পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়

কম সময়ৰ ভিতৰত ঔষধ উপলব্ধ/উৎপাদন কৰিবৰ বাবে এনভাইৰণমেন্ট ইম্পেক্ট এচেচমেন্ট ন’টিফিকেশ্যন ২০০৬ত গুৰুত্বপূৰ্ণ সংশোধন

দুসপ্তাহৰ ভিতৰতে ১০০ তকৈও অধিক তেনে প্ৰস্তাৱ লাভ

Posted On: 15 APR 2020 7:34PM by PIB Guwahati

’ভিড-১৯ ৰ প্ৰাদুৰ্ভাৱত সৃষ্টি হোৱা অভূতপূৰ্ব পৰিস্থিতিত কম সময়ৰ ভিতৰত ঔষধ উপলব্ধ তথা উপাদন কৰিবৰ বাবে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে ২৭ মাৰ্চ ২০২০ তাৰিখে এনভাইৰণমেন্ট ইম্পেক্ট এচেচমেন্ট ন’টিফিকেশ্যন ২০০৬ ত গুৰুত্বপূৰ্ণ সংশোধন কৰিছে। বৃহ পৰিমাণত ঔষধ উপাদন কৰিবৰ বাবে চলি থকা প্ৰকল্পসমূহক ‘এ’ বিভাগৰ পৰা ‘বি’ বিভাগলৈ নতুনকৈ ভাগ কৰা হ’ল।

‘বি’ বিভাগৰ প্ৰকল্পসমূহক চলাই নিবৰ বাবে প্ৰাথমিক তথ্য, এনভাইৰণমেন্ট ইম্পেক্ট এচেচমেন্টৰ অধ্যয়ন আৰু ৰাজহুৱা পৰামৰ্শৰ প্ৰয়োজন নহয়। এনেদৰে নতুনকৈ ভাগ কৰাৰ ফলত প্ৰকল্পৰ বিকেন্দ্ৰীকৰণ সম্ভৱ হ’ব আৰু ৰাজ্যসমূহলৈ কামসমূহ ভগাই দি সমগ্ৰ কাৰ্যক ক্ষীপ্ৰতাৰে সম্পাদন কৰা সম্ভৱ হ’ব। কম সময়ৰ ভিতৰত ঔষধ উপলব্ধ কৰিবৰ বাবে বৃহ পৰিমাণত ঔষধ উপাদন কৰিব পৰাকৈ চৰকাৰে এই পদক্ষেপ হাতত লৈছে। ৩০ ছেপ্তেম্বৰ ২০২০ লৈকে লাভ কৰি থকা সকলো প্ৰস্তাৱৰ ক্ষেত্ৰত এই সংশোধন কাৰ্যকৰী ’ব । এইক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশনা জাৰি কৰা হৈছে।  

প্ৰস্তাৱ আগবঢ়াবৰ বাবে মন্ত্ৰালয়ে ৰাজ্য চৰকাৰসমূহক ভিডিঅ’ কনফাৰেন্সৰ সুবিধা গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে।  

ৰাজ্য চৰকাৰসমূহৰ পৰা মন্ত্ৰালয়ে দুসপ্তাহৰ ভিতৰতে ১০০ তকৈও অধিক তেনে প্ৰস্তাৱ লাভ  কৰিছে।

***

GK/PRK



(Release ID: 1614893) Visitor Counter : 193