পঞ্চায়তীৰাজ মন্ত্ৰালয়

দেশত ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা আৰু গাঁও পৰ্যায়ত স্থানীয় প্ৰশাসনে বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে

স্থানীয় লোকৰ প্ৰাথমিক পৰীক্ষা; কোনো স্থানৰ পৰা অহা-যোৱা কৰাৰ লোকৰ চিকিৎসাজনিত পৰীক্ষণৰ বাবে তালাচী চকী স্থাপন; ৰাজহুৱা স্থানৰ নিয়মীয়া ছেনিটাইজেশ্যন আৰু কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন; সংগ্ৰহ কেন্দ্ৰৰ নিয়মীয়া পৰিদৰ্শন ইত্যাদি পদক্ষেপ হাতত লৈছে

Posted On: 21 APR 2020 12:44PM by PIB Guwahati

দেশত ভিড-১৯ মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে জিলা আৰু গাঁও পৰ্যায়ত স্থানীয় প্ৰশাসনে বিভিন্ন পদক্ষেপ অব্যাহত ৰাখিছে৷ আন লোকেও অনুসৰণ কৰিব পৰা এনে কেতবোৰ প্ৰচেষ্টা হৈছে-

কৰ্ণাটকঃ ৰামনগৰ জিলাৰ কনকপুৰা এলেকাৰ উয়মবাল্লী হ্ৰাম পঞ্চায়তত গাঁওবাসীৰ প্ৰাথমিক পৰীক্ষা সম্পন্ন কৰাৰ বাবে গাঁও পঞ্চায়তে আশা কৰ্মীসকলক থাৰ্মেল স্কেনাৰ প্ৰদান কৰিছে৷

পাঞ্জাৱঃ পঞ্চায়তবাসীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পাঞ্জাৱৰ পাঠানকোট জিলাৰ হাৰা গাঁৱৰ চৰপন্সে প্ৰেৰণামুলক কাম কৰিছে৷ তেওঁ ঘৰে ঘৰে গৈ কভিড-১৯ প্ৰতিৰোধী ব্যৱস্থাৱলীৰ বিষয়ে পৰিয়ালসমূহক অৱগত কৰিছে৷ তেওঁ নিজেই মুখা চিলোৱাৰ লগতে অন্য গাঁৱৰ পৰা সোমোৱা প্ৰতিটো প্ৰৱেশ পথ বন্ধ কৰি তালাচী চকী স্থাপন কৰিছে৷ সেই চৰপন্সৰ এলেকাধীন সকলো বিদ্যালয় আইছলেচন ৱাৰ্ডলৈ ৰূপান্তৰ কৰিছে চৰপন্সগৰাকীয়ে৷

ৰাজস্থানঃ ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে নগৌৰ জিলাত জয়াল গাওঁ পঞ্চায়তে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ সেই হিচাপে প্ৰতিখন গাঁৱত ছডিয়াম হাইপক্লৰাইট স্প্ৰে কৰি নিয়মীয়াকৈ বীজানুমুক্ত কৰা, মাস্ক বিতৰণ কৰা, গাওঁ পঞ্চায়তৰ কৰ্মকৰ্তা আৰু সামাজিক সংগঠনে খাদ্য সামগ্ৰী যোগান ধৰা, গৃহহীন লোকক আহাৰ ৰান্ধি প্ৰদান কৰা, উচ্চ পৰ্যায়ৰ বিষয়াৰ দ্বাৰা সময়ে সময়ে সাহায্য সামগ্ৰী বিতৰণ কেন্দ্ৰ পৰিদৰ্শন কৰা, অভাৱগ্ৰস্ত লোকসকলক ৰন্ধনখাদ্য আৰু অন্যান্য খাদ্য সামগ্ৰী বিতৰণত উসাহ যোগোৱা, বিদ্যালয়সমূহত নিৰ্দেশনাৰ ভিত্তিত কোৱাৰেণ্টাইন কেন্দ্ৰ স্থাপন কৰা, ৰখীয়াবিহীন গৰুক সামাজিক সংগঠনৰ দ্বাৰা খাদ্যৰ যোগান ধৰা ইত্যাদি কামবোৰ কৰিছে৷ তদুপৰি, চৰকাৰৰ নিৰ্দেশ অনুসৰি গাঁৱৰ লোকসকলক ঘৰৰ ভিতৰতে থাকিবলৈ জাননী, লাউডস্পীকাৰযোগে ঘোষণা আৰু অন্যান্য উপায়েৰে প্ৰচাৰ চলাইছে৷

তেলেংগানাঃ তেলেংগানাৰ জিলা দণ্ডাধীশে গাঁৱৰ সংগ্ৰহ কেন্দ্ৰসমূহত কোনো ধৰণৰ অনিয়ম হৈছে নেকি চোৱাৰ বাবে হঠাতে পৰিদৰ্শন কৰে৷ যাডাদ্ৰি আৰু ভৈনছাৰ উপাযুক্তই একাধিক গাওঁ নিজে ভ্ৰমণ কৰি কৃষকসকলক খাদ্য সামগ্ৰী সংগ্ৰহ ব্যৱস্থাত স্বচ্ছ আৰু জবাদিহিতাৰ আশ্বাস দিয়ে৷

হিমালপ্ৰদেশঃ কিন্নৌৰ জিলাৰ দুনী পঞ্চায়তৰ মহিলা মণ্ডলে নিজা খৰচত মাস্ক চিলাই কৰিছে৷ এই মহিলাসকলে প্ৰতিদিনে ২০০তকৈ অধিক মাস্ক চিলাই কৰি পঞ্চায়তখনৰ দুখীয়া শ্ৰমিকসকলক প্ৰদান কৰিছে৷ জিলাখনৰ ৰপা উপত্যকাৰ গোৱাং গাঁও পঞ্চায়তে ইয়াৰ অধীনস্ত সকলো ৰাজহুৱা স্থান আৰু চৰকাৰী প্ৰতিষ্ঠান ছেনিটাইজেচন কৰিছে৷ পঞ্চায়তখনে গাওঁবাসীক সামাজিক দুৰত্ব আৰু লকডাউন কঠোৰভাৱে মানি চলিবলৈ উসাহ যোগাই আহিছে৷

*****

 

APS/SG/PK/DB



(Release ID: 1616689) Visitor Counter : 186