ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়
লকডাউনৰ পিছত উদ্যোগ পুনৰ আৰম্ভ কৰাত চৰকাৰে সম্পূৰ্ণ সহযোগ কৰিব বুলি উদ্যোগ খণ্ডৰ প্ৰতিনিধিক নিশ্চয়তা গাডকাৰীৰ
এই সংকটক সুযোগলৈ ৰূপান্তৰিত কৰিবলৈ সকলো ক্ষেত্ৰই একগোট হৈ কাম কৰাৰ ওপৰত গুৰুত্ব
Posted On:
14 APR 2020 4:51PM by PIB Guwahati
কেন্দ্ৰীয় পথ পৰিবহণ, ঘাইপথ আৰু সুক্ষ্ম-লঘু-মজলীয়া উদ্যোগ মন্ত্ৰী শ্ৰী নীতিন গাডকাৰীয়ে উদ্যোগ জগতক নিশ্চয়তা প্ৰদান কৰিছে যে লকডাউন অন্ত পৰাৰ পিছত ব্যৱহাৰ পুনৰ আৰম্ভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে চৰকাৰৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷ আজি এক ৱেব ছেমিনাৰত এফআইচিচিআইৰ প্ৰতিনিধিবৰ্গৰ সৈতে মত বিনিময় কৰি মন্ত্ৰীগৰাকীয়ে এই দিশত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন বিত্তীয় সিদ্ধান্তসমূহৰ বিষয়ে তেওঁলোকক জানিবলৈ দিয়ে৷
শ্ৰী গাডকাৰীয়ে উল্লেখ কৰে যে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ম্যাদী ঋণ আৰু কাৰ্যকৰী মূলধন সুবিধা পুনৰ নিৰ্ধাৰণৰ অনুমতি প্ৰদান কৰিছে৷
সুক্ষ্ম-লঘু আৰু মজলীয়া উদ্যোগ সন্দৰ্ভত শ্ৰী গাডকাৰীয়ে কয় যে তেওঁলোকৰ জটিলতাসমূহৰ বিষয়ে চৰকাৰ অৱগত আৰু অৰ্থনীতিৰ বিকাশত তেওঁলোকৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছে৷ তেওঁ উদ্যোগ খণ্ডক চৰকাৰ আৰু বেংক খণ্ডৰ সৈতে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়৷ সকলো খণ্ড পৰস্পৰৰ স্বাৰ্থ ৰক্ষাৰ বাবে শক্তিশালী হৈ থকাৰ ওপৰত তেওঁ জোৰ দিয়ে৷
শ্ৰী নীতিন গাডকাৰীয়ে দেশৰ উদ্যোগ খণ্ডই সাম্প্ৰতিক পৰিস্থিতিত সন্মুখীন হোৱা প্ৰত্যাহ্বানৰ বিষয়ে জানিবলৈ উদ্যোগ খণ্ডৰ প্ৰতিনিধিসকলৰ সৈতে মতবিনিময় কৰাৰ সিদ্ধান্ত লৈছিল৷ একাংশ দেশে শেহতীয়াকৈ চীনৰ পৰা তেওঁলোকৰ বিনিয়োগ প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱাত ভাৰতে এই সুযোগ গ্ৰহণ কৰা উচিত বুলি মন্ত্ৰীগৰাকীয়ে মতপোষণ কৰে৷
পথ পৰিহবণ খণ্ডৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে ২০১৯-২০ত ঘাইপথ নিৰ্মাণে অভিলেখ স্থাপন কৰিবলৈ সক্ষম হৈছিল আৰু নিৰ্মাণ খণ্ডৰ প্ৰয়োজনীয়তা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি অনাগত বছৰসমূহত এই কামৰ গতি ২-৩গুণলৈ বৃদ্ধি কৰা হ’ব৷
মন্ত্ৰাগৰাকীয়ে কয় যে ভাৰতে এই সংকটক এক সুযোগলৈ ৰূপান্তৰিত কৰা উচিত৷ আন্তঃগাথনিমূলক প্ৰকল্পসমূহৰ কাম দ্ৰুতগতিৰে আগুৱাই নি আমি অৰ্থনৈতিক বিকাশৰ লক্ষ্যত উপনীত হ’ব পাৰো৷ ভাৰতীয় উদ্যোগ খণ্ডই বৰ্তমানৰ পৰিস্থিতিক আশীৰ্বাদ হিচাপে গ্ৰহণ কৰি ৰপ্তানিৰ সম্ভাৱনীয়তাক উন্নত কৰিব পাৰে৷
২০২০-২১ বিত্তীয় বৰ্ষত পথ আৰু ঘাইপথ নিৰ্মাণৰ গতি দুগুণ কৰা সন্দৰ্ভত শ্ৰী গাডকাৰীয়ে উল্লেখ কৰে যে তেওঁৰ মন্ত্ৰালয়ে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে আৰু এই যুদ্ধত শক্তিশালী যুঁজ আগবঢ়াই জয় সাব্যস্ত কৰিবলৈ সংকল্পবদ্ধ৷ পথ পৰিবহণ খণ্ডক পূৰ্বৰ অৱস্থালৈ উভতাই আনিবলৈ মন্ত্ৰালয়ে ক’ৰোনা প্ৰতিৰোধী সাৱধানতা অৱলম্বন কৰি বিভিন্ন স্থানত প্ৰকল্পসমূহ পুনৰ মুকলি কৰিছে৷
***
RCJ/MS/MS
(Release ID: 1614630)
Visitor Counter : 136