গৃহ মন্ত্ৰালয়

ক’ভিড-১৯ ৰ বাবে অহা ৩ মে' তাৰিখলৈ ভ্ৰমণৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ভাৰতত থকা বিদেশী নাগৰিকলৈ কনছুলাৰ সেৱাৰ অনুমোদন

प्रविष्टि तिथि: 17 APR 2020 8:58PM by PIB Guwahati

ক’ভিড-১৯ ৰ বাবে ভ্ৰমণৰ ক্ষেত্ৰত থকা সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ভাৰতত থকা বিদেশী নাগৰিকলৈ ৩০ এপ্ৰিল, ২০২০ তাৰিখ পৰ্যন্ত কনছুলাৰ সেৱা প্ৰদানৰ বাবে বিগত ২৮ মাৰ্চ, ২০২০ তাৰিখে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমোদন জনাইছিল।

(https://pib.gov.in/PressReleaseIframePage.aspx?PRID=1613895)

পিছে লকডাউন তথা সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানেও ভাৰতত আবদ্ধ হৈ থকা বিদেশী লোকসকললৈ এই সেৱাৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিদেশী পঞ্জীয়ণ কাৰ্যালয়/ আঞ্চলিক বিদেশী পঞ্জীয়ণ কাৰ্যালয়ে।

বিশ্বৰ বিভিন্ন প্ৰান্তত কভিড-১৯ ব্যাপক ৰূপত বিয়পি পৰাৰ বাবে আৰু পৰিবহন বা যাতায়াত নিষিদ্ধ কৰি থোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতত আবদ্ধ হৈ থাকিবলগীয়া যিসকল বিদেশী লোকৰ নিয়মিত ভিছা, -ভিছা বা ষ্টে’-ষ্টিপুলেশ্যনৰ ম্যাদ ০১.০২.২০২০ (মাজনিশা) ৰ পৰা ০৩.০৫.২০২০ (মাজনিশা)ৰ ভিতৰত উকলি গৈছে বা উকলি যাব, তেওঁলোকৰ এই ভিছাৰ ম্যাদ ০৩.০৫.২০২০ তাৰিখলৈ 'GRATIS' ভিত্তিত বৃদ্ধি কৰি দিয়া হ, অৱশ্যে তাৰ বাবে অনলাইনযোগে তেওঁলোকে আবেদন কৰিব লাগিব। তেনে বিদেশী লোকে যদিহে এই সময়ছোৱাৰ ভিতৰত অনুৰোধ কৰে তেন্তে তেওঁলোকক ০৩.০৫.২০২০ তাৰিখৰ পৰা আৰু ১৪ দিন অৰ্থাৎ ১৭.০৫.২০২০ লৈ জৰিমণা অবিহনে সংশ্লিষ্ট কাৰণত থকাৰ অনুমতি দিয়া হ

০৩.০৫.২০২০ তাৰিখলৈ বিদেশী লোকসকললৈ আগবঢ়োৱা কনছুলাৰ সেৱাৰ বিষয়ে চাবলৈ ইয়াত ক্লিক কৰক

*****

VG/SNC/VM/RD


(रिलीज़ आईडी: 1615670) आगंतुक पटल : 239
इस विज्ञप्ति को इन भाषाओं में पढ़ें: Punjabi , English , Urdu , हिन्दी , Marathi , Bengali , Gujarati , Tamil , Telugu , Kannada , Malayalam