অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়

দেশৰ ভিন্ন প্ৰান্তলৈ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী পৰিবহণৰ বাবে ‘লাইফলাইন উড়ান’-ৰ অধীনত ২৭৪খন বিমানৰ চলাচল

प्रविष्टि तिथि: 18 APR 2020 1:09PM by PIB Guwahati

ভিড-১৯ৰ বিৰুদ্ধে দেশে অব্যাহত ৰখা যুঁজত সহযোগিতা আগবঢ়াই বিভিন্ন অঞ্চললৈ অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িয়াই নিয়াৰ বাবে লাইফলাইন উড়ান কাৰ্গো সেৱা অব্যাহত ৰখা হৈছে। এই সেৱাৰ অধীনত এয়াৰ ইণ্ডিয়া, এলায়েন্স এয়াৰ, ভাৰতীয় বায়ুসেনা বাহিনীৰ লগতে একাংশ ব্যক্তিগত খণ্ডৰ বিমান পৰিবহণ সংস্থাৰ মুঠ ২৭৪খন বিমান চলোৱা হৈছে। ইয়াৰে ১৭৫খন বিমান এয়াৰ ইণ্ডিয়া আৰু এলায়েন্স এয়াৰ-ৰ। এইসমূহ বিমানে আজি পৰ্যন্ত মুঠ ৪৬৩.১৫টন পৰিমাণৰ সা-সামগ্ৰীৰ পৰিবহণ কৰিছে। এইখিনি সামগ্ৰী বিতৰণৰ বাবে বিমানসমূহে এই সময়চোৱাত মুঠ ২,৭৩,২৭৫কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ-পৰিক্ৰমা সম্পূৰ্ণ কৰিবলগীয়া হৈছে।

এই সময়চোৱাত লাইফলাইন বিমানৰ দৈনিকসূচী তলত দিয়া ধৰণৰ :

 

ক্ৰমিক

নং

তাৰিখ

এয়াৰ

ইণ্ডিয়া

এলায়েন্স

আইএএফ

ইণ্ডিগো

স্পাইচ

জেট

মুঠ

1

26.3.2020

2

-

-

-

2

4

2

27.3.2020

4

9

1

-

-

14

3

28.3.2020

4

8

-

6

-

18

4

29.3.2020

4

9

6

-

-

19

5

30.3.2020

4

-

3

-

-

7

6

31.3.2020

9

2

1

-

-

12

7

01.4.2020

3

3

4

-

-

10

8

02.4.2020

4

5

3

-

-

12

9

03.4.2020

8

-

2

-

-

10

10

04.4.2020

4

3

2

-

-

9

11

05.4.2020

-

-

16

-

-

16

12

06.4.2020

3

4

13

-

-

20

13

07.4.2020

4

2

3

-

-

9

14

08.4.2020

3

-

3

-

-

6

15

09.4.2020

4

8

1

-

-

13

16

10.4.2020

2

4

2

-

-

8

17

11.4.2020

5

4

18

-

-

27

18

12.4.2020

2

2

-

-

-

4

19

13.4.2020

3

3

3

-

-

9

20

14.4.2020

4

5

4

-

-

13

21

15.4.2020

2

5

-

-

-

7

22

16.4.2020

9

-

6

-

-

15

23

17.4.2020

4

8

-

-

-

12

 

মুঠ

91

84

91

6

2

274

 

ইফালে, পৱন হংস লিমিটেডে অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী উত্তৰ-পূৰ্বাঞ্চল, শ্ৰীনগৰ, জম্মু(জে এণ্ডকে), লাডাখ, আন্দামান আদিলৈ কঢ়িয়াই নিয়ে।

 

আভ্যন্তৰীণ কাৰ্গো বিমান- ব্লু ডাৰ্ট, স্পাইচ জেট আৰু ইণ্ডিগোৱে বাণিজ্যক ভিত্তিত কিছু সংখ্যক কাৰ্গো বিমান চলাই আছে। যোৱা ২৪ মাৰ্চৰ পৰা ১৭এপ্ৰিল, ২০২০ পৰ্যন্ত স্পাইচ জেটে ৩৯৩খন কাৰ্গো বিমানৰ জৰিয়তে ৫,৬৪,৬৯১কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৩১৮৩টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰে ১২৬খন আছিল আন্তঃৰাষ্ট্ৰীয় কাৰ্গো বিমান। সেইদৰে, যোৱা ২৫ মাৰ্চৰ পৰা ১৭এপ্ৰিল, ২০২০ পৰ্যন্ত ব্লু ডাৰ্টে ১৩৪খন কাৰ্গো বিমানৰ জৰিয়তে ১,৩২,২৯৫কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ২১২২টন সামগ্ৰীৰ পৰিবহণ কৰিছে। ইয়াৰ বিপৰীতে, ইণ্ডিগোৱে ৩ আৰু ১৭এপ্ৰিল, ২০২০ত ২৯খন কাৰ্গো বিমানৰ জৰিয়তে ২৬,৬৯৮কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ পৰিক্ৰমা সম্পূৰ্ণ কৰি ৩১টন সামগ্ৰীৰ পৰিবহণ কৰিছে।

আন্তঃৰাষ্ট্ৰীয়

ছাংহাই আৰু দিল্লীৰ মাজত এক বায়ু-সেঁতু স্থাপন কৰা হৈছে। যোৱা ৪ এপ্ৰিল, ২০২০ তাৰিখে এয়াৰ ইণ্ডিয়াৰ প্ৰথমখন বিমানে ২১টন পৰিমাণৰ চিকিত্সা সামগ্ৰী তথা উপকৰণ কঢ়িয়াই আনে। এয়াৰ ইণ্ডিয়াই চীনৰ পৰা কেৱল অত্যাৱশ্যকীয় চিকিত্সা সামগ্ৰী কঢ়িওৱাৰ বাবে কিছুসংখ্যক বিমান চলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তলত এই সম্পৰ্কীয় তথ্য দাঙি ধৰা হল

 

ক্ৰমিক

নং

তাৰিখ

পৰা

সামগ্ৰীৰ পৰিমাণ

টন

1

04.4.2020

চাংহাই

21

2

07.4.2020

হংকং

06

3

09.4.2020

চাংহাই

22

4

10.4.2020

চাংহাই

18

5

11.4.2020

চাংহাই

18

6

12.4.2020

চাংহাই

24

7

14.4.2020

হংকং

11

8

14.4.2020

চাংহাই

22

9

16.4.2020

চাংহাই

22

10

16.4.2020

হংকং

17

11

16.4.2020

ছিউল

05

12

17.4.2020

চাংহাই

21

 

 

মুঠ

207

 

ইফালে, এয়াৰ ইণ্ডিয়াই কৃষি উড়ান কাৰ্যক্ৰমৰ অধীনত দ্বিতীয়খন বিমান চলাই যোৱা ১৫ এপ্ৰিল, ২০২০ত মুম্বাইৰ পৰা ফ্ৰেংকফোৰ্টৰ মাজত। বিমানখনত ২৭টন পৰিমাণৰ ফল-মূল আৰু শাক-পাচলি ফ্ৰেংকফোৰ্টলৈ নিয়াৰ বিপৰীতে ১০টন অন্য সামগ্ৰী কঢ়িয়াই অনা হৈছিল। সেইদৰে মুম্বাই আৰু লণ্ডনৰ মাজত ১৩ এপ্ৰিলত চালোৱা এয়াৰ ইণ্ডিয়াৰ বিমানখনত ২৮টন ফল-মূল আৰু শাক-পাচলি কঢ়িয়াই নিয়াৰ বিপৰীতে ১৫.৬টন সাধাৰণ সামগ্ৰী দেশলৈ অনা হয়। ইফালে, কেৱল জৰুৰী চিকিত্সা সামগ্ৰী কঢ়িওৱাৰ বাবে এয়াৰ ইণ্ডিয়াই ১৫ এপ্ৰিলত দিল্লী-ছিচিলিছ-মৰিছাছ-দিল্লীৰ মাজত চলোৱা বিমানখনত ৩.৪টন চিকিত্সা সামগ্ৰী ছিচিলিছলৈ আৰু ১২.৬টন মৰিছাছলৈ কঢ়িয়াই নিয়ে।

 

****

RJ/NG/KB


(रिलीज़ आईडी: 1615834) आगंतुक पटल : 264
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Kannada , Urdu , हिन्दी , Marathi , Bengali , Manipuri , Punjabi , Gujarati , Odia , Tamil , Telugu