ভাৰত চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টাৰ কাৰ্য্যালয়

জনবহুল এলেকাত ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কেতবোৰ সৰল নিৰ্দেশনা জাৰি কৰিলে ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কাৰ্যালয়ে

এই নিৰ্দেশনাৰ উদ্দেশ্য হৈছে বিশ্বজুৰি মহামাৰী ৰোধৰ বাবে ফলপ্ৰসু ব্যৱস্থা হিচাপে পৰিগণিত নিজে হাত ধোৱা সুলভ ব্যৱস্থাৰ সংস্থাপন কৰা

ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা অধ্যাপক কে বিজয় ৰাঘৱন-“পিএছএ কাৰ্যালয়ত ৰখা এই মেনুৱেলে প্ৰতীয়মান কৰিছে কেনেকৈ কৰম থৰচী তথা ফলপ্ৰসূ ব্যৱস্থাৰ অসাধাৰণ ইতিবাছক প্ৰভাৱ থাকে”

অধ্যাপক ৰাঘৱনে সম্প্ৰদায়ৰ নেতা, এনজিঅ’, কৰ্প’ৰেটছ ইত্যাদিক এই ব্যৱস্থাৰ লগতে আন উপায়সমূহ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়

Posted On: 13 APR 2020 7:31PM by PIB Guwahati

জনবহুল এলেকাত ক’ভিড-১৯ৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে কেতবোৰ সৰল নিৰ্দেশনা জাৰি কৰিছে ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কাৰ্যালয়ে৷ বিশেষকৈ যিবোৰ অঞ্চলত সামূহিক শৌচালয়, স্নানাগাৰ আৰু কাপোৰ ধোঁৱা হয়, সেইবোৰ এলেকাৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হৈছে৷

ইয়াৰ মুল উদ্দেশ্য হৈছে অনাময় আৰু স্বাস্থ্যসন্মত কাম-কাজৰ উপায়ৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা, যাৰ জৰিয়তে এই ৰোগ নিয়ন্ত্ৰণত সহায়ক হয়৷

সঘনাই হাত ধোঁৱা ব্যৱস্থাৰ প্ৰয়োজনীয়তাক গুৰুত্ব সহকাৰে লৈ বিশ্বজুৰি মহামাৰী ৰোধৰ বাবে ফলপ্ৰসু ব্যৱস্থা হিচাপে পৰিগণিত নিজে হাত ধোঁৱাৰ বাবে এনে স্থানসমূহত সুলভ ব্যৱস্থাৰ সংস্থাপন কৰিবলৈও নিৰ্দেশনাত উল্লেখ কৰা হৈছে৷

ভৰিৰে চলোৱা ষ্টেচনসমূহে অতি আংশকা থকা এলেকাত প্ৰত্যক্ষভাৱে কোনো সামগ্ৰী চোৱাৰ সমস্যা দুৰ কৰি সংক্ৰমণৰ সম্ভাৱনা কম কৰাৰ লগতে হাত ধোৱাৰ সময়ত পানীও ৰাহি কৰে৷

লকডাউনৰ মাজতো আনকি সমূদায়ৰ স্বেচ্ছাসেৱক আৰু কৰ্তৃপক্ষই স্থানীয়ভাৱে উপলব্ধ সহজলভ্য সামগ্ৰীৰে প্ৰস্তাৱিত ডিজাইন প্ৰস্তুত কৰিবলৈ অনুমতি দিয়া হৈছে৷

ৰাজহুৱা আৰু সমূহীয়া শৌচালয়ত এনে ভৰিৰে চালিত সুবিধা সংস্থাপন কৰিলে হাত ধোঁৱাৰ প্ৰতিও লোকসকল অনুপ্ৰাণিত হ’ব৷

এই নিৰ্দেশনাত সমূদায়ৰ মাজত অনাময় আৰু স্বাস্থ্যসন্মত ব্যৱস্থা বজাই ৰাখিবলৈ শৌচালয় ভালদৰে ব্যৱহাৰ কৰাৰ নিৰ্দেশনাও স্পষ্টকৈ উল্লেখ কৰা আছ৷ সাধাৰণ ব্যৱস্থা যেনে-শৌচালয়ৰ সময়ত সদায় মুখ আৱৰণী আৰু চেণ্ডেল পিন্ধা, ব্যৱহাৰ কৰাৰ পাছতে তক্ষণাত হাত ধোৱা আৰু সামাজিক দুৰত্ব বজাই ৰখাৰ ওপৰত আলোকপাত কৰা হৈছে৷ তদুপৰি, এলেকাটো পৰিস্কাৰ আৰু বীজানুমুক্ত কৰাৰ বাবে বীজানুনাশক ব্যৱহাৰ কৰাৰ বিষয়েও সবিশেষ উল্লেখ আছে৷

ইফালে, ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা অগ্ৰণী কৰ্মী আৰু চাফাই কৰ্মীসকলৰ প্ৰতি সহযোগিতা আগবঢ়োৱা আৰু সন্মান প্ৰদৰ্শনৰ সন্দৰ্ভতো উল্লেখ কৰা আছে৷

ভাৰত চৰকাৰৰ বৈজ্ঞানিক উপদেষ্টা অধ্যাপক কে বিজয় ৰাঘৱনে কয় যে ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে ভাৰতে ঐক্যবদ্ধভাৱে অটাইতকৈ ফলপ্ৰসূ পদক্ষেপ হাতত ল’লে৷ ধাৰাবীৰ দৰে জনবহুল এলেকাৰ প্ৰতি অধিক গুৰুত্ব আৰোপ কৰা প্ৰয়োজন৷ পিএছএ কাৰ্যালয়ত ৰখা এই মেনুৱেলে প্ৰতীয়মান কৰিছে কেনেকৈ কৰম থৰচী তথা ফলপ্ৰসূ ব্যৱস্থাৰ অসাধাৰণ ইতিবাছক প্ৰভাৱ থাকে৷ সম্প্ৰদায়ৰ নেতা, এনজিঅ’ আৰু কৰ্পৰেটছক এই পদক্ষেপসমূহ ৰূপায়ণ কৰিবলৈ আহ্বান জনায়৷

এই নিৰ্দেশনাসমূহ ইংৰাজীৰ বাদেও হিন্দী, মাৰাঠী আৰু উৰ্দুকে ধৰি আমাৰ সকলো স্বীকৃতিপ্ৰাপ্ত ভাৰতীয় ভাষাত উপলব্ধ হ’ব৷

 

****

KGS/DB



(Release ID: 1614183) Visitor Counter : 221