পৰ্যটন মন্ত্ৰালয়

‘‘দেখো আপনা দেশ’’ৰ অধীনত পৰ্যটন মন্ত্ৰালয়ে আজি আয়োজন কৰিলে দ্বিতীয়টো ৱেবিনাৰ

এই ৱেবিনাৰৰ শিৰোনাম হ’ল- কলকত্তা- সংস্কৃতিৰ সংগম

Posted On: 16 APR 2020 4:43PM by PIB Guwahati

ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ে শেহতীয়াকৈ ‘দেখো আপনা দেশ’ৰ অধীনত এক ৱেবিনাৰ ছিৰিজৰ আয়োজন কৰি আছে য’ত ভাৰতৰ সমৃদ্ধি ইতিহাস ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছে৷

এই ৱেবিনাৰৰ দ্বিতীয়টো ছিৰিজ ‘কলকত্তা- সংস্কৃতিৰ সংগম’ আজি ইফটেকাৰ এহছান, ঋত্বিক ঘোষ আৰু অনিৰ্বাণ দত্তই আজি প্ৰস্তুত কৰে৷ কলকাতাৰ এই ৱেবিনাৰটোত চহৰখনৰ বিকাশৰ ক্ষেত্ৰত বিভিন্ন সম্প্ৰদায়ৰ অৱদানৰ বিষয়ে দাঙি ধৰিবলৈ প্ৰয়াস কৰা হয়৷

এই ৱেবিনাৰটোৱে ২৭০০ পঞ্জীয়নৰ সৈতে ১৮০০ত কৈও অধিক চূড়ান্ত অংশগ্ৰহণকাৰীৰ সৈতে সুন্দৰ প্ৰতিক্ৰিয়া লাভ কৰিবলৈ সক্ষম হয়৷

১৮ এপ্ৰিল ২০২০ তাৰিখে বিশ্ব ঐতিহ্য দিৱস উপলক্ষে দুটা ৱেবিনাৰ চূড়ান্ত কৰা হৈছে৷ ১১০০-১২০০ বজালৈ ‘দা মনুমেণ্টছ অব্ মামাল্লাপুৰম- ষ্ট’ৰীজ এটচড্ ইন ষ্ট’ন’’ আৰু ১২০০-১৩০০ বজাত ‘‘ৱৰ্ল্ড হেৰিটেজ এণ্ড ছাছটেইনেবল টুৰিজম এট হুমায়ুনছ টম্ব’’ শীৰ্ষক দুটা ৱেবিনাৰ প্ৰস্তুত কৰা হ’ব৷

উল্লেখ্য, দেখো আপনা দেশ ৱেবিনাৰ ছিৰিজৰ তথ্য নিয়মীয়াকৈ ভাৰত চৰকাৰৰ পৰ্যটন মন্ত্ৰালয়ৰ ইনক্ৰেডিবল ইণ্ডিয়াৰ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা হয়৷   

 

*****

NB /AKJ /OA/MANN



(Release ID: 1615065) Visitor Counter : 168