শক্তি মন্ত্ৰালয়

ক’ভিড-১৯ মহামাৰীক নিয়ন্ত্ৰণৰ বাবে বলৱৎ কৰা লকডাউনৰ মাজতে শক্তি মন্ত্ৰালয়ৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান REC এ সাহায্যমূলক কাম-কাজ বৃদ্ধি কৰিছে

৭৬,০০০ত কৈও অধিক অভাৱী লোকক খাদ্য-সামগ্ৰী বিতৰণ কৰিছে উদ্যোগটোৱে

নিতৌ ৫০০টাকৈ খাদ্যৰ পেকেট বিতৰণৰ বাবে দিল্লী আৰক্ষীৰ সৈতে সহযোগিতা স্থাপন কৰিছে নৱৰত্ন এনবিএফচিয়ে

পিএম কেয়াৰ্ছ পুঁজিলৈ অৱদান আগবঢ়োৱা হৈছে ১৫০ কোটি টকা

Posted On: 21 APR 2020 11:18AM by PIB Guwahati

শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈ, জামনগৰৰ পৰা শ্বিলঙলৈ ক’ভিড-১৯ৰ বাবে দৈনিক শ্ৰম কৰি খোৱা লোকসকলৰ বাবে খাদ্য যোগাৰ কৰাটো সমস্যা হৈ পৰিছে৷ এই পৰিপ্ৰেক্ষিতত শক্তি মন্ত্ৰালয়ৰ অধীনত আৰইচি লিমিটেডৰ ঔদ্যোগিক সামাজিক দায়ৱদ্ধতা কাৰ্যসূচীৰ আৰইচি ফাউণ্ডেচন শীৰ্ষক গোটটোৱে আজি পৰ্যন্ত ৭৬,০০০ জন দৈনিক শ্ৰম কৰি খোৱা লোকক ৰন্ধন খাদ্য, মাস্ক, ছেনিটাইজাৰ আৰু আশ্ৰয় প্ৰদান কৰিছে৷ আৰইচি ফাউণ্ডেচনে ইতিমধ্যেই ৭ কোটি টকা এনে ধৰণৰ কামৰ বাবে আৱণ্টিত কৰি ৰাখিছে৷

 

Description: C:\Users\hp\Desktop\WhatsApp Image 2020-04-21 at 8.52.42 AM.jpeg

কেন্দ্ৰীয় শক্তি আৰু নতুন তথা পুনৰ নৱীকৰণ শক্তি মন্ত্ৰী শ্ৰী আৰ কে সিঙে আৰইচিয়ে পিএম কেয়াৰ্ছ পুঁজিলৈ ১৫০ কোটি টকা বৰঙণি হিচাপে আগবঢ়োৱা বুলি উল্লেখ কৰে৷

আৰইচি ফাউণ্ডেচনে ৰাজ্যসমূহৰ মালিকানাধীন শক্তি বিতৰণ উদ্যোগসমূহৰ সহযোগিতাই খাদ্যৰ পেকেট আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ বিতৰণ কৰিছে৷ তেওঁলোকে দিল্লী আৰক্ষীৰ সহযোগিতাত দৈনিক ৫০০ পেকেট খাদ্য সামগ্ৰীও বিতৰণ কৰিছে যাৰ দ্বাৰা ৪টাকৈ পৰিয়াল দৈনিক উপকৃত হৈছে৷

 

RCJ/M/MANN



(Release ID: 1616654) Visitor Counter : 192