মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত ফিট ইণ্ডিয়া আৰু চি বি এচ চিয়ে প্ৰথমবাৰৰ বাবে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে পোনপটীয়া শৰীৰচৰ্চাৰ অনুষ্ঠান পৰিচালনা কৰিব, আয়ুস মন্ত্ৰালয়ৰ নিৰ্দেশনা প্ৰকাশ কৰা হ’ব

Posted On: 14 APR 2020 4:09PM by PIB Guwahati

ফিট ইণ্ডিয়াই আৰম্ভ কৰা সক্ৰিয় দিন অনুষ্ঠানৰ বিপুল জনপ্ৰিয়তাৰ পিছত ভাৰত চৰকাৰৰ শৰীৰচৰ্চাকেন্দ্ৰিক আনটো অনুষ্ঠান আৰম্ভণিৰ পথত। এইবাৰ এই অনুষ্ঠান কেন্দ্ৰীয় উচ্চতৰ মাধ্যমিক শিক্ষা বোৰ্ডৰ লগত যুটীয়াভাৱে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হ’ব। অনুষ্ঠান চলি থকা সময়তে ছাত্ৰ-ছাত্ৰীসকলৰ সুস্বাস্থ্য অটুট ৰখাৰ বাবে আয়ুস মন্ত্ৰালয়ৰ নিৰ্দেশনা দি থকা হ’ব।

এনেধৰণৰ এইটোৱে প্ৰথম পদক্ষেপ বুলি উল্লেখ কৰি কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল নিশংকে কয় যে, চি বি এচ চিয়ে আৰম্ভণিৰে পৰাই ফিট ইণ্ডিয়া মোভমেন্টক সহযোগ কৰি আহিছে। ইয়াৰ অধীনৰ ১৩৮৬৮ খন বিদ্যালয়ে ইতিমধ্যেই ফিট ইণ্ডিয়া মোভমেন্টৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰিছে আৰু ১১৬৮২ খন বিদ্যালয়ে ফিট ইণ্ডিয়া ধ্বজা লাভ কৰিছে। তেওঁ আশা ব্যক্ত কৰে যে এই অভিনৱ পদক্ষেপৰদ্বাৰা লকডাউনৰ সময়খিনিত ছাত্ৰ-ছাত্ৰীসকল ফলপ্ৰসূ কাৰ্যত ব্যস্ত হৈ থাকিবলৈ সুযোগ পাব।

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী শ্ৰী কিৰেণ ৰিজিজুৱে কয় যে, ল’ৰা-ছোৱালীবিলাক অতি সীমাৱদ্ধ শাৰীৰিক ক্ৰিয়াকলাপেৰে  ঘৰৰ ভিতৰত আৱদ্ধ হৈ আছে। অভিজ্ঞ প্ৰশিক্ষকৰদ্বাৰা পৰিচালিত হ’বলগা এই অনুষ্ঠানে ঘৰতে থাকিও ছাত্ৰ-ছাত্ৰীসকলে শাৰীৰিক ব্যায়ামত অংশ ল’ব পাৰিব। শক্তিশালী প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাৰ বাবে বিশেষকৈ এইখিনি সময়ত এই পদক্ষেপ অতি উপযুক্ত হৈছে। এই অনুষ্ঠানৰ মাজে মাজে কেনেকৈ অতি সহজতে স্বাস্থ্যকৰ জীৱন গঢ়ি তুলিব পাৰি তাৰ বিষয়ে আয়ুস মন্ত্ৰালয়ৰ নিৰ্দেশনা দি থকা হ’ব।  

’ভিড-১৯ ৰ বাবে সমগ্ৰ দেশতে চলি থকা লকডাউন ৩ মে’ লৈকে বঢ়াই দিয়াৰ কথা ঘোষণা কৰি প্ৰধামন্ত্ৰীয়ে দেশৰ সকলো নাগৰিককে সুস্বাস্থ্য অটুট ৰাখি প্ৰতিৰোধ ক্ষমতা বঢ়াবলৈ আহ্বান জনাইছে। ফিট ইণ্ডিয়া আৰু চি বি এচ চিয়ে বিদ্যালয় পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ বাবে এই অভিনৱ পদক্ষেপ হাতত লৈছে।

১৫ এপ্ৰিল ২০২০ তাৰিখে পুৱা ৯.৩০ বজাত ছাত্ৰ-ছাত্ৰীৰ বাবে এই পোনপটীয়া অনুষ্ঠান ফিট ইণ্ডিয়া মোভমেন্ট আৰু চি বি এচ চিৰ ফে’চবুক আৰু ইনষ্টাগ্ৰামত উপলব্ধ হ’ব। পিছতো নিজৰ সুবিধা অনুসৰি এই অনুষ্ঠানৰ প্ৰতিটো খণ্ড চাব পাৰিব।

এই পোনপটীয়া অনুষ্ঠানে নিয়মিত ব্যায়াম, যোগভ্যাস, পুষ্টি আৰু মানসিক স্বাস্থ্যকে ধৰি ছাত্ৰ-ছাত্ৰীৰ সম্পূৰ্ণ স্বাস্থ্যৰ বাবে উপকাৰী বিষয় সামৰি ল’ব। প্ৰসিদ্ধ শৰীৰবিদ আলিয়া ইমৰাণ, পুষ্টি বিশেষজ্ঞ পূজা মখিজা, মানসিক স্বাস্থ্য বিশেষজ্ঞ ড০ জিতেন্দ্ৰ নাগপাল, যোগবিদ হিনা ভিমানীৰ দৰে অভিজ্ঞ প্ৰশিক্ষকে এই অনুষ্ঠানসমূহ পৰিচালনা কৰিব।  

চি বি এচ চি, গ’কিৰ সামাজিক মাধ্যমযোগে আৰু শিল্পা চেট্টি এপতো ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ হ’ব।

*****

NB /AKJ /AK /OA/PRK



(Release ID: 1614580) Visitor Counter : 109