বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

চিত্ৰা GeneLAMP-N এ প্ৰস্তুত কৰি উলিয়ালে ২ ঘণ্টাতে ক’ভিড-১৯ ৰ পৰীক্ষাৰ ফলাফল দিব পৰা ব্যৱস্থা

RT-PCR ৰ ব্যৱহাৰেৰে চিত্ৰা GeneLAMP- N এ দিব পাৰে ১০০% সঠিক ফলাফল

মাত্ৰ এটা মেচিনতেই এবাৰতে পৰীক্ষা কৰিব পাৰি ৩০ টাকৈ নমুনা

Posted On: 16 APR 2020 6:51PM by PIB Guwahati

কেন্দ্ৰ চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনৰ এক ৰাষ্ট্ৰীয় গুৰুত্বপ্ৰাপ্ত প্ৰতিষ্ঠান ত্ৰিবান্দ্ৰমৰ শ্ৰীচিত্ৰা তিৰুনাল ইনষ্টিটিউট পৰ মেডিকেল ছায়েন্সেজ এণ্ড টেকন’ল’জীয়ে অতি কম ব্যয়সাপেক্ষ তথা ২ ঘণ্টাতে ক’ভিড-১৯ ৰ উপস্থিতি নিৰ্ণয় কৰিব পৰা এক বিশেষ ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইছে।

ভাইেৰেল নিউক্লিক এছিডৰ ৰিভাৰ্ছ ট্ৰান্সক্ৰিপ্টাছ লুপ-মিডিয়েটেড এম্প্লিফিকেশ্যন (আৰটি-এলএএমপি) ৰ ব্যৱহাৰেৰে SARS- COV2 ৰ এন-জিনৰ সন্ধান কৰিব পৰা এই ডায়েগ্ন’ষ্টিক পৰীক্ষা বিশ্বৰ প্ৰথমটো নহ’লেও সম্প্ৰতি বিশ্বত থকা মাত্ৰ কেইটিমান ব্যৱস্থাৰ ভিতৰত অন্যতম।

ডিএছটিয়ে পৃষ্ঠপোষকতা কৰা টেষ্ট কিটটোক চিত্ৰা GeneLAMP-N বুলি কোৱা হয়, যিটো SARS- COV2 ৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ই জিনৰ দুটা পৰিস্থিতিৰ সন্ধান কৰিব পাৰে। কিটটোৱে এইটো দিশ সুনিশ্চিত কৰিব যে ভাইৰেল জিনৰ এটা ক্ষেত্ৰত বিভিন্ন পৰিস্থিতিৰ মাজেৰে আহিলেও ইয়াৰ পৰীক্ষা যেন অসফল নহয়।

সম্প্ৰতি ভাৰতত থকা পিচিআৰ কিটটোৱে E জিন স্ক্ৰীণিংৰ বাবে ধৰা পেলাব পাৰে আৰু নিশ্চিত কৰণৰ বাবে RdRp জিন ধৰা পেলাব পাৰে। চিত্ৰা GeneLAMP-N জিনৰ যোগেদি পৃথকে পৃথকে কোনো স্ক্ৰীণিং টেষ্ট কৰাৰ প্ৰয়োজন নহ’ব, আৰু কমখৰচতে এই পৰীক্ষা সম্পন্ন কৰিব পৰা যাব।

বাইৰাছৰ উপস্থিতি ধৰা পেলাবৰ বাবে ইয়াক প্ৰয়োজন হয় ১০ মিনিট আৰু নমুনাৰ ফলাফল উলিয়াবলৈ প্ৰয়োজন হয় ২ ঘণ্টাতকৈও কম সময়। এটা মেচিনত এবাৰতে ৩০ টাকৈ নমুনা পৰীক্ষা কৰাটো সম্ভৱ এই ব্যৱস্থাত, ইয়াৰ ফলত প্ৰতিদিনেই যথেষ্ট সংখ্যক নমুনা পৰীক্ষা কৰিব পৰা যাব।

এই সন্দৰ্ভত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয়, “ক’ভিড-১৯ ৰ নমুনা পৰীক্ষাৰ বাবে শ্ৰীচিত্ৰাই যিদৰে অতি কম সময়ৰ ভিতৰত ফলাফল উলিয়াব পৰা ব্যৱস্থা প্ৰস্তুত কৰি উলিয়াইতে, ইয়েই প্ৰমাণ কৰে যে বিজ্ঞানী আৰু চিকিৎসকৰ এক অতি উদ্ভাৱনীয় প্ৰতিভাৰে উদ্বুদ্ধ দলে কেনেদৰে জ্ঞান আৰু আন্তঃগাঁথনিৰ দিশত ভাৰতক উত্তৰণ প্ৰদান কৰিছে।”

এই পৰীক্ষা ব্যৱস্থাটো ইমিনেই সুচল আৰু সৰল কৰি প্ৰস্তুত কৰা হৈছে যে ইয়াক যিকোনো জিলা চিকিৎসালয়ৰ পৰীক্ষাগাৰতো প্ৰতিষ্ঠা কৰিব পৰা যাব। য’ত অতি সীমিত সংখ্যক লেবৰেট’ৰী টেকনিচিয়ানৰ উপলব্ধতা থাকে, তেনে ঠাইতো ইয়াক প্ৰতিষ্ঠা কৰিব পৰা যাব। এই নতুন ব্যৱস্থাটোত কৰা পৰীক্ষাৰ বাবে প্ৰতিটো নমুনাৰ ক্ষেত্ৰত ১০০০ টকাতকৈও কম ব্যয় হ’ব।

উল্লেখ্য যে শ্ৰীচিত্ৰাই ইয়াৰ উপৰিও এক RNA এক্সট্ৰেকশ্যন কিট প্ৰস্তুত কৰি উলিয়াইছে। এই কিটটো বিগত ৩ সপ্তাহত এপ্লাইড বায়’ল’জী বিভাগৰ অধীনৰ মলিকুলাৰ মেডিচিন শাখাৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ অনুপ থেক্কুভিট্টিলৰ নেতৃত্বত এটা বিজ্ঞানীৰ দলে সাজি উলিয়াইছে।

[সবিশেষ জানিবৰ বাবে অনুগ্ৰহ কৰি যোগাযোগ কৰক – স্বপ্না বামাদেৱন, জনসম্পৰ্কৰক্ষী বিষয়া, SCTIMST, মোবাইল - 9656815943, ইমেইল: pro@sctimst.ac.in]

 

Description: SCTIMST

 

 

****

KGS/(DST)/RD



(Release ID: 1615325) Visitor Counter : 190