক পৃথকে খাদ্য, বিচনা, সামগ্ৰী, কাপোৰ আৰু স্নানগৃহ দিয়া হৈছে নাই সেয়াও নিৰীক্ষণ কৰিব দলটোৱে৷

ঘৰতে কোৱাৰেণ্টাইনড হৈ থকা লোকসকলে সংযম ম’বাইল এপ্লিকেচনটো ডাউনলোড কৰিছে নে নাই সেয়াও পৰীক্ষ কৰিব দলটোৱে৷ এই ম’বাইল এপ্লিকেচনটোত থকা জিপিএছ ট্ৰেকিঙৰ সহায়ত ব্যক্তিজন য’তেই নাথাকক কিয় মহানগৰ প্ৰশাসন তথা স্থানীয় ৱাৰ্ড অথবা স্থানীয় আৰক্ষীয়ে অৱগত হ’ব পাৰিব৷

 

 

 

     

 

কোৱাৰেণ্টাইনড্ হৈ থকা লোকসকলক এই এপ্লিকেচন বাধ্যতামূলকভাৱে ডাউনলোড কৰিবলৈ নিৰ্দেশ জাৰি কৰা হৈছে৷ তেওঁলোকক ২৪ ঘণ্টাই ম’বাইল অন কৰি ৰাখিবলৈও কোৱা হৈছে৷ এপ্লিকেচনটোৰ দ্বাৰা ৰঙা সংকেত প্ৰদৰ্শিত হোৱাৰ জৰিয়তে ব্যক্তিজনে দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰাটো বুজাব; হালধীয়া সংকেত প্ৰদৰ্শিত হ’লে সীমিত দূৰত্ব আৰু সেউজীয়া সংকেত প্ৰদৰ্শনৰ দ্বাৰা ব্যক্তিজনে ঘৰৰ সীমাতেই থকাটো বুজাব৷

ঘৰতে কোৱাৰেণ্টাইনড্ হৈ থকা ব্যক্তিসকলৰ নিৰীক্ষণৰ ডেশ্বব’ৰ্ডৰ এক নমুনা তলত দিয়া হ’লঃ


ঘৰতে কোৱাৰেণ্টাইনড্ হৈ থকা ব্যক্তিসকলৰ বাস্তৱিক সময়ৰ সঞ্চালনৰ অনুসৰণ তলত দিয়া হ’লঃ

 
   

 

 

****

RJ/NG/MANN



(Release ID: 1616814) Visitor Counter : 265