কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰালয়
কোম্পানীজ আইন, ২০১৩ৰ অধীনত কোম্পানী সমূহৰ দ্বাৰা সাধাৰণ আৰু বিশেষ প্ৰস্তাৱসমূহৰ গৃহীতকৰণৰ স্পষ্টীকৰণ আৰু ক’ভিড-১৯ৰ ফলত উদ্ভৱ হোৱা শংকাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি কৰা নিয়মাৱলীসমূহ
प्रविष्टि तिथि:
13 APR 2020 8:26PM by PIB Guwahati
৮ এপ্ৰিল ২০২০ তাৰিখে কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা চাৰ্কুলাৰ (সাধাৰণ চাৰ্কুলাৰ নম্বৰ ১৪/২০২০)ৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি ভিডিঅ’ কনফাৰেন্সিং অথবা অন্যান্য অডিঅ’ ভিজুৱেল মাধ্যমেৰে সাধাৰণ বৈঠক অনুষ্ঠিত কৰাৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰালয়ে এনে ধৰণৰ বৈঠকসমূহ অনুষ্ঠিত কৰাৰ বাবে কেৱল বৈদ্যুতিক মাধ্যমহে ব্যৱহাৰ কৰা ক্ষেত্ৰত অন্য এক চাৰ্কুলাৰ (সাধাৰণ চাৰ্কুলাৰ নম্বৰ ১৭/২০২০) আজি জাৰি কৰিছে৷ সেই একে সময়তে সংশ্লিষ্ট কোম্পানীসমূহৰ যিসকল সদস্যৰ ইমেইল আইডি পঞ্জীয়ন হোৱা নাই তেওঁলোকৰ পঞ্জীয়নৰ সুবিধা প্ৰদান কৰাটো নিশ্চিত কৰিব আৰু বাতৰি কাকতত ৰাজহুৱা জাননী প্ৰকাশৰ সময়ত এয়া উপযুক্ত ধৰণে প্ৰকাশ কৰিব৷
সংশ্লিষ্ট কোম্পানীসমূহে ৰাজহুৱা জাননী প্ৰকাশ সময়ত কোনগৰাকী সদস্যই কিমান শ্বেয়াৰ কায়িকভাৱে গ্ৰহণ কৰি আছে অথবা কোনগৰাকী সদস্যই উদ্যোগৰ সৈতে তেওঁৰ ইমেইল ঠিকনা পঞ্জীয়ন কৰা নাই এয়া প্ৰকাশ কৰিব লাগিব আৰু সদস্যসকলে ৰিম’ট ই-ভোটিঙেৰে অথবা ই-ভোটিং ব্যৱস্থাৰে বৈঠকৰ সময়ত ভোটদান কৰিব পাৰিব৷
সৰু কোম্পানী সমূহৰ বাবে অৰ্থাৎ যাক সদস্যসকলৰ পৰা ই-ভোটিঙৰ প্ৰয়োজন নহয়, তেওঁলোকৰ বাবেও সদৃশ পৰিকাঠামো এই চাৰ্কুলাৰত উল্লেখ কৰা হৈছে৷ এই প্ৰক্ৰিয়া ডাক ব্যৱস্থাত হোৱা সমস্যাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে৷
উপৰোক্ত স্পষ্টীকৰণৰ দ্বাৰা এই সংকটকালীন সময়ত ব্যৱসায় অক্ষুণ্ণ ৰখাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে৷ চাৰ্কুলাৰ নম্বৰ ১৭/২০২০ৰ বিষয়ে অধিক জানিবলৈঃ
http://www.mca.gov.in/Ministry/pdf/Circular17_13042020.pdf
****
RM/KMN/MANN
(रिलीज़ आईडी: 1614226)
आगंतुक पटल : 224