প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ টেলিফোনিক বাৰ্তালাপ

Posted On: 20 APR 2020 1:14PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম মহম্মদ ছ’লিহৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে৷ দুয়োগৰাকী নেতাই উভয়ৰে দেশত ক’ভিড-১৯ৰ শেহতীয়া স্থিতি সম্পৰ্কে পৰস্পৰক অৱগত কৰে৷ ছাৰ্ক দেশসমূহৰ সৈতে স্থাপন হোৱা সমন্বয় সক্ৰিয়ভাৱে প্ৰণয়ন হোৱা হেতুকে দুয়োগৰাকী নেতাই সন্তোষ প্ৰকাশ কৰে৷ মালদ্বীপত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে ভাৰতে উপহাৰ হিচাপে যোগান ধৰা ঔষধ আৰু ভাৰতীয় চিকিৎসা দলৰ আৱণ্টনে কাৰ্যকৰী প্ৰভাৱ প্ৰদৰ্শিত কৰাত প্ৰধানমন্ত্ৰীয়ে সন্তোষ প্ৰকাশ কৰে৷ মালদ্বীপৰ নিচিনা পৰ্যটন নিৰ্ভৰশীল দেশ এখনে এই মহামাৰীৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰি মালদ্বীপে ভাৰতৰ পৰা নিৰৱচ্ছিন্নভাৱে সাহায্য লাভ কৰি থাকিব বুলি নিশ্চিতি প্ৰদান কৰে৷

দুয়োগৰাকী নেতাই তেওঁলোকৰ চৰকাৰী দলে পৰস্পৰে পৰস্পৰৰ সৈতে যোগাযোগ স্থাপন কৰি স্বাস্থ্য সংকট তথা দ্বিপাক্ষিক সহযোগিতাৰ অন্য দিশসমূহতো সহযোগিতা আগবঢ়াই যাব বুলি সহমত পোষণ কৰে৷

***

VRRK/AK/MANN



(Release ID: 1616349) Visitor Counter : 239