প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Posted On: 14 APR 2020 11:15AM by PIB Guwahati

মোৰ প্ৰিয় দেশবাসী,

ৰোনা বিশ্ব মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজ অধিক শক্তিশালীভাৱে অগ্ৰসৰ হৈছে৷ আপোনালোকৰ তপস্যা, ত্যাগৰ বাবে ভাৰতে এতিয়ালৈকে ৰোনাৰ পৰা বলগীয়া ক্ষতি যথেষ্ট পৰিমাণে কম কৰাত সফল হৈছে৷ আপোনালোকে কষ্ট স্বীকাৰ কৰি দেশ তথা ভাৰতবৰ্ষক ৰক্ষা কৰিছে৷

মই বুজি পাইছো আপোনালোকে কিমান সমস্যাৰ সন্মুখীন হৈছে৷ কাৰোৱাৰ খোৱা-বোৱাৰ সমস্যা, কাৰোবাৰ অহা-যোৱা কৰাত অসুবিধা, কোনোবাজন ঘৰ-পৰিয়ালৰ পৰা বহু দুৰত আছে৷ কিন্ত দেশৰ স্বাৰ্থত, এক নিয়মানুৱৰ্তী জোৱানৰ দৰে নিজৰ কৰ্তব্য পালন কৰি আছে৷ মই আপোনালোক সকলোকে আদৰেৰে প্ৰণাম জনাইছো৷ আমাৰ সংবিধানত যিআমি ভাৰতবাসীবুলি শক্তিৰ কথা কোৱা হৈছে, সেয়াই এই কথাকে প্ৰতিপন্ন কৰিছে৷

বাবা চাহেব ড০ ভীম ৰাও আম্বেদকাৰৰ জয়ন্তী উপলক্ষে মই ভাৰতবাসীৰ হৈ শক্তি, সংকল্পৰে তেওঁৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো৷

বাবা চাহেবৰ জীৱনে আমাক প্ৰতিটো প্ৰত্যাহ্বান নিজৰ সংকল্পশক্তি আৰু পৰিশ্ৰমেৰে নেওচি আগুৱাই যোৱাৰ প্ৰেৰণা দিয়ে৷ মই সকলো দেশবাসীৰ হৈ বাবা চাহেবক প্ৰণিপাত জনাইছো৷

বন্ধুসকল,

বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত সৱৰ সময়৷ স্বাভাৱিকতে ভাৰতত সৱেৰে জীপাল হৈ থাকে৷ বৈশাখী, পহিলা বৈশাখ, পুথাণ্ডু, হাগ বিহু, বিচুৰ সমান্তৰালভাৱে বহু ৰাজ্যত নতুন বছৰৰ আৰম্ভ হয়৷

লকডাউনৰ এই সময়ত দেশৰ লোকসকলে যি নিয়ম পালন কৰি আছে, যিমান সংযমেৰে নিজৰ ঘৰতে থাকি সৱ পালন কৰিছে, সেয়া প্ৰেৰণাদায়ক তথা প্ৰশংসনীয়৷

মই নতুন বছৰত আপোনালোক তথা আপোনালোকৰ পৰিয়ালৰ সু-স্বাস্থ্যৰ লগতে মংগল কামনা কৰিছো৷

বন্ধুসকল, আজি সমগ্ৰ বিশ্বত ৰোনা বিশ্ব মহামাৰীৰ যি স্থিতি সেই সম্পৰ্কে আপোনালোকে ভালদৰে জানে৷ অন্যান্য দেশৰ তুলনাত ভাৰতে সংক্ৰমণ ৰোধত কিদৰে প্ৰচেষ্টা লৈছে, আপোনালোক ইয়াৰ সহযোগী হোৱাৰ লগতে সাক্ষী হৈছে৷

যেতিয়া আমাৰ ইয়াত এগৰাকীও কৰোনাক্ৰান্ত নাছিল, তাৰপূৰ্বেই ভাৰতে কৰোনা প্ৰভাৱিত দেশৰ পৰা অহা যাত্ৰীসকলৰ স্ক্ৰীনিং আৰম্ভ কৰা হৈছিল৷

ৰোনা ৰোগীৰ সংখ্যা ১০০ হোৱাৰ পূৰ্বেই ভাৰতে বিদেশৰ পৰা অহা প্ৰতিগৰাকী যাত্ৰীৰ ১৪দিন আছুতীয়াকৈ থকাটো বাধ্যতামুলক কৰি দিয়াৰ লগতে বহু ঠাইত মল, ক্লাব, জীম বন্ধ কৰি দিলে৷

বন্ধুসকল,

যেতিয়া আমাৰ দেশত কৰোনাক্ৰান্তৰ সংখ্যা ৫৫০ হ, তেতিয়া ভাৰতে ২১দিনীয়া সম্পূৰ্ণ লকডাউনৰ এক বৃহ পদক্ষেপ হাতত লয়৷ ভাৰতে সমস্যা বৃদ্ধি পোৱালৈ অপেক্ষা নকৰিলে, বৰঞ্চ সমস্যা দেখাৰ পাছতে তাক্ষণিকভাৱে সিদ্ধান্ত লৈ তেতিয়াই ইয়াৰ প্ৰতিৰোধ কৰাৰ প্ৰয়াস কৰিলে৷

বন্ধুসকল,

ই এনে এক সংকট, যিটো কোনো দেশৰ লগত তুলনা কৰাটো শুদ্ধ নহয়৷ কিন্তু এইটো সঁচা কথা যে বৰ্তমান বিশ্ব বৃহ বৃহ সামৰ্থবান দেশত কৰোনাক্ৰান্তৰ সংখ্যা চাবলৈ গলে ভাৰত যথেষ্ট নিয়ন্ত্ৰিত স্থিতিতে আছে৷

এমাহ-ডেৰমাহৰ পূৰ্বে একাংশ দেশত কৰোনাক্ৰান্তৰ সংখ্যা প্ৰায় ভাৰতত সমানেই আছিল৷ বৰ্তমান সেই দেশবোৰত ভাৰতৰ তুলনাত কৰোনাক্ৰান্তৰ সংখ্যা ২৫ৰপৰা ৩০ গুন অধিক হৈছে৷ সেই দেশসমূহত হাজাৰ হাজাৰ লোকৰ কৰুণ মৃত্যু হৈছে৷

ভাৰতৰ উকৰ্ষমুলক তথা সংহত দৃষ্টিভংগীৰ লগতে ক্ষিপ্ৰতাৰে সিদ্ধান্ত গ্ৰহণ নকৰা হলে আজি ভাৰতৰ স্থিতি কেনে হলহেতেন সেয়া কল্পনা কৰিলেই নোম সিয়ঁৰি উঠে৷ কিন্তু বিগত দিনৰ অভিজ্ঞতাৰ পৰা এইটো স্পষ্ট হৈছে যে আমি যি পথ বাছি ললো, সেয়া শুদ্ধ৷

সামাজিক দুৰত্ব আৰু লকডাউনৰ প্ৰচুৰ লাভ দেশে পাইছে৷ যদি কেৱল আৰ্থিক দৃষ্টিৰে চাও সেয়া যথেষ্ট লোকচান হোৱা যেন লাগে, কিন্তু ভাৰতবাসীৰ জীৱনৰ স্বাৰ্থত ইয়াৰ কোনো তুলনা নহয়৷ সীমিত সম্পদ স্বত্তেও, ভাৰতে যি পথত অগ্ৰসৰ হৈছে, সেই পথৰ সন্দৰ্ভত আজি বিশ্বজুৰি চৰ্চা হোৱাটো অতি স্বাভাৱিক৷

দেশৰ বিভিন্ন ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত অতি দায়ৱদ্ধতাৰে কাম কৰি আছে, ২৪ ঘণ্টাই প্ৰত্যেকে দায়িত্ব পালনৰ চেষ্টা কৰিছে আৰু পৰিস্থিতি চম্ভালি লৈছে৷

কিন্তু বন্ধুসকল, এই সকলো প্ৰচেষ্টাৰ মাজতো কৰোনা যিদৰে সংক্ৰমণ হৈছে, সেইটোৱে বিশ্বজুৰি স্বাস্থ্য বিশেষজ্ঞ আৰু চৰকাৰসমূহক আৰু অধিক সতৰ্ক কৰিছে৷

ভাৰততো কৰোনাৰ বিৰুদ্ধে যুঁজ অনাগত দিনত কিদৰে আগুৱাই নিয়া হ, আমি কিদৰে বিজয়ী হ, আমাৰ ইয়াৰ লোকচান কিদৰে কম কৰিম, জনসাধাৰণৰ সমস্যাৱলী কিদৰে লাঘৱ কৰিম ইত্যাদি দিশবোৰৰ সন্দৰ্ভত ধাৰাবাহিকভাৱে চৰ্চা হৈছে৷ এই আলোচনাত সকলোৱে এটা কথা কৈছে যে লকডাউনৰ সময়সীমা বৃদ্ধি কৰক৷ একাংশ ৰাজ্যই আগতেই লকডাউন বৃদ্ধিৰ সিদ্ধান্ত লৈছে৷

বন্ধুসকল, সকলো পৰামৰ্শৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এইটো সিদ্ধান্ত লোৱা হল যে ভাৰতত লকডাউন এতিয়া অহা ৩ মেলৈকে বৃদ্ধি কৰা হব৷ অৰ্থা ৩ মেলৈকে আমি সকলোৱেই লকডাউনতে থাকিব লাগিব৷ এই ক্ষেত্ৰত আমি পূৰ্বৰ দৰেই সকলো নিৰ্দেশনা পালন কৰিব লাগিব৷

দেশৰ নাগৰিকৰ ওচৰত এয়া মোৰ অনুৰোধ আৰু প্ৰাৰ্থনা যে আমি কোনোপধ্যে নতুন অঞ্চললৈ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ বিয়পিব দিব নোৱাৰো৷ একোটা অঞ্চলত এগৰাকী নতুন ৰোগী আমাৰ বাবে আশংকাৰ কাৰণ হ’ব পাৰে৷ এগৰাকী ৰোগীৰ দুৰ্ভাগ্যজনক মৃতুৱেও আমাৰ উদ্বিগ্নতা বৃদ্ধি কৰিব৷ গতিকে আমি হট-স্পটক লৈ অত্যন্ত সজাগ হ’ব লাগিব৷ হট-স্পটত পৰিণত হোৱাৰ আশংকা থকা স্থানসমূহৰ ওপৰত আমি চোকা নজৰ ৰাখিব লাগিব৷ নতুন হট-স্পট সৃষ্টিয়ে আমাৰ পৰিশ্ৰম আৰু তপস্যাক অধিক কঠিন কৰি তুলিব৷ সেয়েহে, আমি সকলোৱে মিলি অনাগত সপ্তাহকেইটাত ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ কঠোৰ নীতি-নিৰ্দেশনা আৰু দৃঢ়বদ্ধতা পালন কৰো আহক৷

অহা ২০ এপ্ৰিললৈ প্ৰতিখন চহৰ, প্ৰতিখন আৰক্ষী চকী, প্ৰতিখন জিলা, প্ৰতিখন ৰাজ্যই লকডাউন কিধৰণে পালন কৰা হৈছে, সেয়া মূল্যায়ন কৰিব৷ ক’ৰোনা ভাইৰাছৰ পৰা সুৰক্ষিত হোৱা অঞ্চলসমূহ চিনাক্ত কৰা হ’ব৷ হট-স্পটত কেটেগ’ৰীত অন্তৰ্ভুক্ত নোহোৱা এনে অঞ্চলসমূহত অহা ২০ এপ্ৰিলৰ পৰা নিৰ্বাচিত অত্যাৱশ্যকীয় সেৱাসমূহ মুকলিৰ অনুমতি দিয়া হ’ব পাৰে৷ অৱশ্য, মনত ৰখা ভাল যে এই অনুমতি চৰ্ত প্ৰযোজ্য হ’ব আৰু বাহিৰলৈ ওলাই যোৱাৰ নীতি-নিৰ্দেশনাসমূহ অত্যন্ত কঠোৰ হ’ব৷ নিয়ম ভংগ হ’লে অথবা ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকা সৃষ্টি হ’লে এই অনুমতি লগে লগে প্ৰত্যাহাৰ কৰা হ’ব৷ গতিকে, আমি নিজেই নিজক সজাগ কৰাৰ লগতে আনকো সজাগ কৰিব লাগিব৷ এই সন্দৰ্ভত চৰকাৰে কাইলৈ এক বিস্তৃত নীতি-নিৰ্দেশনা জাৰি কৰিব৷

বন্ধুসকল, ২০ এপ্ৰিলৰ পিছত এই নিৰ্বাচিত অঞ্চলসমূহত সীমিত ৰেহাইৰ ব্যৱস্থা চিন্তা-চৰ্চা কৰা হৈছে একমাত্ৰ আমাৰ দৰিদ্ৰ ভাই-ভনীসকলৰ জীৱন-জীৱিকাৰ প্ৰতি লক্ষ্য ৰাখি৷ যিসকলে, দৈনিক উপাৰ্জন কৰি জীৱন নিৰ্বাহ কৰে, পৰিয়াল পোহপাল দি আছে, তেওঁলোকৰ জটিলতা হ্ৰাস কৰা মোৰ অন্যতম প্ৰধান্যৰ বিষয়৷ প্ৰধানমন্ত্ৰী গৰীব কল্যাণ যোজনাৰ মাধ্যমেৰে তেওঁলোকক সহায় কৰিবলৈ চৰকাৰে পাৰ্যমানে প্ৰয়াস চলাইছে৷ নতুন নিৰ্দেশনা প্ৰস্তুত কৰোতেও তেওঁলোকৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰখা হ’ব৷

এইসময়ছোৱাত ৰবি শস্য চপোৱাৰ কামো চলি আছে৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে কৃষকৰ সমস্যা হ্ৰাস কৰিবলৈ একেলগে কাম কৰি আছে৷

বন্ধুসকল, দেশত ঔষধ, খাদ্য-সামগ্ৰী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী পৰ্যাপ্ত পৰিমাণে মজুত আছে আৰু যোগান শংখল বিঘ্নিত হ’বলৈ দিয়া হোৱা নাই৷ স্বাস্থ্য আন্তঃগাথনি দ্ৰুতগতিৰে বিকশিত কৰি তোলাৰ ক্ষেত্ৰতো আমি পিছপৰি থকা নাই৷ জানুৱাৰীত আমাৰ হাতত আছিল ক’ৰোনা ভাইৰাছ পৰীক্ষাৰ বাবে মাত্ৰ ১টা টেষ্টিং লেবৰেট’ৰী৷ এতিয়া আমাৰ হাতত আছে ২২০টাৰো অধিক কাৰ্যকৰী টেষ্টিং লেব৷ গোলকীয় অভিজ্ঞতাৰ পৰা আমি প্ৰত্যক্ষ কৰিছো যে প্ৰত্যেক ১০,০০০ ৰোগীৰ বাবে প্ৰয়োজন হয় ১,৫০০-১,৬০০ বিছনা৷ ভাৰতত আজি এইপৰ্যন্ত প্ৰায় ১লাখ বিছনা সাজু কৰি তুলিছো৷ অকল এয়াই নহয়, ৬০০ৰো অধিক চিকিৎসালয় ক’ভিড-১৯ৰ চিকিৎসাৰ বাবে সাজু কৰি তোলা হৈছে৷ আমি ক’ব পাৰো যে, এই সুবিধাসমূহ অধিক দ্ৰুতগতিৰে বৃদ্ধি পাই থাকিব৷

বন্ধুসকল, ভাৰতৰ হাতত যিহেতু আমি সীমিত সুবিধা আছে, গতিকে মই ভাৰতৰ যুৱ বিজ্ঞানীসকলক এটা অনুৰোধ জনাব বিচাৰো৷ বিশ্ব কল্যাণ আৰু মানৱ কল্যাণৰ বাবে আপোনালোকে ক’ৰোনা ভাইৰাছৰ ভেকছিন সৃষ্টি কৰাৰ ক্ষেত্ৰত আগভাগ লওক৷

বন্ধুসকল, আমি যদি ধৈৰ্য অটুট ৰাখো আৰু নীতি-নিয়ম মানি চলো, তেন্তে ক’ৰোনাৰ দৰে মহামাৰীক পৰাভূত কৰিবলৈ সক্ষম হ’ম৷ এই বিশ্বাস আৰু আস্থাৰ সৈতে, মই শেষত ৭টা বিষয়ৰ বাবে আপোনালোকৰ সহযোগিতা কামনা কৰিছো৷

প্ৰথম কথা

আপোনাৰ পৰিয়ালত থকা বয়োজেষ্ঠজনৰ যতন লওক, বিশেষকৈ সেইসকলৰ যি দূৰাৰোগ্য ৰোগত আক্ৰান্ত৷ আমি তেওঁলোকৰ অতিৰিক্ত যতন ল’ব লাগিব আৰু ক’ৰোনা ভাইৰাছৰ পৰা নিৰাপদে ৰাখিব লাগিব৷

দ্বিতীয় কথা—

লকডাউনৰ ‘লক্ষ্মণ ৰেখা’ আৰু সামাজিক দূৰত্ব সম্পূৰ্ণৰূপে পালন কৰক৷ লগতে, অনুগ্ৰহ কৰি ঘৰত নিৰ্মিত মুখ ঢকা মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব৷

 

তৃতীয় কথা—

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ অনুগ্ৰহ কৰি আয়ুস মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশাৱলীসমূহ পালন কৰক৷ নিয়মীয়াকৈ গৰম পানী সেৱন কৰক৷

চতুৰ্থ কথা—

ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ আৰোগ্য সেতু মোবাইল এপ ডাউনলোড কৰক৷ লগতে আনকো এইক্ষেত্ৰত উৎসাহিত কৰক৷

পঞ্চম কথা—

পাৰ্যমানে দৰিদ্ৰ পৰিয়ালৰ যতন লওক৷ বিশেষকৈ তেওঁলোকৰ খাদ্যৰ প্ৰয়োজনীয়তা দূৰ কৰাৰ চেষ্টা কৰক৷

ষষ্ঠ কথা—

আপোনাৰ ব্যৱসায় অথবা উদ্যোগত কাম কৰি থকা লোকসকলৰ প্ৰতি দয়াশীল হওক৷ তেওঁলোকক চাকৰিৰ পৰা বাদ নিদিব৷

 

সপ্তম কথা

ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজ দি থকা আমাৰ চিকিৎসক, নাৰ্ছ, চাফাই কৰ্মী আৰু আৰক্ষীৰ লোকসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক৷

বন্ধুসকল, মই আপোনালোকক অহা ৩মে’লৈ লকডাউনৰ নিয়মসমূহ অত্যন্ত আন্তৰিকতাৰে মানি চলিবলৈ আহ্বান জনাইছো৷ য’তেই আছে তাতেই থাকক, সুৰক্ষিত হৈ থাকক৷

 

ভব্যম ৰাষ্ট্ৰে জাগ্ৰুতঃ

আমি সকলোৱে আমাৰ দেশক চিৰশাশ্বত আৰু জাগ্ৰত কৰি ৰাখিম—এই চিন্তাৰে মই মোৰ ভাষণ সামৰিছো৷ 

অশেষ ধন্যবাদ৷

****

VRRK/KP/DB/MS



(Release ID: 1614306) Visitor Counter : 367