কৃষি মন্ত্ৰালয়

১৪ এপ্ৰিলত চাৰি বছৰ সম্পূৰ্ণ হ’ব ৰাষ্ট্ৰীয় কৃষি বিপণন প’ৰ্টেল ই-নামৰ

অতিৰিক্ত ৪১৫ মাণ্ডি সংযোজনেৰে ই-নাম মাণ্ডি সংখ্যা বৃদ্ধি পাব ১,০০০খনলৈ; ই-নাম মঞ্চত প্ৰায় ১.৬৬ কোটি কৃষক আৰু ১.২৮ লাখ ব্যৱসায়ীৰ নাম পঞ্জীয়ন হৈছে

ভাৰতত ই-নাম অনলাইন মঞ্চই কৃষি বজাৰৰ ব্যাপক সংস্কাৰ সাধন কৰিছেঃ শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

ক’ভিড-১৯ৰ লকডাউনৰ সময়ত ই-নামৰ জৰিয়তে পাইকাৰী বজাৰত সমাগম হ্ৰাস কৰা আৰু যোগান শৃংখলা ক্ষিপ্ৰ কৰি তোলাৰ একাধিক পদক্ষেপ গ্ৰহণ কৰা হৈছেঃ শ্ৰী নৰেন্দ্ৰ সিং টোমৰ

Posted On: 13 APR 2020 8:56PM by PIB Guwahati

ভাৰতীয় কৃষি বিপণন পৰ্টেল ‘ই-নামে’ ১৪ এপ্ৰিলত ৪ বছৰ সম্পূৰ্ণ কৰিব৷ এই উপলক্ষে কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰে ই-নাম কৃষি বিপণন এক অভিনৱ প্ৰচেষ্টা, যিটোৱে কৃষকসকলক ডিজিটেল ব্যৱস্থাৰে বিভিন্ন বজাৰ আৰু ক্ৰেতাৰ কাষলৈ লৈ যায় আৰু মুল্যৰ সংস্কাৰ সাধনত আগ্ৰহেৰে ব্যৱসায়ত লেনদেনৰ পাৰদৰ্শিতা আনে, মানদণ্ডৰ ভিত্তিত দাম আৰু কৃষিজাত সামগ্ৰীৰ বাবে ‘এক ৰাষ্ট্ৰ, এক বজাৰ’ৰ ধাৰণাক বিকশিত কৰে৷ কৃষকৰ উপাদিত সামগ্ৰীৰ বিপণনৰ প্ৰয়োজনীয়তাৰ ওপৰত লক্ষ্য ৰাখি ২০১৬ৰ ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে ২১খন মাণ্ডিৰে শুভাৰম্ভ কৰা ই-নাম আঁচনিত এতিয়া ১৬খন ৰাজ্য আৰু ২খন কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৫৮৫খন মাণ্ডিলৈ বৃদ্ধি পালে৷

তেওঁ লগতে কয় যে অতি শীঘ্ৰে এই মাণ্ডিৰ সংখ্যা ১,০০০ হোৱাকৈ অতিৰিক্ত ৪১৫খন মাণ্ডি বৃদ্ধি কৰা হ’ব৷ তেওঁ কয় যে ভাৰতত ই-নাম অনলাইন মঞ্চই কৃষি বজাৰৰ ব্যাপক সংস্কাৰ সাধন কৰিছে৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ইতিমধ্যে ই-নাম মঞ্চত প্ৰায় ১.৬৬ কোটি কৃষক আৰু ১.২৮ লাখ ব্যৱসায়ীৰ নাম পঞ্জীয়ন কৰা হৈছে৷ কৃষকসকলে বিনামুলীয়াকৈ এই পৰ্টেলৰ পঞ্জীয়ন কৰাৰ লগতে তেওঁলোকৰ উপাদিত সামগ্ৰী সকলো ই-নাম মাণ্ডিত যিকোনো স্থানৰ পৰা বিক্ৰীৰ বাবে আপলোড কৰিব পাৰে৷

ইফালে, লকডাউনৰ পৰিপ্ৰেক্ষিতত কৃষিজাত সামগ্ৰীৰ সময়মতে পৰিবহণ কৰাৰ বাবে ই-নাম মঞ্চই প্ৰচেষ্টা হাতত লৈ কেতবোৰ বৃহ পৰিবহণকাৰী যেনে-ব্লেকবাক, ৰিভিগ’, মাভীয়ান, ট্ৰাক সুবিধা, ট্ৰাক গুৰু, ট্ৰেনজিন ল’জিষ্টিক, ইলাষ্টিক ৰান আদিৰ সৈতে যোগসুত্ৰ স্থাপন কৰিছে৷ ইয়াৰ জৰিয়তে ব্যৱসায়ীসকলে মাণ্ডিৰ পৰা অন্যান্য স্থানলৈ সহজে সামগ্ৰী প্ৰেৰণ কৰিবলৈ সক্ষম হৈছে৷ এই ব্যৱস্থাৰে ব্যৱসায়ীসকলে ই-নাম মঞ্চৰ জৰিয়তে ৭.৭৬ লাখ ট্ৰাকতকৈ অধিক সামগ্ৰী পৰিবহণ আহৰণ কৰিব পাৰিব৷

কেন্দ্ৰীয় কৃষি মন্ত্ৰীয়ে কয় যে লকডাউনৰ সময়ত মন্ত্ৰালয়ে পাইকাৰী বজাৰত সমাগম কম কৰা তথা যোগান শৃংখলা ক্ষিপ্ৰ কৰি তোলাৰ একাধিক পদক্ষেপ গ্ৰহণ কৰিছে৷ সেয়া হৈছে-

-ৱেৰহাউচভিত্তিক ট্ৰেডিং মডিউলৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ উপাদিত সামগ্ৰী পঞ্জীকৃত গুদামত বিক্ৰী কৰাৰ বাবে সক্ষম হ’ব, যাক ডীম বজাৰ বুলি অভিহিত কৰা হৈছে৷

-এফপিঅ’ ট্ৰেডিং মডিউলৰ জৰিয়তে এফিঅ’ই ছবি তথা মানসম্পন্ন ব্যৱস্থাৰে সংগৃহীত সামগ্ৰী আপলোড কৰিবলৈ সক্ষম হ’ব আৰু মাণ্ডিলৈ নোযোৱাকৈ উল্লেখিত সেই লাভ অৰ্জন কৰিব, যাৰদ্বাৰা উপাদিত সামগ্ৰী বিক্ৰী কৰাৰ বাবে ব্যয় হ্ৰাস হোৱাৰ লগতে কষ্টও লাঘৱ হ’ব৷

ভাৰত চৰকাৰৰ কৃষি, সহযোগিতা আৰু কৃষক কল্যান বিভাগৰ সচিব সঞ্জয় আগৰৱালাই কয়, ই-নাম কেৱল এক আঁচনি নহয়, বৰঞ্চ ই এক যাত্ৰা, যাৰ উদ্দেশ্য প্ৰান্তীয় কৃষকলৈকে লাভ প্ৰদান কৰা আৰু তেওঁৰ কৃষিজাত সামগ্ৰী বিক্ৰী কৰাৰ পদ্ধতি সলনি কৰা আৰু তেওঁলোকৰ আয় বৃদ্ধি কৰা৷

এই অনলাইন আৰু স্বচ্চ নিবিদা পদ্ধতিয়ে কৃষকসকলক ই-নাম পদ্ধতিৰে ব্যৱসায় কৰাৰ প্ৰতি উসাহ যোগাই আহিছে৷ এই মঞ্চৰ মুঠ বাণিজ্যিক আয়তন ৩.৩৯ কোটি মেট্ৰিকটন সামগ্ৰী আৰু ৩৭ লাখ বাঁহ আৰু নাৰিকল মু্ল্য ১লাখ কোটি টকা বুলি জানিব পৰা গৈছে৷ বিগত চাৰি বছৰত ইয়াৰ গড় আকাৰ বিকাশৰ হাৰ ক্ৰমে ২৮% আৰু ১৮%কৈ বৃদ্ধি পাইছে৷

আৰম্ভণিতে ২৫বিধ সামগ্ৰীৰ ব্যৱসায় কৰা এই মঞ্চৰ জৰিয়তে এতিয়া ১৫০ সামগ্ৰীৰ ব্যৱসায় কৰা হয়৷ ইতিমধ্যে কৃষকৰ সুবিধাৰ্থে ই-নাম মঞ্চৰ এক ম’বাইল এপো শুভাৰম্ভ কৰা হৈছে৷ ইয়াৰ জৰিয়তে তেওঁলোকে মাণ্ডিত প্ৰৱেশৰ বাবে আগতীয়া পঞ্জীয়ন কৰিব পাৰে৷ সামগ্ৰীৰ মুল্যৰ সবিশেষ তথ্য সময়ে সময়ে পোৱাৰো সুবিধা আছে এই এপত৷ এই মঞ্চই ওজনৰ স্বচ্ছতাও সুনিশ্চিত কৰে৷ কৃষকসকলে ম’বাইল ফোনৰ জৰিয়তে ভীম এপৰ ব্যৱহাৰ কৰি লেনদেন সম্পন্ন কৰে৷ তদুপৰি, এই ম’বাইল এপৰ জৰিয়তে সামগ্ৰীসমূহৰ ৩৬০ ডিগ্ৰী ফটোও তুলিব পৰা যায়৷ বিশেষ সঁজুলিৰ সহায় ২/৩ডি ফটোও আপলোড কৰিব পাৰে৷ ২ডি ফটোৰ জৰিয়তে ব্যৱসায়ীসকলে সামগ্ৰী নমুনা পৰীক্ষা কৰাত সহায় হয়৷

এই মঞ্চৰ জৰিয়তে একাংশ ৰাজ্যই আন্তঃৰাজ্যিক ব্যৱসায়ো আৰম্ভ কৰিছে৷ বৰ্তমানলৈকে ১৩খন ৰাজ্য আৰু কেন্দ্ৰীয় অঞ্চলে এই ব্যৱস্থাৰ সৈতে জড়িত হৈছে৷ সেইবোৰ হৈছে উত্তৰপ্ৰদেশ, উত্তৰাখণ্ড, অন্ধ্ৰপ্ৰদেশ, তেলেংগানা, ৰাজস্থান, গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ, চণ্ডীগড়, হিমাচলপ্ৰদেশ, হাৰিয়ানা, ঝাৰখণ্ড আৰু তামিলনাডু৷ আন্তঃৰাজ্যিক ব্যৱসায়ৰ অধীনত শাক-পাচলি, মাহজাতীয় শস্য, গম, তৈলবীজ, মচলা ইত্যাদিকে ধৰি ২০বিধ সামগ্ৰীৰ ব্যৱসায় সম্ভৱ হৈছে৷

****

APS/PK/MS/DB



(Release ID: 1614502) Visitor Counter : 154