তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

দূৰদৰ্শন আৰু ৰেডিঅ’ত সম্প্ৰচাৰিত হৈছে শৈক্ষিক কাৰ্যসূচী/ভাৰ্চুৱেল শ্ৰেণী কোঠা

Posted On: 16 APR 2020 10:02PM by PIB Guwahati

ভাৰতৰ ৰাজহুৱা সম্প্ৰচাৰক দূৰদৰ্শন আৰু ৰেডিঅ’ই লকডাউনৰ মাজতে শিক্ষাৰ্থীসকলক সহায়ৰ দিশত অগ্ৰসৰ হৈছে৷ বিভিন্ন ৰাজ্যৰ চৰকাৰসমূহৰ সহযোগিতাত দূৰদৰ্শন আৰু ৰেডিঅ’ই ভাৰ্চুৱেল শ্ৰেণী কোঠা আৰু অন্যান্য শৈক্ষিক কাৰ্যসূচী তেওঁলোকৰ আঞ্চলিক চেনেলসমূহৰ জৰিয়তে সম্প্ৰচাৰ কৰি আছে৷

বিদ্যালয়ৰ শ্ৰেণী কোঠাসমূহৰ অনুপস্থিতিত এই ভাৰ্চুৱেল শ্ৰেণী কোঠাই লক্ষাধিক শিক্ষাৰ্থী, বিশেষকৈ দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক তেওঁলোকৰ ব’ৰ্ডৰ পৰীক্ষাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিছে৷

বিষয়সমূহ

দূৰদৰ্শন আৰু ৰেডিঅ’ৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা কাৰ্যসূচীত প্ৰাথমিক, মাধ্যমিক আৰু উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থীৰ পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰা হৈছে৷

কাৰ্যসূচী অধিক আকৰ্ষণীয় কৰি তুলিবলৈ ভাৰ্চুৱেল শ্ৰেণী কোঠাসমূহত প্ৰখ্যাত ব্যক্তিসকলৰ দ্বাৰা কাহিনী বৰ্ণন আৰু কুইজ প্ৰতিযোগিতা আদিও অন্তৰ্ভুক্ত কৰা হৈছে৷

 

দূৰদৰ্শন

দূৰদৰ্শন কেন্দ্ৰই ইতিমধ্যে কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কেৰালা, গুজৰাট, জম্মু আৰু কাশ্মীৰত ভাৰ্চুৱেল শ্ৰেণী কোঠা সম্প্ৰচাৰ কৰি আছে৷

 

অল ইণ্ডিয়া ৰেডিঅ’

বিজয়ৱাড়া, হায়দৰাবাদ, বেংগালুৰু, তিৰুচিৰাপল্লী, কইম্বাটুৰ, পুডুচেৰী, মাডুৰাই, ত্ৰিবান্দ্ৰম, তিৰুনেলভেলী, পানাজী, জলগাঁও, ৰত্নগিৰি, সাংগলি, পৰভানি, ঔংৰগাবাদ, পুণে, নাগপুৰ, মুম্বাই, গেংটক, গুৱাহাটী, বিকানেৰ, উদয়পুৰ, যোধপুৰ, জয়পুৰ ষ্টেচনত ভাৰ্চুৱেল শ্ৰেণী কোঠা সম্প্ৰচাৰিত হৈ আছে৷

ভূপাল, চেন্নাই, ক’জিকোড়ে, থ্ৰিছুৰত শৈক্ষিক পাঠ্যক্ৰমো সম্প্ৰচাৰ হৈ আছে৷

 

SS/MANN



(Release ID: 1615283) Visitor Counter : 253